27.6 C
Assam
Tuesday, May 30, 2023

Featured News

প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিলে উত্তৰ-পূবৰপ্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ!

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে উত্তৰ-পূবৰপ্ৰথমখন বন্দে...

জালুকবাৰীৰ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে AECৰ ৭ ছাত্ৰৰ।

মহানগৰীৰ জালুকবাৰীত নিশা সংঘটিত হ’ল এক...

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে ৭৫ টকাৰ মুদ্ৰা।

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি...

গুৱাহাটী পৌৰ নিগমৰ নৱনিৰ্বাচিত মেয়ৰ, উপ-মেয়ৰ আৰু পাৰিষদৰ শপতগ্ৰহণ

Assamese Newsগুৱাহাটী পৌৰ নিগমৰ নৱনিৰ্বাচিত মেয়ৰ, উপ-মেয়ৰ আৰু পাৰিষদৰ শপতগ্ৰহণ

 কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত আজি গুৱাহাটী পৌৰ নিগমৰ পাৰিষদৰ সাধাৰণ নিৰ্বাচনৰ পিছত প্ৰথমখন বৈঠক অনুষ্ঠিত হৈ যায়। পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয়  প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত গুৱাহাটী পৌৰ নিগমৰ নৱ-নিৰ্বাচিত পাৰিষদ, মেয়ৰ আৰু উপ-মেয়ৰে শপত গ্ৰহণ কৰে।

কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই নৱ-নিৰ্বাচিত মেয়ৰ-উপমেয়ৰ তথা  পাৰিষদে সত্যনিষ্ঠাৰে নিজৰ দায়িত্ব পালন কৰাৰ বাবে শপত বাক্য পাঠ কৰোৱায়। আজিৰ এই অনুষ্ঠানতে পদেন সদস্য হিচাপে পূৱ গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য, দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা আৰু ৰাজ্যসভাৰ  সাংসদ ভূৱনেশ্বৰ কলিতাই শপত লয়। গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচিত মেয়ৰ মৃগেন শৰণীয়া আৰু উপ-মেয়ৰ স্মিতা ৰয়কো কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই শপত বাক্য পাঠ কৰোৱায়।

    নৱ-নিৰ্বাচিত গুৱাহাটী পৌৰ নিগমৰ পাৰিষদসকলক উদ্দেশ্যি এক শুভেচ্ছামূলক ভাষণত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংঘলে কয় যে ৰাইজে বহুত আশা কৰি তেওঁলোকক নিৰ্বাচিত কৰিছে। গতিকে নিষ্ঠা সহকাৰে অহা পাঁচবছৰত তেওঁলোকে কাম কৰিব লাগিব। চৰকাৰৰ পূৰ্ণ সহযোগ আৰু সমৰ্থন তেওঁলোকে লাভ কৰিব।

এটা টীমৰ সহায়ত যেনেকৈ এখন খেলত জয়ী হব পাৰি ঠিক তেনেকৈ গুৱাহাটীত কাম কৰিবৰ বাবেও ৬০ গৰাকী পাৰিষদৰ সহায়ত এটা টীম বনাই কামত আগবঢ়াই যাবৰ বাবে চেষ্টা কৰিব লাগিব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তক দিনজোৰা কাৰ্যসূচীৰে এখন কৰ্মশালা পতাৰ কথা দোহাৰে। ষ্ট্ৰীট লাইটৰ জ্বলোৱাৰ ব্যৱস্থা কৰা, জাৱৰ নিস্কাশন কেনেকৈ কৰিব পাৰি তাৰ ওপৰতো তেওঁ বক্তব্য আগবঢ়ায়।

    অনুষ্ঠানত মুখ্য়মন্ত্ৰীৰ প্ৰেছ উপদেষ্টা তথা বিধায়ক জয়ন্তমল্ল বৰুৱা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ দাস, ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা, লোকসভাৰ প্ৰাক্তন সাংসদ ৰমেন ডেকা, গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱাশীষ শৰ্মাকে আদি কৰি কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ বিষয়-ববীয়া, পৌৰ নিগমৰ বিষয়া-কৰ্মচাৰী আৰু যথেষ্ট সংখ্যক বিশিষ্ট ব্যক্তি এই অনুষ্ঠানত উপস্থিত থাকে।

কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত ড° ধ্ৰুৱজ্যোতি হাজৰিকাই আৰম্ভণিৰ পৰা শেষলৈকে আঁত ধৰা অনুষ্ঠানটোৰ শলাগৰ শৰাই আগবঢ়াই নিৰ্বাচনী বিষয়া শেখৰণ ফুকনে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!