Heart Attackৰ পৰা ৰক্ষা পোৱাৰ আগতীয়া উপায়, হৃদযন্ত্ৰক সুস্থ কৰি ৰাখিবলৈ কি কি খাদ্য খাব?

Heart Attackৰ পৰা ৰক্ষা পোৱাৰ আগতীয়া উপায়, হৃদযন্ত্ৰক সুস্থ কৰি ৰাখিবলৈ কি কি খাদ্য খাব?

হাৰ্ট এটেকক মায়োকাৰ্ডিয়াল ইনফাৰ্কচন (MI) বুলিও কোৱা হয়। হৃদযন্ত্ৰৰ এটা অংশলৈ তেজৰ সোঁত বন্ধ হৈ গ’লে ইয়াৰ সৃষ্টি হয়। হৃদৰোগ আগতীয়াকৈ ধৰা পৰিলে হাৰ্ট এটেক প্ৰতিৰোধত সহায় কৰে।  সুস্থ জীৱন যাপন মানিলে হৃদৰোগ প্ৰতিৰোধ কৰিব পাৰি। তলত হাৰ্ট এটেক প্ৰতিৰোধৰ বাবে কিছুমান হাৰ্ট এটেকৰ সতৰ্কতামূলক কৌশল আৰু টিপছ উল্লেখ কৰা হৈছে। সুস্থ জীৱনশৈলীৰ পৰিৱৰ্তনে হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰে। হাৰ্ট এটেক প্ৰতিৰোধৰ বাবে জীৱনশৈলীৰ কিছুমান সহজ পৰিৱৰ্তন চাওঁ আহক।

১. ধূমপান বন্ধ কৰক। ধুমপানৰ ফলত হৃদৰোগ যথেষ্ট পৰিমাণে বৃদ্ধি পায়।

কলেষ্টেৰলৰ মাত্ৰা পৰীক্ষা কৰি থাকিব আৰু নিয়ন্ত্ৰণ কৰিব।

২. ৰক্তচাপৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাৰ বাবে ব্যায়াম কৰক আৰু শাৰীৰিকভাৱে সুস্থ হওক।

৩. অতিৰিক্ত ওজন হ্ৰাস কৰক আৰু  হৃদযন্ত্ৰক সুস্থ কৰি ৰখাৰ উপযোগী খাদ্য গ্ৰহণ কৰক।

৪. ৮ ঘণ্টা শুবলৈ চেষ্টা কৰক।  মানসিক চাপ নিয়ন্ত্ৰন কৰক তেজৰ শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰক।

স্বাস্থ্যসন্মত খাদ্যই হাৰ্ট এটেক প্ৰতিৰোধ কৰে, তলত হৃদযন্ত্ৰক সুস্থ কৰি ৰখাৰ বাবে কিছুমান খাদ্য গ্ৰহণ কৰাৰ পৰামৰ্শ দিয়া হৈছে:

১. মাছ – মাছত প্ৰটিন, ওমেগা ৩ ফেটি এচিড আৰু অন্যান্য পুষ্টিকৰ উপাদানৰ উত্তম উৎস থাকে, যাৰ ফলত হৃদৰোগৰ সম্ভাৱনা কম হয়।

২. শাক-পাচলি, ফল-মূল, গোটা শস্য, আৰু বীন বেছিকৈ খাব – সেউজীয়া শাক-পাচলিয়ে হৃদৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে।

৩. কৃত্ৰিম ট্ৰেন্স-ফেট সম্পূৰ্ণৰূপে পৰিহাৰ কৰক। বেকাৰী সামগ্ৰী, ফাষ্ট ফুড, ফ্ৰ’জেন পিজ্জা আদি বস্তুৱে  (LDL) কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি কৰে।

৪. মাছ, কুকুৰা (ছালবিহীন), ক্কম চৰ্বিযুক্ত বা চৰ্বিবিহীন দুগ্ধজাত সামগ্ৰী, বাদাম, বীন, টোফু আৰু মাহজাতীয় শস্যৰ সৈতে খাদ্যৰে প্ৰটিনৰ পৰিমাণ বৃদ্ধি কৰিব লাগে।

৫. ৰক্তচাপ নিয়ন্ত্ৰন কৰি ৰাখিবলৈ খাদ্যত নিমখৰ পৰিমাণ কমাব।

GTM Desk

Related