ছালৰ যত্নৰ পৰামৰ্শ: শীতকালত লওঁক ছালৰ যতন, শুকান – ৰুক্ষ ছালৰ পৰা পাওক পৰিত্ৰাণ

ছালৰ যত্নৰ পৰামৰ্শ: শীতকালত লওঁক ছালৰ যতন, শুকান – ৰুক্ষ ছালৰ পৰা পাওক পৰিত্ৰাণ

ছাল ফাটি যোৱাৰ সমস্যাৰ উপৰিও, ছাল ৰঙা পৰা,শুকান হোৱা আদিৰ দৰে নানান সমস্যাই দেখা দিয়ে শীতকালত। কিন্তু যদি শীত কাল হোৱাৰ আগতে ছালৰ যত্ন ল’ব পাৰি৷ তেনেহ’লে শীতত হোৱা ছালৰ বহু সমস্যা পৰিহাৰ কৰিব পৰা যায়।

শীতকালত তেল আধাৰিত ময়েশ্চাৰাইজাৰৰ ওপৰত নিৰ্ভৰ কৰিব পাৰি: যদি ছাল ফাটি যোৱাৰ সম্ভাৱনা থাকে, তেনেহ’লে আগতীয়াকৈ ময়েশ্চাৰাইজাৰ ব্যৱহাৰ কৰাটো গুৰুত্বপূৰ্ণ। এই ক্ষেত্ৰত, কোনো পানী আধাৰিত ময়েশ্চাৰাইজাৰ ব্যৱহাৰ নকৰাকৈ তেল আধাৰিত ময়েশ্চাৰাইজাৰ ব্যৱহাৰ কৰিলে বেছি লাভদায়ক হয়।

আপুনি শীতকালত তেল আধাৰিত নাইট ক্ৰীম প্ৰয়োগ কৰিব পাৰে: শীতকালত নিশা ছালৰ যতন লোৱাৰ বাবে উপযুক্ত সময় ৷ সেয়ে নিশা তেল আধাৰিত নাইটক্ৰীম ব্যৱহাৰ কৰিলে ছালৰ বাবে বহু উপকাৰী হয়৷ ইয়াৰ কাৰণ হৈছে তেল আধাৰিত ক্ৰীমে ছালত পানী আধাৰিত ক্ৰীমতৈয়াৰ কৰিব পৰাতকৈ অধিক স্তৰ প্ৰস্তুত কৰি ছালক সুৰক্ষিত কৰি ৰাখে।

শীতকালত গ্লিছাৰীণ ব্যৱহাৰ কৰক : গ্লীছাৰীণে ৰুক্ষ আৰু শুকান খহটা ছালৰ বাবে এক ঔষধৰ দৰে কাম কৰে৷ গ্লীছাৰীণত থাকে মৌৰ গুণাগুণ ৷ যিটো ছালৰ ৰুক্ষতা দুৰ কৰাৰ বাবে অধিক উপকাৰী হয়৷

GTM Desk

Related