Advertisement

আপুনি যদি ধনী হ’ব বিচাৰিছে, তেন্তে আপুনি এই কেইটা অভ্যাস ত্যাগ কৰক

আপুনি যদি ধনী হ’ব বিচাৰিছে, তেন্তে আপুনি এই কেইটা অভ্যাস ত্যাগ কৰক

সকলো মানুহেই ধনী হ’বলৈ ইচ্ছা কৰে । আজিৰ সমাজত ধনী মানুহৰ আদৰ , সন্মান বেছি । সেইবাবেই মানুহে ধনী হোৱাৰ আশাত দিন-ৰাতি অশেষ কষ্ট কৰা দেখা যায় । যিহেতু টকাই মানুহৰ সকলো আশা পূৰণ কৰে । যান্ত্ৰিক পৃথিৱীত চলিবলৈ ধন ঘটাৰ বাহিৰে অন্য উপায় নাই । কেতিয়াবা মানুহে বহু চেষ্টা কৰিও ধনী হ’ব নোৱাৰে । সেইবাবেই আজি আমি ধনী হোৱাৰ কেইটামান অভ্যাসৰ বিষয়ে আলোচনা কৰিম ।

১/ আপুনি যদি আপোনাৰ বাথৰূমটো নিয়মিত পৰিষ্কাৰ নকৰে , তেন্তে আপুনি কেতিয়াও ধনৱন্ত হ’ব নোৱাৰে । সেইয়েহে আপুনি সদায় নিজৰ বাথৰূমটো পৰিষ্কাৰ আৰু শুকান কৰি ৰখাৰ চেষ্টা কৰক ।

২/ কেতিয়াও খাদ্য নষ্ট নকৰিব । বহু মানুহে নিজৰ খাদ্যৰ আধাখিনি নষ্ট কৰা দেখা যায় । যিটো খুবেই বেয়া অভ্যাস । যদি ধনী হ’ব খুজিছে , তেন্তে তৎকালেই এই অভ্যাস ত্যাগ কৰক ।

৩/ ঘৰৰ সকলো সামগ্ৰী পৰিষ্কাৰ-পৰিচন্ন কৰি ৰাখক । বিশেষকৈ আপোনাৰ শোৱা কোঠাৰ বিচনা পৰিষ্কাৰ কৰি ৰাখিবলৈ নাপাহৰিব । পৰিষ্কাৰ বিচনাই আপোনাৰ ভাগ্য সলনি কৰিব । একেদৰে আপোনাৰ জোতা-চেন্দেল ঘৰৰ বাহিৰত ৰখাৰ ব্যৱস্থা কৰক । ৰাতিপুৱাৰ সমান্তৰালকৈ নিশাও আপোনাৰ বিচনা পৰিষ্কাৰ কৰি ৰখাৰ চেষ্টা কৰক ।

৪/ য’তে-ত’তে থু-খেকাৰ পেলোৱা উচিত নহয় । প্ৰচলিত কথা অনুসৰি, এই অভ্যাসে আপোনাৰ ধন অহাৰ সকলো সুযোগ বন্ধ কৰি দিব ।

৫/ শোৱনিকোঠাৰ ভেণ্টিলেটৰখন দিনটোত এবাৰ হ’লেও অৰ্থাৎ ২০ মিনিটৰ বাবে খুলি ৰখাৰ অভ্যাস কৰক আৰু সদায় মন কৰিব যে ঘৰৰ ঘড়ী কেইটা চলি আছেনে নাই । কাৰণ বন্ধ ঘড়ী কেতিয়াও ঘৰত ৰাখিব নেপায় ।

৬/ ঘৰত এটা একুৰিয়াম ৰাখক আৰু তাত কিছু মাছ ৰখাৰ ব্যৱস্থা কৰক । তেতিয়া আপোনাৰ ভাগ্য আপোনা-আপুনি মুকলি হ’ব । কিন্তু আপুনি একুৰিয়ামৰ পানী সদায় চাফা কৰি ৰাখিব লাগিব ।

বি : দ্ৰ : ওপৰোক্ত পৰামৰ্শসমূহ প্ৰচলিত ধাৰণাৰ ওপৰত প্ৰতিষ্ঠিত । 

Shahnawaz Hamza

Related