Advertisement

ঋত্বিক ৰৌশনৰ প্ৰিয় লঘু আহাৰ হৈছে চিঙৰা

ঋত্বিক ৰৌশনৰ প্ৰিয় লঘু আহাৰ হৈছে চিঙৰা

বলীউড তাৰকা ঋত্বিক ৰৌশনে তেওঁৰ পৰিয়ালৰ প্ৰতি থকা গুৰুত্ব, তেওঁৰ প্ৰিয় লঘু আহাৰ আৰু আজৰি সময়ত কি কৰে সকলো কথা নিজ মুখে প্ৰকাশ কৰিছে।

এক বিশেষ সাক্ষাৎকাৰত অভিনেতাজনে কৈছে যে, ” মোৰ বাবে পৰিয়াল হৈছে জীৱন। এইটোৱেই মোক সাজু কৰি তোলে। পৰিয়ালৰ সৈতে মই মোৰ জীৱন উপভোগ কৰোঁ আৰু সেই জীৱনটো উপভোগ কৰি মই কামলৈ যাওঁ। মই কামলৈ যাওঁ, তাত অভিনয়ত মনোনিবেশ কৰোঁ আৰু পুনৰ মোৰ নিজৰ পৃথিৱীলৈ ঘূৰি আহোঁ।

ইপিনে, বিক্ৰম বেদা ঋত্বিকৰ ২৫ তম চলচ্চিত্ৰ আছিল। ইয়াৰ লগতে চিনেমাৰ প্ৰিয় চৰিত্ৰ সন্দৰ্ভত অভিনেতাজনে কয় যে, “মই আটাইতকৈ কবীৰ (যুদ্ধ ২০১৯) আৰু বিক্ৰম বেদা ২০২২ ৰ চৰিত্ৰ দুটাত অভিনয় কৰি বেছি আনন্দ হৈছিলো ।

আনহাতে, ঋত্বিকে আজৰি সময়ত কৰা কাম সন্দৰ্ভত কয়, “মই আজৰি সময়ত পঢ়িবলৈ ভাল পাওঁ। মই এনে এখন ঠাই বিচাৰি লওঁ য’ত মই শান্তিৰে বহি কেৱল কিতাপ পঢ়িব পাৰো। যেতিয়া মই কিতাপ পঢ়ো, মই চাপমুক্ত হও। কেতিয়াবা মই কিতাপ পঢ়িব নোৱাৰো ,কিয়নো চিনেমাৰ স্ক্ৰীপ্ত পঢ়ি মনত কৰিব লগা হয়। মই কেৱল তেতিয়াহে পঢ়িব পাৰো যেতিয়া মোৰ মন সম্পূৰ্ণভাৱে মুক্ত হৈ থাকে এইটো এটা কাম যাক মই বৰ ভাল পাওঁ।”

ইপিনে, ঋত্বিকক প্ৰায়ে এজন সঠিক ফিটনেছৰ উদাহৰণ বুলি গণ্য কৰা হয়। কিন্তু সকলোৱে জানি আচৰিত হ’ব যে ঋত্বিকৰ প্ৰিয় লঘু আহাৰ হৈছে চিঙৰা।

এই সন্দৰ্ভত ঋত্বিকে কয় যে, “মই যেতিয়া চিনেমাত জড়িত হৈ থাকো মই বহুত নীতি-নিয়ম মানি চলো, কিন্তু এনে আন সময়ত মই চিঙৰা খাই বৰ ভাল পাও। মই এবাৰত বহুকেইটা চিঙৰা খাই দিব পাৰো।”

Shahnawaz Hamza