25.5 C
Assam
Wednesday, February 8, 2023

Featured News

গুৱাহাটী মহানগৰীত ভয়ংকৰ প্ৰদূষণ; মহানগৰবাসীৰ বৃদ্ধি পাইছে শ্বাহ – প্ৰশ্বাস জনিত বেমাৰ!

দক্ষিণ-পূৰ্ব এছিয়াৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটী মহানগৰীত ভয়ংকৰ প্ৰদূষণ ৷ দিনক দিনে...

মহানগৰীত পুনৰ সংঘটিত জঘন্য ধৰ্ষণকাণ্ড,ধৰ্ষণৰ বলি ১৩ বছৰীয়া কিশোৰী

বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কঠোৰ পদক্ষেপ লৈ থকাৰ...

মহা শিৱৰাত্ৰিত নলবাৰীত মুকলি হ’ব ৯১ ফুট উচ্চতাৰ মহাদেৱৰ মূৰ্তি!

মহাশিৱৰাত্ৰিৰ দিনটোতে নলবাৰীত ৰাইজৰ বাবে মুকলি হ’ব...

ঔষধ নোখোৱাকৈও মাইগ্ৰেনৰ সমস্যাৰ পৰা উপশম পাব পাৰি

Assamese Newsঔষধ নোখোৱাকৈও মাইগ্ৰেনৰ সমস্যাৰ পৰা উপশম পাব পাৰি

আজিকালি প্ৰায় প্ৰতিটো পৰিয়ালৰ এজন সদস্যৰ হ’লেও মাইগ্ৰেনৰ সমস্যাত ভোগে৷ এই সমস্যা কিমান কষ্টকৰ কেৱল ভুক্তভোগীয়েহে জানে৷ এই সমস্যা যিমান জটিল তাৰ পৰা উপশম পোৱাটো তেনেই সহজ৷ ঔষধ খোৱাৰ পৰিৱৰ্তে মাত্ৰ কেইটামান ঘৰুৱা ব্যৱস্থা ল’লেই সহজে উপশম পাব পাৰি মাইগ্ৰেনৰ সমস্যাৰ পৰা৷ মাইগ্ৰেনৰ সমস্যাৰ প্ৰকৃত কাৰণ উদঘাটন কৰিবলৈ গৱেষণা চলি আছে৷ বিভিন্ন কাৰণে আপোনাৰ মাইগ্ৰেনৰ সমস্যা দেখা দিব পাৰে৷ প্ৰখৰ ৰ’দত বহু সময় থাকিলে,দীৰ্ঘ সময় মোবাইল বা কম্পিউটাৰৰ কামত ব্যস্ত থাকিলেও মাইগ্ৰেনৰ সমস্যা হ’ব পাৰে৷ তদুপৰি টোপনি কম হোৱা,চাইনাচৰ সমস্যা হ’লে অথবা মস্তিষ্কত ৰক্ত সঞ্চালন স্বাভাৱিক নহ’লে মাইগ্ৰেনৰ সমস্যা হ’ব পাৰে৷ মাইগ্ৰেনৰ সমস্যাৰ পৰা উপশম পাবলৈ কি কৰিব–

১. মেগনেচিয়াম,ওমেগা-৩ মিহলি বন্ধাকবিৰ চুপ বা চালাদ খালে মাইগ্ৰেনৰ সমস্যা কমে৷ তদুপৰি গাজৰ আৰু মিঠা আলুত থকা বিটা কেৰ’টিনে মাইগ্ৰেনৰ সমস্যা কমায়৷

২. চেৰি ফলৰ ৰস মাইগ্ৰেনৰ সমস্যা থকা লোকৰ বাবে অতি উপকাৰী৷ চেৰিত থকা প্ৰচুৰ পৰিমাণৰ পলিফেনলছ নামৰ এণ্টি অক্সিডেণ্ট বিধে মানুহৰ ষ্ট্ৰেছ দূৰ কৰে যাৰ ফলত মূৰৰ বিষ কমে৷

৩. মাইগ্ৰেনৰ সমস্যাৰ ক্ষেত্ৰত কাঠফুলা অতি উপকাৰী৷ কাঠফুলাত থকা মেগনেছিয়াম আৰু ৰিব’ফ্লোবিনে মাইগ্ৰেনৰ সমস্যা হ্ৰাস কৰে৷

৪. মাইগ্ৰেনৰ সমস্যাত ভোগা লোকে কেতিয়াও চকলেট,এলকহল,কণী,গাখীৰ আৰু দুগ্ধজাত খাদ্য, পিঁয়াজ,বিলাহী,ময়দাৰ ৰুটি নাখাব৷

৫. মাইগ্ৰেনৰ সমস্যাৰ বাবে মূৰৰ বিষ হ’লে প্ৰচুৰ পৰিমাণে পানী খাব৷ এনে কৰিলে প্ৰচণ্ড বিষৰ পৰা যথেষ্ট পৰিমাণে উপশম পাব পাৰিব৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!