শীতকালত বহুতৰে ভৰিৰ মোজাৰ পৰা উৎকট দুর্গন্ধ ওলায়,কেনেকৈ হাত সাৰিব এই সমস্যাৰ পৰা

শীতকালত বহুতৰে ভৰিৰ মোজাৰ পৰা উৎকট দুর্গন্ধ ওলায়,কেনেকৈ হাত সাৰিব এই সমস্যাৰ পৰা

শীতকালত বহুতৰে ভৰিৰ মোজাৰ পৰা উৎকট দুর্গন্ধ ওলায়।অফিচ-কাছাৰীত, আড্ডাত বা অনুষ্ঠানত মোজাৰ পৰা ওলোৱা দুর্গন্ধৰ ফলত লাজত পৰিবলগা হয় বা পৰিবেশটো অস্বস্তিকৰ হৈ উঠে।কিন্তু ইয়াৰ পৰা মুক্তিৰ উপায়ো আছে হাততে।

১। মোজা দীর্ঘ সময় ধৰি পিন্ধি নাথাকিবে। ভৰিত দুর্গন্ধ সৃষ্টিৰ সম্ভাৱনা থাকিলে কেইঘণ্টামানৰ মূৰে মূৰে মোজা সলনি কৰক বা মোজা খুলি ভৰিৰ ঘাম শুকাই ল’লে অলপ স্বস্তি পাব পাৰে।

২। কপাহী সূতাৰ মোজা ব্যৱহাৰ কৰক। অন্যান্য উপাদানেৰে তৈয়াৰী মোজা পিন্ধি দিনৰ দিনটো থাকিলে ভৰিৰ ছাল নষ্ট হ’ব পাৰে।

৩। গ্রীষ্মকালত মোজা পিন্ধাৰ অভ্যাস থাকিলে ভৰি-ঢাকা জোতা কোনো কাৰণতেই নিপিন্ধিব। ইয়াৰ ফলত দুর্গন্ধের সমস্যা সহজতে নকমে।

৪। সপ্তাহত এক-দুবাৰ ভৰিত স্ক্রাব আৰু ময়শ্চাৰাইজাৰেৰে ভৰিৰ যত্ন লওক। ভৰিৰ স্বাস্থ্য ঠিকে নাথাকিলে সমস্যা বাঢ়ি যাব পাৰে।

৫। ভৰিত অস্বস্তিবোধ কৰা জোতা বা মোজা নিপিন্ধিব। তাৰ ফলত চলা-ফুৰাত অস্বস্তিতো হয়েই, ভৰিৰ দুর্গন্ধ ওচৰ-পাজৰৰ অন্য ব্যক্তিসকলৰ বাবে বিৰক্তিক কাৰণো হ’ব পাৰে।

GTM Desk

Related