23.6 C
Assam
Sunday, September 25, 2022

Featured News

কেতিয়া পাব মহানগৰবাসীয়ে Water Supply পানী ?

Assamese Newsকেতিয়া পাব মহানগৰবাসীয়ে Water Supply পানী ?

গুৱাহাটীবাসীয়ে বিশুদ্ধ খোৱা পানী লাভ কৰাৰ ক্ষেত্ৰত উত্থাপন হৈছে ডাঙৰ প্ৰশ্নৰ। কেতিয়া লাভ কৰিব মহানগৰবাসীয়ে পানী..?

বছৰ বছৰ ধৰি গুৱাহাটী মহানগৰবাসীক পানী যোগানৰ দায়িত্ব লৈ অৱশেষত ব্যৰ্থতা স্বীকাৰ গেমন ইণ্ডিয়াৰ ৷

গেযন ইণ্ডিয়াৰ কামত অসন্তুষ্ট হৈ গুৱাহাটী মহানগৰ উন্নয়ণ বিভাগে প্ৰতিষ্ঠানৰটোৰ সতে বাতিল কৰিলে চুক্তি।

প্রয়োজনতকৈ অধিক সময় তথা পানী যোগানৰ নিম্নমানৰ কাযক লৈ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে গুৱাহাটী মহানগৰ উন্নয়ণ বিভাগে গ্ৰহণ কৰিলে সিদ্ধান্ত|

উল্লেখ্য যে, ২০০৮ চনতে গেমন ইণ্ডিয়াই গুৱাহাটীত পানী যোগান প্ৰকল্পৰ কাম আৰম্ভ কৰিছিল যদিও সুদীৰ্ঘ ১৪ বছৰে গুৱাহাটীবাসীক বিশুদ্ধ খোৱা পানীৰ যোগান ধৰিবলৈ সক্ষম নহ’ল।

সেয়েহে গুৱাহাটী মহানগৰ উন্নয়ন বিভাগে অৱশেষত গেমন ইণ্ডিয়াৰ সৈতে থকা পূৰ্বৰ চুক্তি বাতিল কৰিলে। ফলত মহানগৰবাসীৰ বিশুদ্ধ খোৱা পানীৰ সমস্যা কেতিয়া সমাধান হ’ব সেয়া এক জটিল প্ৰশ্নৰ বিষয় হৈ পৰিছে ।

অৱশ্যে মন্ত্ৰী অশোক সিংঘালে এই সন্দৰ্ভত মন্তব্য কৰিছে যে, চুক্তি বাতিল হ’লেই পানী যোগান প্ৰকল্পত কোনো বাধাৰ সৃষ্টি নহয়।

আগন্তুক দুমাহৰ ভিতৰত প্ৰকাশ পাব নতুন নিবিদা জাননী । দুমাহত নিবিদা পৰীক্ষা কৰি তৎক্ষণিক কামৰ দায়িত্ব দিব প্রতিষ্ঠানক।

এতিয়া গুৱাহাটীবাসীক পানী যোগানৰ ক্ষেত্ৰত কেনে ধৰণৰ কিমান ফলপ্রসূ হ’ব বিজেপি চৰকাৰ সেইয়া সময়তহে লক্ষণীয় হ’ব৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: