৮ বছৰত ৰাইজৰ এবাৰো খবৰ নোলোৱাৰ গুৰুতৰ অভিযোগ বিধায়িকা সুমন হৰিপ্ৰিয়াৰ বিৰুদ্ধে…

৮ বছৰত ৰাইজৰ এবাৰো খবৰ নোলোৱাৰ গুৰুতৰ অভিযোগ বিধায়িকা সুমন হৰিপ্ৰিয়াৰ বিৰুদ্ধে…

হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়াৰ বিৰুদ্ধে শুকুৰবাৰে তীব্ৰ ক্ষোভ উজাৰিলে অঞ্চল বাসীয়ে। বুল্লট দক্ষিণ শিঙৰা,নলবাৰী সংযোগী পথৰ দুৰৱস্থা দেখি বিধায়িকা সুমন হৰিপ্ৰিয়াৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে ৰাইজ।

ৰাইজৰ ভাষ্য অনুসৰি বিগত ৮ বছৰত এবাৰো ৰাইজৰ খবৰ লোৱা নাই বিধায়িকা গৰাকীয়ে। উল্লেখযোগ্য যে, এই পথছোৱা কামৰূপ নলবাৰী সংযোগী এক মাত্ৰ পথ। বছৰৰ ন মাহে পানীৰ তলত ডুব যায় এই পথছোৱা।

আজিলৈকে পথছোৱা মেৰামতি কৰা দূৰৰ কথা কোনো এজন নেতা,বিভাগীয় কৰ্তৃপক্ষই খবৰ নোলোৱা বুলি ক্ষোভ উজাৰে ৰাইজে। যাৰ ফলত সৰ্বসাধাৰণ ৰাইজৰ যাতায়ত ব্যৱস্থাত বাৰুকৈ সমস্যাৰ সৃষ্টি হৈছে।

ইয়াৰোপৰি ভোট বিচৰাৰ সময়ত বিধায়িকা গৰাকী আহে যদিও এতিয়া দুৰ্যোগৰ সময়ত পিঠি দিয়া বুলিও গুৰুত্বৰ অভিযোগ কৰে।

GTM Desk