20.6 C
Assam
Friday, February 3, 2023

Featured News

যৌন শিক্ষাৰ অভাৱৰ বাবে বিবাহোত্তৰ সম্পৰ্কত অস্বস্তি!

Assamese Newsযৌন শিক্ষাৰ অভাৱৰ বাবে বিবাহোত্তৰ সম্পৰ্কত অস্বস্তি!

যৌন শিক্ষাৰ অভাৱৰ বাবে বিবাহোত্তৰ সম্পৰ্কত অস্বস্তি! বিশেষজ্ঞ পল্লৱী বাৰ্নৱালে দিছে সমাধান

যৌন শিক্ষা বা যৌনজ্ঞান সকলোৰে মাজত নাথাকে। আমাৰ সমাজত বিবাহলৈকে এগৰাকী নাৰী ‘ভাৰ্জিন’ বা কুমাৰী হৈ থকাৰ প্ৰত্যাশা ৰখা হয়। এনেকুৱাত নিৰুদ্বেগতাই বহু সময়ত একাংশক এই সন্দৰ্ভত সংকুচিত কৰি ৰাখে। এনে সংকুচনৰ প্ৰভাৱ পৰে বৈবাহিক সম্পৰ্কতো। এনেক্ষেত্ৰত কেনেকৈ এক সুস্থ সম্পৰ্ক ধৰি ৰাখিব সেই সন্দৰ্ভত সমাধান আগবঢ়াইছে বিশেষজ্ঞ পল্লৱী বাৰ্নৱালে।

প্ৰশ্নঃ মই এগৰাকী কুমাৰী (virgin) আৰু যৌনজ্ঞান মোৰ ইমান নাই। মই শাৰীৰিক সম্পৰ্কক লৈ আতংকিত।

1) পৰ্ণ মিছা। আমাৰ বেছিভাগ মানুহে পৰ্ণ চাই যৌনতাৰ বিষয়ে শিকে। প্ৰথমে এই ধাৰণাক মনৰ পৰা উলিয়াই দিয়ক। পৰ্ণ ভিডিওটোত দেখা পোৱা মানুহ প্ৰশিক্ষিত আৰু এই কামত তেওঁলোক পেছাদাৰী তথা স্ক্ৰীপ্ট মতে তেওঁলোকে ক্ৰিয়া–কৌশল দেখুৱায়। এই কাৰ্য স্বতঃস্ফুৰ্ত নহয়। যেনে চিনেমাৰ কিছু অনাংকাক্ষিত দৃশ্য কাটি দিয়া হয় তথা এডিটিং কৰি এফেক্টছ লগাই মানুহৰ মাজলৈ দিয়া হয় ইয়াতো একেই কাৰ্য হয়। এয়া বাস্তৱ চেক্স নহয়। আপুনি যৌন কাৰ্যত ৫০টা বেলেগ বেলেগ প’জ জানিব নালাগে। নিজৰ সংগীৰ পৰাও অতি কাৰ্য আশা নকৰিব। তেওঁ পেছাদাৰী পৰ্ণষ্টাৰ নহয়। গতিকে পৰ্ণ ভিডিও পাহৰি স্বাভাৱিকভাৱে যৌন মিলনত গুৰুত্ব দিয়ক।

2) এইটো জৰুৰী নহয় যে আপোনাৰ প্ৰথম অভিজ্ঞতা বেদনাদায়ক হ’ব বা ৰক্তক্ষৰণ হ’বই। হাইমেন ভঙাটো কুমাৰীত্ব (virginity) প্ৰমাণ কৰাৰ বিশ্বাসযোগ্য সংকেত নহয়। বহুতো মহিলাৰ হাইমেন আগতেই কিবা কামৰ কাৰণে বা শাৰীৰিক গতি বিধিৰ যেনে চাইকেল চলোৱা আদি কাৰ্যৰ কাৰণে পূৰ্বেই ভাগে। সেইকাৰণে বেছিভাগ মহিলাৰে চেক্সৰ সময়ত তেজ নোলায়। যদি আপোনাৰ হাইমেন ভগা নাই তেতিয়াও এইটো খুব পাতল তৰপ আৰু এটোপা বা দুটোপা তেজহে ওলাব পাৰে। অৱশ্যে প্ৰথমবাৰ সম্ভোগত penetrationৰ সময়ত কিছুপলৰ কাৰণে বিষ বা অস্বস্তি হ’ব পাৰে। কিন্তু এইবোৰৰ পৰা বাচিবলৈ চেক্সৰ পূৰ্বে foreplayৰ পৰামৰ্শ দিয়া হয়। ইয়াৰ জৰিয়তে যোনীৰ শিথিলতা নোহোৱা হয় আৰু বাটটো নমনীয় হৈ পৰে। সেইদৰে anal sexৰ কাৰণে ভাল কোৱালিটিৰ লুব্ৰিকেটৰ যি দোকানত বা অনলাইনত পোৱা যায় ব্যৱহাৰ কৰক। নিজৰ সংগীক কওক যাতে আপোনাক ভালকৈ উত্তেজিত কৰে যৌন মিলনৰ পূৰ্বে। প্ৰথম অৱস্থাত যৌন কাৰ্যসমূহ বেদনাহীন হ’ব লাগে।

3) সুৰক্ষিত হৈ থাকক। কণ্ডম বা গৰ্ভনিৰোধক ব্যৱহাৰ কৰক। একাংশ মানুহে দুটা কণ্ডম ব্যৱহাৰ কৰে অধিক সুৰক্ষাৰ কাৰণে কিন্তু এইটো সঠিক নহয়। দুয়োটা ঘহনি খাই ফাটিব পাৰে। সেইকাৰণে এটাই যথেষ্ট। যদি আপুনি কিবা lubricantৰ প্ৰয়োগ কৰিছে তেনেহ’লে ল্যুবৰ ব্যৱহাৰ কৰক যি এইটো কাৰ্যৰ কাৰণে ভাল। বেলেগ তেল বা সামগ্ৰীৰ প্ৰয়োগ কৰিলে কণ্ডম ফাটিব পাৰে।

4) মন লগাই চাপমুক্ত হৈ সংগীৰ সৈতে এই ক্ষণৰ আনন্দ লওক। আপোনাৰ উত্তেজনা যথেষ্ট সময় নাথাকিব পাৰে বা হ’ব পাৰে যে আপোনাৰ যোনীৰ নমনীয়তাও বেছিভাগ নাথাকে। গতিকে নিজৰ ভাললগা–বেয়া লগা সংগীৰ সৈতে পাতি সম্পৰ্ক উপভোগ কৰক। বেছি প্ৰত্যাশা নৰখাকৈ কেনেকৈ সম্পৰ্ক ভাল কৰি ৰাখিব পাৰি সেয়া শিকি লওক।

 

 

 

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!