Advertisement

বহি থাকোতে ভৰি লৰচৰ কৰাৰ বদঅভ্যাসৰ আঁৰত থাকিব পাৰে কিছু ৰোগ

বহি থাকোতে ভৰি লৰচৰ কৰাৰ বদঅভ্যাসৰ আঁৰত থাকিব পাৰে কিছু ৰোগ

কেতিয়াবা কাম কৰি থাকোতে মানুহে নিজৰ কামত মন কেন্দ্ৰীভূত কৰি ৰাখিবলৈ এনে কিছুমান কাৰ্যকলাপ কৰে যি তেওঁ নিজেই গম নাপায়। ঠিক তেনেদৰে, কিছুমান মানুহে তেওঁলোকৰ মন স্থিৰ কৰি ৰাখিবলৈ ভৰি লৰচৰ কৰি থাকে। শুই থাকোঁতে বা অন্য কাম কৰোতে ভৰি লৰচৰ কৰাটো এক সাধাৰণ অভ্যাস হ’ব পাৰে, কিন্তু ইয়াৰ আঁৰত কিছুমান ৰোগৰ লক্ষণো হ’ব পাৰে।

যদিও ইয়াৰ বহুতো কাৰণ থাকিব পাৰে, কিন্তু ইয়াৰ এটা মুখ্য কাৰণ হৈছে অস্থিৰতা, যি ১০০ ৰ ভিতৰত ১০ শতাংশ লোকৰ ক্ষেত্ৰত এনে হ’ব পাৰে। এইটো এটা স্বাস্থ্যজনিত সমস্যা যি স্নায়ুতন্ত্ৰৰ সৈতে সম্পৰ্কিত। এই সমস্যাটো মহিলা আৰু পুৰুষ দুয়োৰে ক্ষেত্ৰত হয়।

এয়া হৈছে এনে এক স্থিতি য’ত এজন মানুহ এজনে বহি থাকোঁতে আৰু শুই থাকোঁতে হঠাতে বিষ অনুভৱ কৰিব পাৰে আৰু যেতিয়া মানুহে ভৰি লৰচৰ কৰে, এই বিষ হ্ৰাস হ’বলৈ আৰম্ভ কৰে। যেতিয়া এই বেদনাদায়ক স্থিতি বাৰে বাৰে হয়, ইয়াক অস্থিৰ ভৰিৰ লক্ষণ বুলি কোৱা হয়। এই সমস্যাটো আইৰণৰ অভাৱৰ বাবেও হ’ব পাৰে।

যদিও এই লক্ষণটোৰ সঠিক কাৰণ কোৱাটো কঠিন, কিন্তু কেতিয়াবা ই আনুবংশিক কাৰণত হ’ব পাৰে। বহুসময়ত মাক বা দেউতাকৰ বাবে এই সমস্যা হ’ব পাৰে। যিটো পিছলৈ গৈ শিশুৰ ক্ষেত্ৰত হোৱাৰ সম্ভাৱনা অধিক হৈ পৰে।

ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ ফিজিঅ’থেৰাপী চিকিৎসা গ্ৰহণ কৰিব পাৰে। ইয়াৰ বাহিৰেও, পেশীবোৰৰ মালিচ কৰিও ইয়াৰ পৰা আৰোগ্য হ’ব পাৰি।

Shahnawaz Hamza

Related