21.4 C
Assam
Wednesday, December 7, 2022

Featured News

গাৰ পৰা ওলোৱা দুর্গন্ধ আৰু প্রতিকাৰ

Assamese Newsগাৰ পৰা ওলোৱা দুর্গন্ধ আৰু প্রতিকাৰ

প্রত্যেক ব্যক্তিৰ ক্ষেত্রতে গাৰ গোন্ধ সুকীয়া হয়৷ যিটো কোৱাৰ প্রয়োজন নাই৷ কিন্তু কিছুমান ব্যক্তি আছে যিসকলৰ গৰমেই হওক বা ঠাণ্ডায়ে হওক গাৰ গোন্ধ উৎকট হয়৷ যাৰ ফলত ব্যক্তিজন সমস্যাত পৰে৷ কৰবালৈ গলেও তেওঁৰ পৰা কাষত থকাজনেহে বেছি অস্বস্তিত ভোগে৷ সেই কাৰণে এই সমস্যা থাকিলে অন্য ব্যক্তি এজনৰ ওচৰত থিয় হবলৈও বেয়া লাগে বা সংকোচ ভাব আহে৷ এই সমস্যাৰ গুৰুত্বপূর্ণ কাৰণ হল গা ভালকৈ নোধোৱা৷ একেযোৰ কাপোৰকে একেৰাহে পিন্ধি থকা ইত্যাদি৷
কিছুমান সাৱধানতা অৱলম্বন কৰিলেই এই সমস্যাৰ পৰা মুক্ত হব পাৰি৷


যিমান পাৰি শৰীৰটো ঘামমুক্ত কৰি ৰাখিব৷ পৰাপক্ষত দিনটোত দুবাৰ পৰিষ্কাৰ পানীৰে গা ধুব৷ গা ধোৱা পানীখিনিত কেইটোপালমান নেমুটেঙাৰ ৰস মিহলাই লব৷ তদুপৰি পানীখিনিত গোলাপ ফুলৰ ৰস নাইবা পদিনা পাতৰ ৰসো দি লব পাৰে৷ ইয়ে গাৰ পৰা ওলোৱা দুর্গন্ধ দূৰ কৰিব৷ যদি ইচ্ছা কৰে তেন্তে কেইটোপালমান ডেটলো মিহলাই লব পাৰে৷
ভ্রমণৰ শেষত পাৰিলে ঘর্মাক্ত শৰীৰটো ধুই পেলাব৷ অৱশ্যে এটা কথা সদায় মনত ৰাখিব আহি তৎক্ষণাৎ গা নুধুব৷ আধা ঘণ্ঢামান ৰোৱাৰ পিছতহে গা ধুব৷ অন্যথা গৰমে গৰমে আহি গা ধুলে গা অসুখ কৰাৰ সম্ভাৱনা থাকে৷
বিশেষকৈ লক্ষ্য ৰাখিব কাষলটি তলৰ অলাগতিয়াল নোমসমূহ ৰেজৰ বা হেয়াৰ ৰিমভাৰৰ সহায়ত আঁতৰাই পেলাব৷ বিউটী পার্লাৰত গৈ ৱাক্চো কৰিব পাৰে৷ এটা নেমু কাটি লৈ তাৰ ৰস কাষলতিত ঘঁহক আৰু পাঁচ মিনিটৰ পিছত ধুই পেলাওক৷ যিসকলৰ ছাল সংবেদনশীল হয় তেওঁলোকে নেমু ৰসৰ লগত সমপৰিমাণে পানী মিহলাই লব৷ ইয়ে দুর্গন্ধমুক্ত কৰিব৷
দিনটোত একেযোৰ পোছাককে পিন্ধি নাথাকিব৷ অন্তর্বাস দিনটোত পাৰিলে দুবাৰ সলাব৷ কাপোৰ ধোৱা

পানীখিনিত ডেটল মিহলাই লব আৰু ৰদত ভালকৈ শুকাব দিব৷ আধা শুকান বা সেমেকি থকা কাপোৰ নিপিন্ধিব৷ ইয়াৰ পৰা খৰ–খজুৱতি হোৱাৰ সম্ভাৱনা থাকে৷
বেচন আৰু ঘৰতে কৰা দৈ ভালকে মিহলাই যি অংশত বেছিকৈ ঘামে সেই ঠাইত লগাই দহ মিনিটমানৰ পিছত ঠাণ্ডা পানীৰে ধুই পেলাওক৷ সুফল পাব৷
কাপোৰ নোধোৱাকৈ কেতিয়াও দুবাৰ নিপিন্ধিব৷ বেছি টান কাপোৰ নিপিন্ধিব৷ ভাল লাগিল বুলিয়েই বেলেগৰ কাপোৰ কোনো কাৰণতে নিপিন্ধিব৷
গাৰ যত্ন লওঁতে ভৰিকেইটাক অৱহেলা নকৰি সমানে যত্ন লব৷ কাৰণ ইয়াৰ দুর্গন্ধয়ো আমাক লাজত পেলাই নহয় জানো ভৰিৰ ক্ষেত্রতো একেযোৰ জোতা–মোজাকে একেলেথাৰিয়ে নিপিন্ধিব৷ এবাৰ পিন্ধাৰ পিছত জোতাযোৰ ৰদত দিব আৰু মোজাযোৰ ধুই পেলাব৷ জোতা খোলাৰ পিছত ভৰিকেইটা ভালকৈ ধুব৷ পানীখিনিত নেমু ৰস মিহলাই ভৰিকেইটা আঠ–দহ মিনিটৰ কাৰণে ডুবাই ৰাখি ধুই পেলাব৷ ইয়ে ভৰিকেইটাৰ পৰা ওলোৱা দুর্গন্ধ নোহোৱা কৰিব৷ যদি পাৰে সপ্তাহত দুবাৰ বা তিনিবাৰ ঘৰতে পেডিকিউৰ কৰিব৷
এনেকৈ কিছুমান সৰু সৰু নিয়ম মানি চলিলে আপুনি এশ শতাংশই দুর্গন্ধৰ পৰা পৰিত্রাণ পাব আৰু দিনটো নিষ্চিন্ত মনেৰে আনন্দত পাৰ কৰিব পাৰিব৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: