মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ শিক্ষাগত অৰ্হতাৰ বিতৰ্ক

1 min read

নিউজ ডেস্ক, ২৩জানুৱাৰী :- মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শিক্ষাগত অৰ্হতাক লৈ social media ত সৃষ্টি হৈছে নতুন বিতৰ্ক। ভাইৰেল হৈ পৰিছে মন্ত্ৰী শৰ্মাই ২০১১ আৰু ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত দাখিল কৰা দুখন পৃথক শপতনামা। মন্ত্ৰী শৰ্মাই ২০১১ চনৰ শপত নামাত ১৯৯৪ চনত কটন কলেজৰ পৰা M.A. ( স্নাকোত্তৰ ) ডিগ্ৰী , ১৯৯৫ চনত গৌহাটী বিশ্ববিদ্যালয়ৰ পৰা LL.B ( আইনৰ স্নাতক ) ডিগ্ৰী লাভ কৰা বুলি উল্লেখ কৰিছিল। আনহাতে ২০১৬ চনৰ শপতনামাত M.A. ( স্নাকোত্তৰ ) আৰু LL.B ( আইনৰ স্নাতক ) দুয়োটা ডিগ্ৰীয়েই ১৯৯৫ চনতে লাভ কৰা বুলি উল্লেখ কৰিছিল।

দুয়োখন শপত নামাত দুটা পৃথক তথ্য উল্লেখক লৈ social media ত নানান জনে মন্ত্ৰীজনলৈ নানান প্ৰশ্ন কৰিছে ?

ইয়াৰোপৰি LL.B ( আইনৰ স্নাতক ) ডিগ্ৰী ২০১১ চনৰ শপত নামা অনুসৰি মাথোঁ এটা বছৰ ব্যৱধানৰ মাজতে আৰু ২০১৬ চনৰ শপত নামা অনুসৰি একেটা বছৰতে কেনেদৰে সম্ভৱন তাক লৈও প্ৰশ্ন উত্থাপন কৰিছে , কিয়নো LL.B ( আইনৰ স্নাতক ) ডিগ্ৰীৰ পাঠ্যক্ৰম হৈছে তিনিবছৰীয়া ।

আনহাতে ২০১৬ চনৰ শপত নামা অনুসৰি ১৯৯৫ চনত মন্ত্ৰী শৰ্মাই M.A. ( স্নাকোত্তৰ ) কটন কলেজৰ পৰা আৰু LL.B ( আইনৰ স্নাতক ) গৌহাটী বিশ্ববিদ্যালয়ৰ পৰা দুয়োটা ডিগ্ৰীয়েই লাভ কৰিছিল। একে সময়তে, একেটা বছৰতে , একেখন বিশ্ববিদ্যালয়ৰ অধীনৰ পৰা দুটা ডিগ্ৰী লাভ কৰাটো কেনেকৈ সম্ভৱ , তাক লৈও প্ৰশ্নবাণ কৰিছে একাংশই।

Affidavit 2016 pdf link – https://www.google.com/url?sa=t&source=web&rct=j&url=http://ceoassam.nic.in/election/ae2016/Affidavits/51/2-HIMANTA%2520BISWA%2520SARMA.PDF&ved=2ahUKEwioqPDtpJnnAhUZb30KHfiKDO8QFjAEegQIBhAJ&usg=AOvVaw3BTmN56ViIN95HfjFLDGlJ

Affidavit 2011 link –
https://www.google.com/url?sa=t&source=web&rct=j&url=http://ceoassam.nic.in/election/al2011/affidavits/51/1-Himanta%2520Biswa%2520Sarma.pdf&ved=2ahUKEwioqPDtpJnnAhUZb30KHfiKDO8QFjADegQIBhAC&usg=AOvVaw1o_Itxvj2W0fLgHCPp8m-K

You May Also Like

More From Author