Advertisement

হঠাতে মূৰ ঘুৰাই ধলি পৰাৰ ৪ টা আটাইতকৈ ডাঙৰ কাৰণ

হঠাতে মূৰ ঘুৰাই ধলি পৰাৰ ৪ টা আটাইতকৈ ডাঙৰ কাৰণ

হঠাতে কোনো কাৰণ নোহোৱাকৈ মূৰ ঘুৰাই ধলি পৰাৰ ৪ টা ডাঙৰ কাৰণ আছে৷ সেই কেইটা হ’লঃ

১. নিম্ন ৰক্তচাপ

মূৰ ঘুৰাই ধলি পৰাৰ মুখ্য কাৰণ হৈছে নিম্ন ৰক্তচাপ। এইটো বিশেষকৈ সেই লোকসকলৰ বেছি হয়, যি সকলৰ বয়স ৬৫ বছৰতকৈ অধিক হয়।

২. ডিহাইড্ৰেশ্যন

যেতিয়া মানুহৰ শৰীৰ ডিহাইড্ৰেটেড হয়, তেতিয়া পানীৰ পৰিমাণ হ্ৰাস হয় আৰু ৰক্তচাপ হ্ৰাস হোৱাৰ ফলত মূৰ ঘুৰাই ধলি পৰাৰ আশংকা বৃদ্ধি হয়।

৩. মধুমেহ

সাধাৰণতে মধুমেহ ৰোগীসকলৰ ক্ষেত্রত হঠাতে মূৰ ঘুৰাই ধলি পৰাৰ সম্ভাৱনা অধিক হয়, কিয়নো যদি মধুমেহ ৰোগীৰ অধিক প্ৰস্ৰাৱ কৰি থকাত শৰীৰত ডিহাইড্ৰেশ্যনৰ আশংকা অধিক হয়।

৪. হৃদৰোগ

হৃদৰোগক মূৰ ঘুৰাই ধলি পৰাৰ এক গুৰুত্বপূৰ্ণ কাৰণ বুলিও গণ্য কৰা হয়, কিয়নো যেতিয়া এনে হয়, মগজুলৈ তেজৰ যোগান প্ৰভাৱিত হয়। এই ধৰণৰ মূৰ ঘুৰাই ধলি পৰাক চিকিৎসাৰ ভাষাত কাৰ্ডিয়াক চিনকোপ বুলি কোৱা হয়।

 

বিঃদ্রঃ- এই নিবন্ধটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়ুৱৈলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ ল’ব।

Shahnawaz Hamza

Related