22.5 C
Assam
Monday, March 27, 2023

Featured News

গোৰোহা ফটাৰ সমস্যা? জানি থওক উপশমৰ উপায়….

শীতকালত বহুতৰে ভৰিৰ গোৰোহা ফাটে৷ এই সমস্যা...

হাত-ভৰি জিনজিননি হোৱাটো হ’ব পাৰে গুৰুতৰ ৰোগৰ লক্ষণ

বহুতৰে প্ৰায়ে হাত আৰু ভৰিত জিনজিননি হৈ...

হিকতিৰ পৰা পৰিত্ৰাণ পোৱাৰ সহজ ঘৰুৱা উপায়

সাধাৰণতে পানী কমকৈ খোৱা বা মচলাযুক্ত খাদ্য...

পুৱা শোৱাৰ পৰা উঠিয়েই এই কেইটা কাম ভুলতো নকৰিব!

Assamese Newsপুৱা শোৱাৰ পৰা উঠিয়েই এই কেইটা কাম ভুলতো নকৰিব!

দিনটোৰ আৰম্ভণিতে কোনো বেমেজালিয়ে দেখা দিলে গোটেই দিনটোতে তাৰ নেতিবাচক প্ৰভাৱ পৰে৷ স্বাস্থ্যৰক্ষাৰ কেতবোৰ নিয়ম মানি চলিব পাৰিলে শৰীৰ সুস্থ আৰু সৱল হৈ থাকে৷ এই ক্ষেত্ৰত সময়মতে উঠা, শোৱা, খাদ্য গ্ৰহণ আদিৰ ওপৰত সুস্বাস্থ্য বহু পৰিমাণে নিৰ্ভৰশীল৷ কৰ’না কালত দৈনন্দিনৰ এই ৰুটিন সলনি হোৱাৰ ফলত মানুহ নানা ধৰণৰ ৰোগত আক্ৰান্ত হৈছে৷ দিনটোৰ প্ৰাতঃকালছোৱা সুস্বাস্থ্যৰ বাবে অত্যন্ত প্ৰয়োজনীয়৷ দিনটোৰ কৰ্মসূচী এনেদৰে আৰম্ভ কৰক যে আপোনাৰ মন আৰু শৰীৰৰ ওপৰত ইয়াৰ সু-প্ৰভাৱ পৰে৷ প্ৰাচীন ঋষিমুনিয়ে সুস্বাস্থ্যৰ বাবে সোনকালে উঠা, সময়মতে শোৱা আৰু খোৱা আদিত গুৰুত্ব দিছিল৷ যাৰ বাবে সাধু-মুনিসকলে ৰোগমুক্ত হৈ দীৰ্ঘ জীৱন-যাপন কৰিব পাৰিছিল৷ আজিৰ বিজ্ঞানেও প্ৰাচীন সেই স্বাস্থ্য নীতিক অস্বীকাৰ কৰিব পৰা নাই৷ ‘বডি ক্লক’ নামৰ এটি বিষয় আছে৷ এই ‘বডি ক্লকে’ আমাৰ শৰীৰক পৰিচালনা কৰে৷ শোৱা-উঠা, খোৱা-বোৱা আদি নিয়মমতে নহ’লে এই ‘বডি ক্লকে’ও সঠিকভাৱে কাম নকৰা হয়৷ পুৱা খুব সোনকালে উঠিলে শৰীৰত ভাল প্ৰভাৱ পৰে৷ যিহেতু এই সময়ত ‘কছমিক এনাৰ্জি’ৰ সক্ৰিয়তা বেছি হৈ থাকে৷ পুৱা শুই উঠিয়েই খালী পেটত কেইটামান কাম কৰাটো একেবাৰে অনুচিত৷

বিষ উপশমৰ ঔষধঃ ৰাতিপুৱা খালী পেটতে যিকোনো ধৰণৰ বিষ উপশমৰ ঔষধ খোৱাটো উচিত নহয়৷ কেতিয়াবা অত্যন্ত খাবলগীয়া হ’লেও বিস্কুট বা অন্য কোনো লঘু আহাৰ কৰিহে ঔষধ সেৱন কৰা উচিত৷ খালী পেটত বিষৰ ঔষধ খোৱাটো মাৰাত্মক৷

চুয়িংগামঃ খালী পেটত চুয়িংগাম জাতীয় বস্তু কেতিয়াও খাব নালাগে৷ খালী পেটত চুয়িংগাম খালে ডাইজেষ্টটিক এচিদ তৈয়াৰ হয় যাৰ বাবে গেষ্টিকৰ আশংকা অনেকগুণে বাঢ়ি যায়৷

খালী পেটত চাহ-কফি নাখাবঃ শোৱাৰ পৰা উঠিয়েই চাহ-কফিজাতীয় পানীয় কেতিয়াও নাখাব৷ খালী পেটত চাহ-কফি খালে শৰীৰৰ পুষ্টিগুণ নষ্ট হয়৷ পুৱা শুই উঠিয়েই প্ৰথমে এগিলাচ বিশুদ্ধ পানী সেৱন কৰক৷

মদ্যপানঃ খালী পেটত মদ্যপান মাৰাত্মক৷ খালী পেটতে মদ্যপান কৰিলে শৰীৰ নানা ৰোগত আক্ৰান্ত হ’ব পাৰে৷ কিডনী, লিভাৰ, হাৰ্টৰ ৰোগত সহজে আক্ৰান্ত হ’ব পাৰে৷ তদুপৰি এচিডিটি, বদহজমৰ দৰে সমস্যা সৃষ্টি হ’ব৷

ভিটামিন ‘চি’ জাতীয় ফলঃ খালী পেটত ভিটামিন ‘চি’ জাতীয় ফলমূল খোৱাটো বিপজ্জনক৷ এনে ধৰণৰ ফল খালী পেটতে খালে ছাইত্ৰিক এচিডে পেটত গেছৰ সৃষ্টি কৰে৷

শৰীৰ চৰ্চাঃ বহুতৰ ধাৰণা যে পুৱা খালী পেটতে ব্যায়াম আদি কৰিলে সুফল পোৱা যায়৷ কিন্তু এই ধাৰণা সম্পূৰ্ণ মিছা৷ ইয়াৰ বিপৰীতে খালী পেটতে ব্যায়াম আদি কৰিলে শৰীৰৰ শক্তি হ্ৰাস পায়৷ খালী পেটৰ পৰিৱৰ্তে লঘু আহাৰ গ্ৰহণ কৰি কিছুসময় বিৰতিৰ লোৱাৰ পাছতহে শৰীৰ চৰ্চা কৰিব লাগে৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!