কোকৰাঝাৰৰ পৰা গুৱাহাটীত
ক’চিং কৰিবলৈ আহি কিয় আত্মহত্যাৰ পথ বাছি ল’লে তাজমিনাই?

কোকৰাঝাৰৰ পৰা গুৱাহাটীতক’চিং কৰিবলৈ আহি কিয় আত্মহত্যাৰ পথ বাছি ল’লে তাজমিনাই?
Image Source: Ishan News

গুৱাহাটীৰ এটা ব্যক্তিগত ছাত্রী নিবাসত এগৰাকী ছাত্ৰীৰ আত্মহত্যাৰ ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। মহানগৰীৰ ভঙাগড়ৰ সৰ্বোদয়া পথত থকা মিহিৰ কিৰণ পেয়িং গেষ্টত সোমবাৰে বিয়লিৰ ভাগত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনটো। আত্মহননৰ পথ বাছি লোৱা ছাত্ৰীগৰাকী কোকৰাঝাৰৰ তাজমিনা আহমেদ (১৮) বুলি জানিব পৰা গৈছে। পৰৱৰ্তী সময়ত ঘটনাস্থলীত ভঙাগড়ৰ আৰক্ষী উপস্থিত হৈ ছাত্ৰীগৰাকীৰ এইচলৈ প্ৰেৰণ কৰে। জানিব পৰা মতে দুমাহ পূৰ্বে মেডিকেল পৰীক্ষাৰ ক’চিং কৰাৰ বাবে গুৱাহাটীলৈ আহি ছাত্রী নিবাসটোৰ বাসিন্দা হৈছিল ছাত্ৰীগৰাকী। কিন্তু আজি বিয়লিৰ ভাগত ছাত্রী নিবাসটোৰ বাথৰুমত উদ্ধাৰ হয় ছাত্ৰীগৰাকীৰ মৃতদেহ। চিপ লৈ থকা অৱস্থাত মাতৃয়ে প্ৰত্যক্ষ কৰে জীয়াৰীৰ মৃতদেহ। ইয়াৰ পিচতে হাহাকাৰ লাগে ছাত্রী নিবাসটোত। অৱশ্যে বাতৰি লিখা পর্যন্ত ছাত্ৰীগৰাকীৰ আত্মহত্যাৰ কাৰণ জানিব পৰা হোৱা নাই। ইপিনে ছাত্রী নিবাসটোৰ আন আবাসীয়ে জানিবলৈ দিয়ামতে কালি দুপৰীয়া নিজৰ কোঠাতে আন দুই ছাত্ৰীৰ সৈতে শুই আছিল তাজমিনা আহমেদ। কিন্তু হঠাৎ বিছনাৰ পৰা উঠি যোৱা ছাত্ৰীগৰাকী বহু সময় ধৰি বাথৰুমত সোমাই থাকে। এই ঘটনাৰ প্ৰায় এঘণ্টাৰ পিচত ছাত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইচলৈ প্ৰেৰণ কৰে। ঘটনা সন্দৰ্ভত ভঙাগড় আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

GTM Desk