চৰকাৰী কর্মচাৰীক প্রহাৰ বিজেপি নেত্রীৰ

0 min read

৭ জুনঃ চৰকাৰী কর্মচাৰীক চেণ্ডেলেৰে প্রহাৰ কৰি বিতর্কত সাঙোৰ খাই পৰা টিক–টক ষ্টাৰ তথা বিজেপি নেত্রী সোণালী ফগতৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে৷ হিছাৰ মার্কেট কমিটীৰ সচিব চুলতান সিঙক ৰাজহুৱাভাৱে চেণ্ডেলেৰে প্রহাৰ কৰাৰ ঘটনা ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছতেই আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে৷ উল্লেখ্য যে প্রহাৰ কৰি নেত্রীগৰাকীয়ে বজাৰ চৌহদত সিঙক ক্ষমা খোজাই কাগজত লিখি লৈছিল৷ এই ঘটনাৰ পাছতেই সিঙে অশালীন ব্যৱহাৰ কৰা বুলি বিজেপি নেত্রীগৰাকীয়ে থানাত অভিযোগ দাখিল কৰে৷ ইয়াকে লৈ পাছত সচিব সিঙেও নেত্রীগৰাকীৰ বিৰুদ্ধে থানাত অভিযোগ দাখিল কৰে৷ কিন্তু আৰক্ষীয়ে সেই অভিযোগ গুৰুত্ব দিয়া নাছিল৷ অৱশেষত ছ’চিয়েল মিডিয়াত ঘটনাটি ব্যাপক চর্চা হোৱাত আৰক্ষীয়ে বিজেপি নেত্রীগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ বাধ্য হয়৷ বিজেপি নেত্রীগৰাকীয়ে এয়া ৰাজনীতি বুলি অভিযোগ কৰিছে৷

You May Also Like

More From Author