20.6 C
Assam
Friday, February 3, 2023

Featured News

বৃদ্ধ বয়সত স্বাস্থ্য-অৱনতি, পুষ্টিহীনতা আৰু আহাৰ

Assamese Newsবৃদ্ধ বয়সত স্বাস্থ্য-অৱনতি, পুষ্টিহীনতা আৰু আহাৰ

পুষ্টি (nutrient) আটাইতকৈ প্রয়োজনীয় খাদ্যৰ উপাদান, যি বয়সৰ চাপ নপৰাতো সহায় কৰে৷ পুষ্টিহীনতাই বৃদ্ধসকলৰ মাংসপেশীৰ কার্যৰ ক্ষমতা, হাড়ৰ ঘনত্ব, বেমাৰ প্রতিৰোধ ক্ষমতা আদি কমাই আৰু ৰক্তহীনতা, ঘা সোনকালে নুশুকুৱা, বেমাৰৰ পৰা সোনকালে আৰোগ্য নোহোৱা ইত্যাদি কৰে৷ তাৰোপৰি মহিলাৰ (পেশীৰ সংকোচনৰ আভাৱত) যৌন-নলী জৰায়ুৰ সৈতে বাহিৰলৈ ওলাই অহা, পুৰুষৰ প্র’ষ্টেট গ্রন্থিৰ সমস্যা আৰু কাৰোবাৰ মলদ্বাৰ বাহিৰলৈ ওলাই অহা, বাত বিষ হোৱা, টোপনি নধৰা, মেদবহুলতা, ৰক্তচাপৰ সমস্যা, দৃষ্টি শক্তিৰ সমস্যা আদিৰে বৃদ্ধ বয়সক আগুৰি ধৰে৷ এই বয়সত মানুহৰ ভোগ লগা, কিছুমান স্বাভাৱিক শাৰীৰিক প্রবৃত্তি (যৌন সম্ভোগ) আৰু শক্তি ক্ষয় (পৰিশ্রম) কৰাৰ দৰে জৈৱিক (biological) ক্রিয়াৰ ক্ষমতাও কমি আহে৷ সেইদৰেই মাংসপেশী সৰু হৈ যোৱা, দেহৰ খনিজ মৌলৰ সমতা নাইকিয়া হোৱা, গন্ধ আৰু সোৱাদ ল’ব পৰা ক্ষমতা কম হোৱা আৰু সহজে খাদ্য হজম নোহোৱা আদি শাৰীৰতাত্ত্বিক (physiological) ক্রিয়াও দেখা দিয়ে৷ কিছুমান পুৰণি হৈ পৰা ৰোগৰ (chronic) কাৰণেও শাৰীৰত এনে পৰিৱর্তন হয়৷ এই সকলোবোৰ প্রত্যক্ষ বা পৰোক্ষ পৰিৱর্তনতেই বৃদ্ধ বয়সত মানুহ পুষ্টিহীনতাত ভোগে আৰু স্বাস্থ্য অৱনতি হয়৷ মানসিক অস্থিৰতাইও পুষ্টিহীনতাত প্রভাৱ পেলায়৷ বেমাৰ, হতাশা, ব্যৱহাৰ কৰি থাকিব লগীয়া দৰবৰ অতিষ্ঠ আৰু কর্মৰ অৱসৰৰ অৱসাদগ্রস্তৰ পৰা বচাই ৰাখিবলৈ বৃদ্ধ লোকক পৰাপক্ষত সহূদয়েৰে সহায়, যত্ন আৰু মনোযোগ দিয়াত ঘৰখন তথা সমাজৰ প্রয়োজন আছে৷ আনহাতে পুষ্টিহীনতাৰ পৰা বাচি থাকিলে বহুলাংশে স্বাস্থ্য অৱনতিৰ পৰাও বাচিব পাৰে৷ সেয়েহে বৃদ্ধৰ সুষম আহাৰ, পাতলীয়া শ্রম বা ব্যায়াম কৰা, সময়মতে চিকিৎসা, সাধুসংগৰ লগত মনৰ ভাব বিনিময়ৰ সুবিধা, আনন্দেৰে দিন পাৰ কৰা ইত্যাদিতো গুৰুত্ব দিব লাগে৷

আনহাতে কম, অধিক বা অসুষম-শর্কৰা, স্নেহযৌগ, প্রটিন আদি আহাৰৰ দৰে অন্য আহাৰত থকা পুষ্টিয়ে স্বাস্থ্যত বিৰূপ প্রভাৱ পেলাই স্বাস্থ্য অৱনতি ঘটোৱাকেই পুষ্টিহীনতা বোলা হয়৷ বয়স বাঢ়ি যোৱাৰ লগে লগেই পুষ্টিহীনতাত ভোগাটো স্বাভাৱিক৷ এই কাৰণেই বৃদ্ধৰ কাম কৰাৰ ক্ষমতা, মাংসপেশীৰ ক্ষমতা, হাড়ৰ ঘনত্ব, ৰোগ প্রতিৰোধ ক্ষমতা কমি আহে আৰু স্বাস্থ্য অৱনতি হয়৷

জৈৱিক (Biological) আৰু শাৰীৰ-তাত্ত্বিক (Physiological) কাৰণত পাচনতন্ত্রত হোৱা সালসলনি

  • বয়স বৃদ্ধিৰ লগে লগেই পাচনতন্ত্রৰো ক্রিয়া-কলাপ সলনি হৈ পৰে৷ অৱশ্যে কিছুমান ৰোগ, যেনে– মধুমেহ, অগ্ন্যাশয় আৰু যকৃতৰ বেমাৰৰ কাৰণেও এই তন্ত্রত প্রত্যক্ষ সলনিৰ পৰিলক্ষিত হয়৷
  • স্নায়ুকলাৰ অধঃপতন (degeneration) ঘটাৰ বাবে খাদ্যবস্তু চোবোৱা (দাঁত সৰি যোৱাৰ ফলতো), গিলাত অসুবিধা হোৱা, খাদ্যদ্রব্য পাকস্থলীৰ পৰা ওলাই আহিব খোজা আৰু কৌষ্ঠকাঠিন্য হোৱা লক্ষণ দেখা যায়৷ খাদ্যনলী, পাকস্থলী আৰু বৃহদন্ত্রৰ সংকোচন-সম্প্রসাৰণ কম হৈ খাদ্য দ্রব্য চলাচল কৰা কার্য কমি যায়৷ যকৃতৰ পৰা পিত্তৰস কমকৈ ওলায়, যি অন্ত্রৰ বেৰ পিছল কৰি খাদ্য চলাচল কৰাত সহায় কৰে৷ পাচক ৰস নিঃসৰণ কম হয়, যাৰ বাবে হজম শক্তি কমি যায়৷ পাচক ৰসৰ আম্লিকভাগ কমি যোৱাৰ বাবে অন্ত্রত জীৱাণুৰ বংশ বৃদ্ধি বেছি হয়৷ এই জীৱাণুৰ বৃদ্ধিৰ বাবেই খাদ্যৰ সূক্ষ্মপুষ্টি (micro nutrient) শৰীৰে ল’বলৈ নাপায় আৰু শৰীৰৰ ওজন কমি যায়৷
  • অগ্ন্যাশয়ৰ পৰা ওলোৱা পাচক ৰসৰ গুণাগুণতো বিৰূপ প্রভাৱ পৰে৷ যকৃতৰ আকাৰ সৰু হৈ পৰে৷ অন্ত্রৰ পুষ্টি শোষণ কৰাৰ ঠাই বা বেৰৰ আয়তন কম হৈ পৰে৷
  • বয়স বঢ়াৰ লগে লগেই ভোগ কমি যায় আৰু খাদ্য খোৱাৰ পৰিমাণো কমি যায়৷ স্বাস্থ্যৱান বৃদ্ধ মানুহৰো কম ভোগ লাগে৷ খাবলৈ মন নোযোৱা, লাহে লাহে খোৱা, কম পৰিমাণৰ আহাৰ খোৱা বা খাই সোনকালে আমুৱা ইত্যাদি লক্ষণে দেখা দিয়ে৷ ২০ বছৰৰ পাছত ৮০ বছৰলৈ ক্রমান্বৱে গড়ে প্রায় ৩০ শতাংশ আহাৰ খোৱা কমি যায়৷ যাৰ বাবে দেহৰ শক্তি আৰু কার্যক্ষমতা কমি আহে আৰু স্বাস্থ্য অৱনতি ঘটে৷ এই সকলোবোৰ বয়স বঢ়াৰ লগে লগেই পাচক ৰসৰ নিঃসৰণ কমা আৰু পাচনতন্ত্রৰ কর্মৰ সালসলনি হোৱাৰ বাবেই হয়৷

শৰীৰৰ গঠন সলনি

৫০–৬০ বছৰ বয়সলৈ দেহৰ ওজন আৰু ঘনত্ব বাঢ়ি থাকে যদিও ৬০ বছৰৰ পাছত দুয়োটা কমিবলৈ ধৰে৷ ৬০ বছৰৰ পাছত যাৰ ওজন সমতাত থাকে বা থাকিব লগীয়া ওজনত থাকে, তেনে লোক স্বাস্থ্যৱান হৈ থকাৰ আশা থাকে৷ বয়সৰ লগে লগেই দেহত স্নেহকলাৰ (fatty tissue) পৰিমাণ বেছি হৈ পৰে আৰু মাংসপেশী কমি যায়৷ প্রায় ৫০ বছৰ পাছৰ পৰাই মাংসপেশীৰ পৰিমাণ কমিবলৈ ধৰে৷ ইয়াৰ মূল কাৰণটো হৈছে বয়স বঢ়াৰ লগে লগেই শাৰীৰিক কার্য কমি যোৱা আৰু গ্রউথ হৰম’ন, যৌন হৰম’ন আদিৰ নিঃসৰণ কমি যোৱা৷ এই স্নেহকলাবিলাক যকৃত, হূদযন্ত্রৰ চাৰিওফালে অর্থাৎ পেটৰ ভিতৰত বেছিকৈ জমা হয়, য’ত ইন৲চুলিন হৰম’নে সহজে প্রভাৱ পেলাব নোৱাৰে আৰু যাৰ কাৰণে ষ্ট্র’ক, মধুমেহ ৰোগৰ শংকা বাঢ়ে৷

বৃদ্ধ বয়সত ওজন কমাৰ কাৰণ

nস্বাস্থ্যসন্মত আহাৰ নোখোৱা, মানসিক চিন্তা বা অকলশৰীয়াবোধ আৰু কোনো ৰোগৰ বাবে আহাৰ খাব নোৱৰাৰ কাৰণেই শক্তি সন্তুলিত কৰি ৰখাত নেতিবাচক প্রভাৱ পৰে৷

nস্নেহকলাৰ বাহিৰে মাংসপেশী, অংগ, অন্য কলা, হাড় আদিৰ পৰা শৰীৰে শক্তি আহৰণ কৰে৷ বৃদ্ধ বয়সত শৰীৰৰ প্রতিৰোধ ক্ষমতাৰ এক জটিল প্রক্রিয়াৰ বাবে চাইট’কাইন (cytokines) নামৰ প্রটিন নিঃসৰণ হয়, যি অন্য হৰম’ন নিঃসৰণত বাধা দিয়ে৷ তাৰ বাবেই দেহত মাংসপেশী হজম হৈ শক্তি আহৰণ কৰে আৰু ওজন কমি যোৱা পৰিলক্ষিত হয়৷

দেহৰ মাংসপেশী কমি যোৱাটোক চার্ক’পেনিয়া (sarcopenia) বোলা হয়৷ এই চার্ক’পেনিয়াৰ বাবেই দেহৰ শাৰীৰিক কার্যক্ষমতা কমি গৈ শাৰীৰিক শ্রম কমি যায়৷ শ্রম কমাৰ বাবেই পেশীয়ে ভালকৈ পুষ্টি নাপায় আৰু মাংসপেশীৰ বেমাৰ হোৱা দেখা যায়৷ অকল শাৰীৰিক শ্রম কমাৰ বাবেই বেমাৰ হয় বুলি ক’ব নোৱাৰি, ইয়াৰ লগত হৰম’ন, স্নায়ু আৰু চাইট’কাইনো জড়িত আছে৷ বৃদ্ধ বয়সত বিভিন্ন যৌন হৰম’ন, গ্লোক’কর্টিকইড (glucocorticoids) আৰু কেটেক’লামাইন (catecolamine) নামৰ হৰম’ন কমি যায় আৰু চাইট’কাইন নিঃসৰণ বেছি হয়৷ মাংসপেশীৰ মাজত থকা স্নায়ুকোষ অধঃপতন হোৱাৰ বাবেও পেশী দুর্বল আৰু সৰু হৈ পৰে৷ ৰাজহাড়ৰৰ চাৰিওফালে থকা মাংসপেশীৰ স্থিতিস্থাপকতা কমি গৈ মেৰুদণ্ডৰ মাজত থকা স্নায়ুতন্ত্রৰ স্থানান্তৰিত বা টুকুৰা হাড়ৰ চেপা খোৱাৰ বাবেই কঁকাল বিষৰ দৰে বেমাৰ হয়৷

বৃদ্ধ বয়সত ভোগ নলগাৰ কাৰণ

  • সোৱাদ লোৱা আৰু ঘ্রাণ শক্তি কমি যোৱা৷
  • পাকস্থলী খালী হোৱাত পলম৷
  • পাকস্থলী সম্প্রসাৰণ কম হোৱা৷
  • হৰম’ন কম-বেছি হোৱাৰ প্রভাৱ৷
  • আহাৰৰ স্বাদে আৰু গন্ধই মানুহক তৃপ্তি প্রদান কৰে৷ মানুহৰ প্রায় ৫০ বছৰ পাছৰ পৰাই এই দুই শক্তি কমি আহিবলৈ ধৰে আৰু যিমানেই বয়স বাঢ়ে সিমানেই কমে৷ ফলত আহাৰ খালেও মনৰ ৰুচিবোধ নাহে বাবেই খাবলৈ মন নকৰা হয়৷ নোখোৱাৰ বাবেই সূক্ষ্মপুষ্টি দেহত কমি যায় আৰু পুষ্টিহীনতাত ভোগে৷ জিভাৰ স্বাদকলিকা সৰু হোৱা আৰু কমি যোৱাৰ বাবে বৃদ্ধ বয়সত আহাৰৰ সোৱাদ নাপায়৷ স্নায়ুতন্ত্রৰ অধঃপতনৰ বাবেই ঘ্রাণ শক্তিও কমি যায়৷ মগজুত থকা হাইপ’থেলামাচ অংশই ভোগ আৰু আভোগ লগা কার্য নিয়ন্ত্রণ কৰে৷ কেইবিধমান হৰম’নৰ ক্রিয়াকলাপৰ দ্বাৰা ই নিয়ন্ত্রণ হয়৷ বৃদ্ধ বয়সত আভোগ লগা হৰম’নবিধ কলেচিষ্টকাইনিন (cholecytokinin, cck) বেছি নিঃসৰণ হয় বাবেই ভোগ কমকৈ লাগে৷ আৰু ইয়াৰ বাবেই পাকস্থলী খালী হোৱাও পলম হয়৷
  • স্নেহকলাৰ লগত থকা এডিপ’ছ (adipose) নামৰ কলাৰ পৰা লেপ্টিন (leptin) নামৰ হৰম’ন বিধ নিঃসৰণ হয়, যি আমাৰ দেহৰ শক্তি সমতাত ৰখাত সহায় কৰে৷ তেজত কম লেপ্টিন থকা মানে দেহৰ স্নেহকলা ধবংস হৈছে গতিকে খোৱাৰ প্রয়োজন আৰু বেছি লেপ্টিন থকা মানে দেহত স্নেহকলা প্রয়োজন সাপেক্ষে আছে, খাব নলগাৰ দৰে বার্ মগজুলৈ প্রেৰণ কৰে৷ বৃদ্ধ বয়সত লেপ্টিন হৰম’ন বেছি থাকে৷
  • ইন৲চুলিন হৰম’নে শর্কৰা বিপাকত সহায় কৰে আৰু ই আভোগ লগা হৰম’নৰ দৰে কাম কৰে৷

বৃদ্ধ বয়সৰ আহাৰ

বৃদ্ধৰ নামি অহা ভয়ংকৰ দুযোর্গক, বাধা নিয়ন্ত্রণত ৰাখিবলৈ প্রয়োজনীয় পুষ্টি থকা আহাৰ বা সুষম আহাৰ অতি দৰকাৰী৷ পুষ্টিহীনতাৰ বাবে মেদবহুলতা, মধুমেহ ৰোগ হ’ব পাৰে৷ হূদপিণ্ডৰ অসুখ আৰু হাড় খুনখুনীয়া হোৱাৰ দৰে উপসর্গ বৃদ্ধ বয়সত দেখা দিয়ে৷

বৃদ্ধ বয়সত আহাৰৰ পৰিমাণ কমি যায়৷ গতিকে তেখেতসকলৰ বাবে সুষম আহাৰ এনে হোৱাৰ প্রয়োজন, য’ত সকলোবোৰ প্রয়োজনীয় পুষ্টি থাকে৷ বয়স বাঢ়ি অহাৰ লগে লগে শক্তি বর্ধক (স্নেহ বা তেল) আহাৰৰ পৰিমাণ কম হ’ব লাগে, কিয়নো বৃদ্ধ বয়সত শক্তি ক্ষয় কম হয়৷ এনে অৱস্থাত তেনে আহাৰ খালে সেই শক্তি স্নেহকলালৈ ৰূপান্তৰিত হৈ শৰীৰত জমা হয়৷ এই জমা হোৱা স্নেহকলাৰ বাবেই বিভিন্ন প্রকাৰৰ অসুখে দেখা দিয়ে৷ (বৃদ্ধ বয়সৰ সুষম আহাৰ বর্ণনাৰ বাবে বেছি পৰিসৰ প্রয়োজন হেতু এই প্রবন্ধত আলোচনা কৰা নহ’ল)৷

বৃদ্ধ বয়সৰ বাবে তলৰ কথা কেইটা মনত ৰখা উচিত

  • শক্তি বর্ধক আহাৰ (calorie), যেনে– মিঠা, ভজা বা বেছি তেলেতীয়া আহাৰ কমাব লাগে৷
  • শর্কৰা জাতীয় খাদ্য– ভাত, ৰুটী ইত্যাদি কম খাব লাগে আৰু প্রটিন বেছিকৈ খাব লাগে৷
  • অন্যহাতে খাদ্যপ্রাণ আৰু খনিজ মৌল বেছি থকা আহাৰ– গাখীৰ, সজীৱ ফল, সেউজীয়া পাতজাতীয় শাক আৰু পাচলি বঢ়াব লাগে৷
  • কেলচিয়াম মৌল থকা আহাৰ বেছিকৈ খাব লাগে, যাতে হাড়ৰ গঠন ভাল হৈ থাকে৷
  • অনৱৰতে বিছনাত পৰি থকা বৃদ্ধক বেলিৰ পোহৰ গাত লাগিবলৈ দিব লাগে, যি ছালৰ জৰিয়তে দেহত খাদ্যপ্রাণ ‘ডি’ প্রস্তুত কৰে৷
  • দেহত বেছিকৈ জমা হ’ব পৰা তেলৰ সলনি বেলিফুলৰ তেল, ছয়াবিন তেল ব্যৱহাৰ কৰিলে ভাল৷
  • সাধাৰণ চেনি থকা আহাৰ বা তৈয়াৰ কৰি থোৱা পানীয় কমাই খাব লাগে৷
  • আঁহ জাতীয় খাদ্য আহাৰৰ তালিকাত বহাব লাগে, যি কোষ্ঠকাঠিন্যও দূৰ কৰে৷
  • দাঁত সৰিলে কৃত্রিম দাঁত লগোৱাৰ ব্যৱস্থা কৰিব লাগে আৰু কিছুমান টান খাদ্য (মধুৰি, নাৰিকল আদি) গুড়িকৰি হ’লেও খাব লাগে, যাতে দেহত পুষ্টিৰ অভাৱ নঘটে৷
  • আহাৰ দেখাত আকর্ষণীয়, সুগন্ধযুক্ত, মুখত তৃপ্তি দিব পৰা হ’ব লাগে আৰু সকলোৰে লগত পৰিৱেশন কৰিব লাগে যাতে বৃদ্ধজনৰ ভোগ লাগে আৰু খাবলৈ মন যায়৷
  • আহাৰৰ উপৰি সদায় পাতল শাৰীৰিক ব্যায়াম বা শ্রম কৰাৰ ব্যৱস্থা থাকিব লাগে যি মাংসপেশী সুস্থ -সুগঠিত কৰি ৰখাত সহায় কৰিব৷
  • কিছুমান খাদ্য দ্রব্য বা পাচক ৰস নিঃসৰণ আৰু সংকোচ– সম্প্রসাৰণত খেলিমেলি হোৱাৰ বাবে হঠাতে পেটত গেছ হোৱাতো বৃদ্ধ বয়সত স্বাভাৱিক, তেনে অৱস্থাত গেছৰ ঔষধ খোৱাতকৈ এনজাইম জাতীয় ঔষধ খোৱাতো বেছি ভাল৷ কাৰণ গেছৰ ঔষধে পাইখানা বেছি ঢিলা কৰি অস্বস্তি দিব পাৰে৷
  • দিনটোত বহুবাৰ পাইখানা কৰা বা এবাৰ কৰাৰ পিছতেই পুনৰ কৰাটোও স্বাভাৱিক৷ জোঁৱাই, বোৱাৰী আদিলৈ লাজ, ভয় বা এলাহ কৰি পাইখানা নকৰি থকাটোহে বেছি অপকাৰী৷ বেছি সময়লৈ নকৰিলে, পাইখানাত থকা বর্জিত দূষিত পদার্থ (ইন্দল, ক্রেচল, ফেন’ল ইত্যাদি) বৃহদান্তত পুনঃশোষণ হৈ মূৰৰ বিষ বা গা বেয়া লাগিব পাৰে৷ গতিকে বৃদ্ধৰ বাবে পাইখানা ঘৰ এনে স্থানত হ’ব লাগে যাতে বৃদ্ধই যেতিয়াই ইচছা তেতিয়াই যাবলৈ সুচল হয়৷
  • বৃদ্ধই কিমান বাৰ পাইখানা কৰি গা ধুলে তাৰ হিচাপতকৈ কিমান বীজাণুমুক্ত আৰু পৰিষ্কাৰ হৈ আছে, তাৰ প্রতিহে নজৰ ৰাখিব লাগে৷ ৰাতি-বিয়লি কেইবাবাৰো পাইখানা কৰিলে অসুবিধা পালে গা-ধোৱাতো বাধ্যবাধকতা হ’ব নালাগে৷

বৃদ্ধ বয়সৰ লোকক সদায় আনন্দিত, সুখ, আত্মসন্তুষ্টি পোৱা পৰিৱেশত ৰাখিব লাগে৷ মানসিক শান্তিয়ে শাৰীৰিক কার্যক্ষমতা, আত্মদক্ষতা অটুট ৰখাত সহায় কৰে৷ সকলো মানুহেই এদিন এই বৃদ্ধ বয়সৰ স্বাস্থ্য অৱনতিত উপস্থিত হ’বই লাগিব, এয়াই প্রকৃতিৰ নিয়ম৷ গতিকে বৃদ্ধক সহায়ৰ হাত আগবঢ়োৱাটো নিজক সহায় কৰাৰ দৰেই৷ ই সকলৰে কর্তব্য আৰু দায়িত্ব৷

 

 

বিঃদ্রঃ এই আর্টিকেলটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়িবলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ গ্রহণ কৰক ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!