শিৱসাগৰত পুণৰ সক্ৰিয় হৈছে হানি ট্ৰেপিং চক্ৰ: আটক-2

1 min read

শিৱসাগৰ আৰক্ষীয়ে মঙলবাৰে অভিযান চলাই হানি ট্ৰেপিঙৰ দুই মাষ্টাৰ মাইণ্ডক আটক কৰিবলৈ সক্ষম হয়৷ আটকাধীন হানি ট্ৰেপাৰ দুটা ক্ৰমে দিপাঙ্কৰ দাস আৰু অমৰদ্বীপ দাস বুলি জানিব পৰা হৈছে । দিপাঙ্কৰ দাস আৰু অমৰদ্বীপ দাসে ৰুবুল আলি নামৰ আন এটা হানি ট্ৰেপাৰৰ সহযোগত ১৯ ডিচেম্বৰত এজন যুৱকৰ অশ্লীল ফটো আৰু ভিডিঅ’ সংগ্ৰহ কৰিছিল ৷

অভিযুক্ত কেইটাই এগৰাকী যুৱতীৰ লগত যুৱকজনৰ কেতবোৰ আপত্তিজনক ফটো আৰু ভিডিঅ’ সংগ্ৰহ কৰি পাছত ধনদাবী কৰিছিল । হানি ট্ৰেপিং চক্ৰটোৱে যুৱকজনক জালত পেলাই 22 এপ্ৰিলত প্ৰায় ৪ লাখ টকা সৰকাইছিল । ইয়াৰ পাছতো চক্ৰটোৱে অধিক টকা দাবী কৰাত উপায়ন্তৰ হৈ যুৱকজনে শিৱসাগৰ সদৰ থানাত ৩ মে’ত এখন এজাহাৰ দাখিল কৰে ।

উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে চাবিনা বেগম, ৰুবুল আলি, দিপাঙ্কৰ দাস আৰু অমৰদ্বীপ দাসৰ বিৰুদ্ধে CASE NO: 197/22 u/s 120b 387 323 506 ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰাত গোচৰ ৰুজু কৰে । শিৱসাগৰ আৰক্ষীয়ে এই ঘটনাৰ তদন্ত চলাই 3 মে’ত দিপাঙ্কৰ দাস আৰু অমৰদ্বীপ দাসক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

You May Also Like

More From Author