হনুমান চালিশা অসমীয়াত | Hanuman Chalisa In Assamese

হনুমান চালিশা অসমীয়াত | Hanuman Chalisa In Assamese

হনুমান চালিশা কি ? ভগৱান হনুমানৰ ঘাথা তথা গুণৰ বর্ণনা কৰি,  ১৬ শতাব্দীৰ এক জনপ্রিয় কবি শ্রী তুলসী দাসৰ ৰচনা কৰা  ( স্তবক বা কবিতাক )  হনুমান চালিশা বুলি কোৱা হয়। ইয়াত ৪০টা শ্লোক আছে সেই বাবে ইয়াক চালিশা কোৱা হয়।  হনুমান চালিশাত ভগৱান হনুমানৰ ১০৮টা নাম লিখা আছে,
তুলসী দাস কোন ? হিন্দু কবি তুলসী দাস গোস্বামীক তুলসী দাস কোৱা হয়।  তেওঁৰ জন্ম ( ১৪৯৭ / ১৫৩২ / ১৬২৩ ) বুলি ধাৰণা কৰা হয়।  তুলসী দাস প্রাচীন ভাৰতৰ  এজন দার্শনিক ও কবি আছিল।

হনুমান চালিশা পাঠ কৰাৰ সময় ? হনুমান চালিশা যিকোনো সময়ত পাঠ কৰিব পাৰি,  কিন্তু কেতিয়াবা যদি কোনো ব্যক্তিয়ে ভয় সংকট নাইবা কিবা বিপদত পৰি বহুত ভয় খায় যায়,  এনেকুৱা সময়ত হনুমান চালিশা পাঠ কৰিব লাগে।  ইয়াৰ ফলত মনৰ ভিতৰত থকা সকলো ভয় দূৰ হৈ যাব।  কেতিয়াবা কেতিয়াবা কিছুমান বেয়া শক্তিক দূৰত ৰাখিবলৈ হনুমান চালিশা পাঠ কৰিব লাগে, হনুমান চালিশা পাঠ কৰিলে বেয়া শক্তিবোৰ দূৰ হৈ যায়।

হনুমান চালিশা পাঠ কৰাৰ নিয়ম ?
যেতিয়া আপুনি হনুমান চালিশা পাঠ কৰিবলৈ বহিব, সেই হনুমান চালিশা কেতিয়াওঁ আধৰুৱাকৈ নপঢ়িব।  হনুমান চালিশা সম্পূর্ণ পাঠ কৰাৰ পাছতহে আপুনি বহাৰ পৰা উঠিব।  চৌপাই কেইটাৰ উচ্চাৰণ ঠিক মতে কৰিব।  হনুমান চালিশা পাঠ কৰাৰ আগতে প্রভু শ্রীৰাম আৰু মাতা সীতাক প্রনাম কৰিব। ২. চালিশা সদায় আসনত বহিহে পাঠ কৰিব, হনুমানজীৰ মূর্তি তথা ফটো উত্তৰ পূব দিশত ৰাখিব।  আৰু হনুমানজীক ৰহিন্দ অর্পণ কৰিব।  আৰু সম্পূর্ণ মনযোগেৰে হনুমান চালিশা পাঠ কৰিব।   হনুমানজীক শ্রদ্ধা শক্তিৰে স্মৰণ কৰিলে আপুনি অনুভৱ কৰিব যে হনুমানজী আপোনাৰ আশে পাশে আছে। হনুমানজীৰ সকলো ৰূপেই শুভ,  কিন্তু আপোনাৰ সন্মুখত ৰাখিব হনুমানজীয়ে আশীর্বাদ দি থকা ফটোখন।  লগতে পানীৰে ভর্তি তামৰ পাত্র ৰাখিব।৩. প্রতিদিনে তিনিবাৰ হনুমান চালিশা পাঠ কৰিব।  হনুমান জয়েন্তিৰ দিনা হনুমান চালিশা ১০৮ বাৰ পাঠ কৰিলে হনুমানজীৰ বিশেষ কৃপা লাভ কৰিব পাৰি।  আৰু জীৱনৰ পৰা সকলো সংকটৰ অন্ত হয়।  হনুমান চালিশা পাঠ কৰা হোৱাৰ পিছত তামৰ পাত্রত থকা পানীখিনি ঘৰত চটিয়াই দিব।  ইয়াৰ ফলত সকলোবোৰ বেয়া নজৰ দূৰ হ’ব।

হনুমান চালিশা পাঠ কৰাৰ উপকাৰিতা

আপোনাৰ যদি টকা পইচাৰ অভাৱ আছে তেনেহলে হনুমান চালিশা পাঠ কৰক, টকা পইচাৰ সমস্যাৰ পৰা মুক্তি পাব। হনুমান চালিশা পাঠ কৰিলে দেহ মন আত্মা শুদ্ধ হয়,  লগতে ৰোগ আদিৰ পৰাও মুক্তি পাব পাৰি।হনুমান চালিশা পাঠ কৰিলে মনৰ ইচ্ছা পূৰণ হয়।  সেয়ে হনুমান চালিশা পাঠ কৰিব লাগে।

হনুমান চালিশা
শ্ৰীগুৰু চৰণ পদ্ম স্মৰি মনে মনে।
কোটি বাৰ প্ৰণামোহো গুৰুৰ চৰণে॥
শ্ৰীৰাম চৰণপদ্ম কৰিয়া স্মৰণ।
চতুবৰ্গ ফল যেন লভো অনুক্ষন॥
বুদ্ধিহীন মই অতি পবন কুমাৰ।
গুচোৱা মনৰ ক্লেশ মনৰ বিকাৰ॥
জয় জয় হনুমান গুণৰ সাগৰ। ১
জয়হে কপীশ-প্ৰভু দয়াৰ আধাৰ॥
শ্ৰীৰামৰ দূত তুমি অতি বলবান।
অঞ্জনাৰ পুত্ৰ তুমি পবনসুত নাম॥ ২
মহাবীৰ ব্ৰজৰঙ্গী তুমি হনুমান।
কুমতি নাশিয়া কৰা সুমতি প্ৰদান॥ ৩
কাঞ্চন বৰণ তযু তুমি হে সুবেশ।
কৰ্ণত কুণ্ডল শোভে কুঁচি কুঁচি বেশ॥ ৪
ধ্বজা বজ্ৰ শোভা কৰে হস্তত তোমাৰ।
কান্ধে শোভা কৰে গদা সুন্দৰৰ ভাৰ॥ ৫
অপৰূপ বাহু তৱ পবন নন্দন।
মহাতেজ জ্যোতিৰূপ জগত বন্দন॥ ৬
বিদ্যাৱান গুণৱান তুমি হে চতুৰ।
শ্ৰীৰামচন্দ্ৰৰ কাৰ্যে তুমি হে আঁতুৰ॥ ৭
সৰ্বদা ৰামৰ আজ্ঞা কৰিছা পালন।
হৃদয়ত লৈ ৰাম সীতা ও লক্ষ্মণ॥ ৮
সূক্ষ্মৰূপ ধৰি তুমি লঙ্কা প্ৰবেশিলা।
বিকট ৰূপৰে লঙ্কা ধ্বংস কৰিলা॥ ৯
ভীমৰূপে কৰা তুমি অসুৰ সংহাৰ।
সৰ্বকাৰ্য্য সিদ্ধি দাতা শ্ৰীৰামচন্দ্ৰৰ॥ ১০
সঞ্জীবন আনি তুমি জীয়ালা লক্ষ্মণ।
ৰঘুবীৰ তাৰ বাবে আনন্দিত মন॥ ১১
ৰঘুনাথে দিলে তোমাক আলিঙ্গন দান।
দান কৰে ভাতৃ স্থান ভৰত সমান॥ ১২
ত্ৰিভুৱনে বিয়পিয় তযু যশ খ্যাতি।
এই বুলি আলিঙ্গন কৰে ৰঘুপতি॥ ১২
সনক ব্ৰহ্মাদি যত দেৱ-মুনিগণ।
নাৰদ সাৰদ আদি দেৱ ঋষিগণ॥ ১৪
যমৰাজ কুবেৰ আৰু দিকপালগণ।
কবি কবিৰে যত ভৰা ত্ৰিভুৱন॥ ১৫
সুগ্ৰীৱৰ উপকাৰ তুমিয়ে কৰিলা।
ৰামৰ লগত মিলাই ৰাজপদ দিলা॥ ১৬
তোমাৰ মন্ত্ৰণা মানে বিভীষণ গণ।
হৈছিল ৰাৱণৰ ভয়ে কম্পমান॥ ১৭
সহস্ৰ যোজন ঊৰ্ধ্বে সূৰ্য্যদেৱে দেখে।
সুমধুৰ ফল বুলি ভাবে একে গ্ৰাসে॥ ১৮
জয় ৰাম বুলি তুমি অসীম সাগৰ।
পাৰ হৈ প্ৰবেশিলা লঙ্কাৰ ভিতৰ। ১৯
দুৰ্গম যতেক কৰ্ম আছে ত্ৰিভুবনে।
সুগম কৰিলা তুমি ’ৰাম-ৰাম’ গানে॥ ২০
শ্ৰীৰামৰ দ্বাৰৰক্ষী ৰামচন্দ্ৰৰ দ্বাৰে।
তযু অনুমতি বিনা সোমাব নোৱাৰে॥ ২১
শৰণ লইনু প্ৰভু আজি যে তোমাৰ।
ভৱ ভয়ে ৰক্ষা কৰা বিপদে আমাৰ॥ ২২
নিজ শক্তি নিজে প্ৰভু কৰা সম্বৰণ।
তোমাৰ হুঙ্কাৰতে কম্পে ত্ৰিভুৱন॥ ২৩
ভূত প্ৰেত পিশাচাদি আহিব নোৱাৰে।
মহাবীৰ তযু নাম সেই সদা ত্মৰে॥ ২৪
ৰোগ নাশ কৰা তুমি সৰ্বপীড়া হৰ।
মহাবীৰ তযু নাম স্মৰে নিৰন্তৰ॥ ২৫
সঙ্কটত হনুমানে ৰক্ষা কৰি যায়।
হনুৰ চৰণে ভক্তি ৰাখিব সদায়॥ ২৬
সৰ্বোপৰি ৰামচন্দ্ৰ তপস্বী ও ৰজা।
শ্ৰীৰামৰ শত্ৰুগণক তুমি দিলা মজা॥ ২৭
তোমাৰ চৰণে যেয়ে মন প্ৰাণ দিব।
জীৱনত সেইজনে সদা সুখ পাব॥ ২৮
প্ৰৱল প্ৰতাপ তযু হে বায়ু নন্দন।
তযু নামে উজ্জ্বলিব এই ত্ৰিভুবন॥
সাধু-সন্যাসীকো ৰক্ষা কৰা মতিমান।
শ্ৰীৰামৰ প্ৰিয় তুমি অতি গুণবান॥ ৩০
অষ্টসিদ্ধি নবসিদ্ধি কিবা যদি আছে।
সকলোই সিদ্ধি হয় তোমাৰে কৃপাতে॥ ৩১
তোমাৰ কাষতে থাকে ৰাম নাৰায়ণ।
ৰামৰ তুমিয়ে দাস জানে সৰ্বজন॥ ৩২।
তোমাৰ ভজন কৰি লভিব ৰামক।
জনমে জনমে সেয়ে দুখ বিমোচক॥ ৩৩
অন্তকালে পাব তেওঁ ৰামৰ চৰণ।
এই সাৰ কথা শুনা সব ভক্তগণ॥ ৩৪
সকলো বিষয় ত্যাগি বোলা হনুমান।
হনুমন্তে সৰ্বসুখ কৰিব প্ৰদান॥ ৩৫
সৰ্বদুখ আঁতৰিব সঙ্কটো কাটিব।
সেইজনে হনুমন্তক স্মৰণ কৰিব॥ ৩৬
জয় জয় জয় প্ৰভু জয় হনুমান।
তযু কৃপা বিনে মোৰ গতি নাই আন॥ ৩৭
যেইজনে শতবাৰ এই পাঠ কৰে।
সকলো অশান্তি তাৰ নাশ হৈ পৰে॥ ৩৮
হনুমান চালিশা যেয়ে সদা পাঠ কৰে।
সিদ্ধি লাভ কৰে আৰু বিপদত তৰে॥ ৩৯
তুলসীদাস সৰ্বদাই শ্ৰীহৰিৰ দাস।
মনৰমন্দিৰত প্ৰভু সদা কৰা বাস॥ ৪০

ত্ৰিপদী

পবন নন্দন সঙ্কট হৰণ
মঙ্গল মুৰুটি ৰূপ।
শ্ৰীৰাম লক্ষ্মণ জানকী ৰঞ্জন
তুমি হৃদয়ৰে ভূপ॥
পবন নন্দন প্ৰবল বিক্ৰম
ৰাম অনুগত অতি।
চালিশা ইয়াতে সমাপ্ত কৰিছো
পদে থাকে যেন মতি॥

-ইতি হনুমান চালিশা-

GTM Desk

Related