ফ’ৰলেন ঘাইপথত যান-বাহনৰ সৰ্বাধিক গতিবেগ হ’ব ১০০ কিল’মিটাৰ

1 min read

পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে যান-বাহনৰ গতিবেগ নিৰ্ধাৰণ কৰি চূড়ান্ত অনুমোদন জনাইছে ৰাজ্যিক কেবিনেটে৷ উল্লেখযোগ্য যে পূৰ্বে যান-বাহনৰ গতিবেগত কেবিনেটে অনুমোদন জনাই ৰাইজৰ মতামত গ্ৰহণ কৰিছিল৷

মতামত গ্ৰহণ কৰাৰ অন্তত আজি দিছপুৰত অনুষ্ঠিত কেবিনেটত ফ’ৰলেন হাইৱে’, ৰাজ্যিক ঘাইপথ আৰু পৌৰসভা এলেকাত যান-বাহনৰ গতিবেগত চূড়ান্ত অনুমোদন জেনাৱা হৈছে৷ কেবিনেটে চাহ বাগিচাত নিৰ্মাণ হৈ থকা বিদ্যালয়সমূহ দুটা দিনৰ ভিতৰতে উদ্বোধন কৰাৰ সিদ্ধান্তত অনুমোদন জনাইছে৷

দিছপুৰত অনুষ্ঠিত সংবাদমেলত ৰাজ্য চৰকাৰৰ মুখপাত্ৰ তথা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই কয় যে কেবিনেটৰ সিদ্ধান্ত বিভাগে জাননী জাৰি কৰাৰ পাছত ফ’ৰলেন ঘাইপথত যান-বাহনৰ গতিবেগ সৰ্বাধিক হ’ব  ১০০ কিল’মিটাৰ৷

কৃষি বিভাগৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা সদৰী কৰি মহন্তই কয় যে  ৰাজ্য চৰকাৰে জ্জ বছৰৰ লক্ষ্য লৈ আছাম  মিলেট মিছনৰ প্ৰস্তাৱত অনুমোদন জনাইছে৷ এই মিছন ২০২২-২৩ বছৰৰ  পৰা আৰম্ভ  হ’ব জোৱাৰৰ খেতি কৰিবলৈ উদগনি যোগোৱা হ’ব৷

স্কিল বিশ্ববিদ্যালয়ৰ বাবে এছিয়ান ডেভেলপমেণ্ট বেংকৰ পুঁজি আৰু অন্যান্য অনুমোদনসমূহো আজিৰ কেবিনেটে গৃহীত কৰে৷ মন্ত্ৰী মহন্তই আৰু কয় যে অহা ৩১ মে’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী  চৰকাৰৰ তিনি বছৰীয়া কাৰ্যকাল পূৰ হ’ব৷  সেয়েহে, ৰাজ্যৰ প্ৰতিখন জিলাত এখনকৈ ৰাজহুৱা  সভা অনুষ্ঠিত হ’ব আৰু এই সভাত হিতাধিকাৰীক সাহায্য, অনুদান  আগবঢ়োৱা হ’ব৷

এই সভাসমূহ  মুখ্যমন্ত্ৰী, মন্ত্ৰী, সাংসদ, বিধায়কসকলৰ দায়িত্বত  অনুষ্ঠিত হ’ব৷ এতিয়াৰে পৰা বিভাগসমূহে অনুমোদনৰ বাবে কেবিনেট মেম’ৰেণ্ডামত বিষয়টোৱে নিয়োগ,   আত্মনিৰ্ভৰশীলতা, সামাজিক দায়বদ্ধতা, ৰাজহুৱা স্বাৰ্থৰ ক্ষেত্ৰত কেনেদৰে অৰিহণা যোগাব সবিশেষ বিৱৰণ থাকিব লাগিব৷ ইয়াৰ বাবে কেবিনেটে এটা ফৰমেটত অনুমোদন জনাইছে৷

সংবাদমেলত শিক্ষা বিভাগৰ সিদ্ধান্ত সদৰী কৰি শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে নতুন শিক্ষা নীতি অহা শিক্ষা বৰ্ষৰ পৰা বলৱৎ কৰিব পৰাৰ আশা কৰি কয় যে ইয়াৰ বাবে ৰাজ্য চৰকাৰে ফ্ৰেম ৱৰ্কত অনুমোদন জনাইছে৷ এনে ফ্ৰেমৱৰ্কৰ ভিত্তিত আনৰাজ্য আগবঢ়িছে৷ ফ্ৰেমৱৰ্কৰ ভিত্তিত বিশ্ববিদ্যালয়সমূহে পাঠ্যক্ৰম প্ৰস্তুত কৰিব৷

স্নাতক অধ্যয়ন কৰাসকলে দুটা ছেমেষ্টাৰ অধ্যয়ন কৰি চাৰ্টিফিকেট, চাৰিটা ছেমেষ্টাৰৰ পাছত ডিপ্লমা, ছটা ছেমেষ্টাৰৰ পাছত ডিগ্ৰী লাভ কৰিব৷ আনহাতে, চতুৰ্থ বৰ্ষ অধ্যয়ন কৰিলে  গৱেষণাসহ ডিগ্ৰী লাভ কৰিব৷ একেদৰে  স্নাতকোত্তৰ ক্ষেত্ৰত  প্ৰথম বৰ্ষৰ অধ্যয়ন কৰি ডিপ্লমা, দ্বিতীয় বছৰৰ পাছত ডিগ্ৰী লাভ কৰিব৷ অহা ২৫, চ্ছ চাহ বাগিচা এলেকাত নিৰ্মাণ হৈ থকা ৯৬খনৰ ভিতৰত ৯৫ শতাংশ সম্পূৰ্ণ  হ’ল আৰু এই  বিদ্যালয়সমূহ নিৰ্দিষ্ট কৰা দুটা দিনত মন্ত্ৰীসকলে উদ্বোধন কৰিব৷

You May Also Like

More From Author