আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ: ধূলিৰ ধুমুহা আৰু ধাৰাষাৰ বৰষুণৰ সম্ভাৱনা

আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ: ধূলিৰ ধুমুহা আৰু ধাৰাষাৰ বৰষুণৰ সম্ভাৱনা

ৰাজ্যত অৱ্যহত আছে পাতলীয়া বৰষুণৰ। বিগত কিছুদিন ধৰি অসমত প্ৰায় দুই-এজাক মজলীয়া বৰষুণ হৈ আছে।

এনে সময়তে দেশৰ একাংশ ৰাজ্যলৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী। দুই এদিনতে আহিব পাৰে ধাৰাষাৰ বৰষুণৰ লগতে বজ্ৰপাত আৰু ধূলিৰ ধুমুহা।

উত্তৰ পূৰ্বাঞ্চলত পাতলীয়া অথবা মধ্যমীয়া বৰষুণৰ সম্ভাৱনা থকা বুলি বতৰ বিজ্ঞান কেন্দ্ৰই উল্লেখ কৰে। অৱশ্যে অসম আৰু মেঘালয়ত ধাৰাষাৰ বৰষুণ অহাৰ সম্ভাৱনা আছে।

আনহাতে দক্ষিণ-পশ্চিম মৌচুমী বায়ুৱে ঘণ্টাত ৪৮ কি.মি. বেগেৰে দক্ষিণ বংগোপসাগৰ, দক্ষিণ আন্দামান সাগৰ আৰু নিকোবৰ দ্বীপৰ কিছু অংশলৈ গতি কৰাৰ সম্ভাৱনা থকা বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিয়ে।

GTM Desk