Hypertension আৰু COVID-19….

1 min read

কোভিড-১৯ য়ে বিভিন্ন লোকক বিভিন্ন ধৰণে প্ৰভাৱিত কৰিব পাৰে। বেছিভাগ সংক্ৰমিত ব্যক্তিৰ সাধাৰণ বেমাৰ দেখা দিয়ে যদিও আৰু চিকিৎসালয়ত নোযোৱাকৈয়ে সুস্থ হয়।

এই বেমাৰৰ মুখ্য লক্ষণ সমূহ হল:
একেবাৰে সাধাৰণ লক্ষণসমূহ-
জ্বৰ
শুকান কাহ
ভাগৰ লগা
সামান্য লক্ষণসমূহ-
গাৰ বিষ
গলৰ শিৰশীৰণি
চকুৰ সমস্যা
মূৰৰ বিষ
গোন্ধ আৰু সোৱাদ নোপোৱা
হাতৰ আৰু ভৰিৰ আঙুলিত ৰঙা ৰঙা গুটি বা শেঁতা পৰা
গুৰুতৰ লক্ষণ:
উশাহ লোৱাত কষ্ট
বুকুৰ বিষ
কথা কোৱাত কষ্ট।

সংক্ৰমিত ব্যক্তিয়ে যেতিয়া হাঁচি বা কাহে তেতিয়া দূষিত বায়ু কণিকা হিচাপত কোভিড-১৯ বিয়পে। বর্তমানলৈ এই ভাইৰাছৰ লগত যুঁজিব পৰাকৈ কোনো এনটি ভাইৰেল ঔষধ বা কোনো ধৰণৰ ভেকচিন উপলব্ধ হোৱা নাই, সেইকাৰণে সংক্ৰমিত লোকৰ আৰু ভাইৰাছৰ পৰা অসংক্ৰমিত লোক সকলক বচাই ৰাখিবলৈ সাৰ্বজনীন স্বাস্থ্য উপায় আৰু বিভিন্ন ৰণনীতি সমূহ অৱলম্বন কৰা হৈছে। যুৱ প্ৰজন্ম বা স্বাস্থ্যবান ব্যক্তি সকল এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হলেও সাধাৰণ বেমাৰ হৈ সুস্থ হব পাৰে কিন্তু বয়োজ্যেষ্ঠ লোক বা ৬০ বছৰৰ উৰ্ধৰ লোক নাইবা যদি কোনো ব্যক্তি আগতীয়াকৈ কোনো বেমাৰৰ লগত যুঁজি আছে তেন্তে তেওঁলোকৰ কাৰণে এই ভাইৰাছ অধিক মাৰাত্মক ৰূপত দেখা দিয়ে। সমগ্ৰ বিশ্বৰ আন্তঃৰাষ্ট্ৰীয় সংস্থা আৰু অন্য অধিকাৰী সংগঠন সমূহে এই ভাইৰাছৰ পৰা নিজকে কেনেকৈ ৰক্ষা কৰিব লাগে তাৰ নীতি নিয়ম সমূহ দাঙি ধৰিছে।

কোভিড আৰু উচ্চ ৰক্তচাপ:

প্ৰায় এক তৃতীয়াংশ প্ৰাপ্তবয়স্ক লোক উচ্চ ৰক্তচাপত আক্রান্ত আৰু এই উচ্চ ৰক্তচাপৰ দ্বাৰা গুৰুতৰ বেমাৰ যেনে ষ্ট্ৰ’ক (Stroke)আৰু বৃক্কৰ (Kidney
Disease) যটিল ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে।

চীন আৰু ইটালীৰ তথ্য:
চীন আৰু ইটালীত এই ভাইৰাছে প্ৰথমে আক্ৰমণাত্মক ৰূপ লয় আৰু ইয়াৰ সংক্ৰমণে বহুত পৰিমানে ক্ষতি কৰে। চীনত কৰণা ভাইৰাছ সংক্ৰমণ হোৱা লোকৰ চিকিৎসালয়ত অহা ৰোগীৰ ২৫% ৰ পৰা ৫০% লোকৰ দেহত উচ্চ ৰক্তচাপ, কৰ্কট মধুমেহ আৰু হাওঁফাওঁৰ ৰোগত আক্ৰান্ত আছিল। ইটালীৰ এটা তথ্যৰ পৰা জানিব পাৰি এই ভাইৰাছৰ ফলত মৃত্যু হোৱা ৯৯% লোকতকৈ ও অধিক লোক পূৰ্বৰে পৰা এনে ধৰণৰ বেমাৰৰ দ্বাৰা আক্ৰান্ত আছিল আৰু তাৰে ৭৬% লোক উচ্চ ৰক্তচাপত আক্ৰান্ত।

অন্য গৱেষণাৰ পৰা জানিব পৰা মতে ক’ৰণা ভাইৰাছৰ ফলত উচ্চ ৰক্তচাপ থকা লোকৰ মৃত্যুৰ সম্ভাৱনা সাধাৰণ লোকৰ তুলনাত প্ৰায় দুগুণ।

দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু উচ্চ ৰক্তচাপ বা অন্য বেমাৰৰ লগত যুঁজি থকা ৰোগী সকলৰ কাৰণে ক’ৰণা ভাইৰাছ ভয়ানক হব পাৰে। দীঘলীয়া সময় ধৰি স্বাস্থ্যৰ অৱনতি ঘটি থকা আৰু বয়স বৃদ্ধিৰ লগে লগে প্ৰতিৰক্ষা প্ৰণালী দুৰ্বল হৈ যায় লগতে এই ভাইৰাছৰ লগত যুঁজিব পৰা ক্ষমতাও কমি যায়। ৬০ বছৰৰ উৰ্ধৰ প্ৰায় তিনিভাগৰ এভাগ লোক উচ্চ ৰক্তচাপ ৰোগত আক্ৰান্ত। উচ্চ ৰক্তচাপ থকা লোকৰ ভাইৰাছৰ পৰা বেছি ভয় নাথাকিলেও, ভাইৰাছ প্ৰতিৰোধ কৰিব ব্যৱহাৰ কৰা ঔষধৰ পৰাও হব পাৰে, ই চি ই (ECE) অৱৰোধক এনজিওটেনচিন ৰেচেপ্টৰ ব্লকাৰ্ছ ( এ আৰ বি এছ ) Angiotensin receptor blockers (ARBs).

সূত্ৰ মতে জানিব পাৰি যে এ চি ই(ACE) অৱৰোধক আৰু এ আৰ বি(ARB) আপোনাৰ শৰীৰত এ চি ই ২(ACE 2)নামৰ এটা এঞ্জাইমৰ পৰিমাণ বৃদ্ধি কৰে আৰু কোষীকা বোৰক সংক্ৰমিত কৰিবলৈ কোভিড-১৯ এ চি ই ২ (ACE 2 ) ত সংযোগ কৰে।

ডাঙৰ ডাঙৰ কিছুমান অধ্যয়নত এই ঔষধ সমূহৰ আৰু কোভিড-১৯ ৰ লগত কোনো সম্বন্ধ পোৱা নাই । আন কিছুমান গৱেষণাত পোৱা গৈছে যে কোভিড-১৯ ৰ ভয়াৱহতা কমাবৰ বাবে এইবোৰ ঔষধ ব্যৱহাৰ কৰা হয়। মানুহক ৰখোৱাৰ পিছত ভয়াৱহতা কমাৰ কোনো প্ৰমাণ নাই।

এই ঔষধ সমূহ বন্ধ কৰিলে হৃদৰোগ আৰু বৃক্কৰ ৰোগৰ আশংকা বৃদ্ধি পাব পাৰে। ই আপোনাৰ মৃত্যুৰ সম্ভাৱনাও বৃদ্ধি কৰিব পাৰে। আমেৰিকান কলেজ অফ কাৰ্ডিঅ’ল’জী আৰু আমেৰিকান হাৰ্ট এছোচিয়াচনে পৰামৰ্শ দিছে যে আপুনি আপোনাৰ উচ্চ ৰক্তচাপৰ ঔষধ নিয়মীয়াকৈ লৈ থাকক, যদি আপুনি নিয়মীয়াকৈ ঔষধ নলয় তেন্তে আপোনাৰ হাৰ্ট এটেক আৰু ষ্ট্ৰ’ক হোৱাৰ সম্ভাৱনা যথেষ্ট পৰিমানে বৃদ্ধি পাব আৰু আপোনাক চিকিৎসালয়ত ৰাখিব পাৰে যেনেকৈ কৰণা ভাইৰাছৰ সংখ্যা সন্মুখত আহিছে।

উচ্চ ৰক্তচাপ থকা লোকক কৰণা ভাইৰাছে কিদৰে প্ৰভাৱিত কৰিব পাৰে :
যেনেকৈ নিউমোনিয়া ভাইৰাছৰ সকলোতকৈ সাধাৰণ জটিলতা, ই হৃদ প্ৰণালীত বেয়াকৈ প্ৰভাৱ পেলাব পাৰে। উচ্চ ৰক্তচাপে শৰীৰৰ ধমনি নষ্ট কৰিব পাৰে আৰু আপোনাৰ হৃদয়ত ৰক্ত সঞ্চালন কম কৰিব পাৰে। গতিকে আপোনাৰ হৃদয়ত পৰ্যাপ্ত পৰিমাণৰ ৰক্ত সঞ্চালনৰ কাৰণে বহুত কষ্ট বা ব্যাম কৰিব লাগিব। সময়ৰ লগে লগে এই অতিৰিক্ত কাৰ্যই আপোনাৰ হৃদযন্ত্ৰক ইমান দুৰ্বল কৰিব পাৰে যে আপোনাৰ শৰীৰত অধিক অক্সিজেন যুক্ত ৰক্ত সঞ্চালন কৰিব নোৱাৰিব।

ক’ৰণা ভাইৰাছে হৃদযন্ত্ৰৰো ক্ষতি সাধন কৰিব পাৰে। আপোনাৰ কাৰণে বেছি ভয়ংকৰ হব পাৰে যদি আপোনাৰ উচ্চ ৰক্তচাপৰ ফলত আগতেই হৃদযন্ত্ৰ দুৰ্বল হৈ আছে। ভাইৰাছৰ কাৰণে ময়কৰ্ডিটিছ নামৰ হাৰ্টৰ মাংসপেশীত জটিল ৰোগ হোৱাৰ আশংকা থাকে যাৰ ফলত হৃদয়ৰ পাম্প কৰাত যথেষ্ট অসুবিধা হব পাৰে।

যদি আপোনাৰ ধমনিত প্লাক বিল্ডআপ হৈ আছে তেনেহলে ভাইৰাছে সেই পষ্টিকা বোৰক ভাঙি আৰু হাৰ্ট এটাক হোৱাৰো কাৰণ হ’ব পাৰে। আগৰ অধ্যয়ন বোৰৰ পৰা গম পোৱা যায় যে হৃদৰোগী সকলৰ ফ্লুৰ দৰে উশাহৰ বেমাৰ আৰু কৰণা ভাইৰাছৰ প্ৰথম অৱস্থাতে হাৰ্ট এটাক হোৱাৰ ভয় থাকে। উচ্চ ৰক্তচাপৰ ৰোগী সকলে কৰণা ভাইৰাছৰ পৰা বাচিবলৈ তলত দিয়া নিয়ম সমূহ পালন কৰক।

সাধাৰণ নিয়মাৱলী সমূহ:

বাৰে বাৰে চাবোনেৰে হাতখন ধুব (প্ৰায় ২০ছেকেণ্ড ধুব) যদি হাত ধুব পৰা অৱস্থাত নাথাকে তেন্তে এলক’হল যুক্ত চেনিটাইজাৰ ব্যৱহাৰ কৰিব, নিজৰ মুখমণ্ডল হাত নোধোৱাকৈ নুচুব বিশেষকৈ চকু,নাক আৰু মুখ।

যদি কাহ বা হাঁচি আহে তেন্তে পেলাই দিব পৰা কাপোৰেৰে ঢাকি লওক নতুবা হাতেৰে ঢাকি কাহ বা হাঁচি মাৰক।

মোবাইল ফোন বা তেনেকুৱা ধৰণৰ সঘনাই চুই থকা বস্তু চাফা কৰিবলৈ ঘৰত ব্যৱহাৰ কৰা স্প্রে ব্যৱহাৰ কৰক।

ভাইৰাছৰ সংক্ৰমিত ব্যক্তিৰ পৰা দূৰত থাকক , যদি কাৰোবাৰ জ্বৰ, চৰ্দি, কাহ আদি হৈ আছে তেন্তে তেনেকুৱা ব্যক্তিৰ পৰা দূৰত থকাৰ লগতে যদি পাৰে চিকিৎসকক খবৰ কৰক, সকলো ব্যক্তিৰ লগত শাৰীৰিক দূৰত্ব ৬ফুট পৰ্যন্ত বজাই ৰাখক।

জনসমাগম ত্যাগ কৰক, বাছ, ট্ৰেইনত যাতায়ত নকৰাই উত্তম, কিন্তু কেতিয়াবা কিবা গুৰুত্বপূৰ্ণ কামৰ বাবে ওলাই যাব লগা হলেও বেলেগ বিকল্প ব্যৱস্থা কৰা টান হৈ পৰে।

উচ্চ ৰক্তচাপ ৰোগী সকলৰ বাবে সাৱধানবাণী :
নিয়মীয়াকৈ আপোনাৰ উচ্চ ৰক্তচাপৰ ঔষধ লৈ থাকক, যদি সম্ভৱ হয় তেন্তে ঘৰতে নিজৰ ৰক্তচাপ জোখক, উচ্চ ৰক্তচাপ সামান্য পৰিমাণৰ কম বেছি হব পাৰে কিন্তু নিজৰ চিকিৎসক বা ক্লিনিকৰ পৰামৰ্শ নোলোৱাকৈ একো পদক্ষেপ নলব।

মনত ৰাখিব: নিম্ন ৰক্তচাপ বেয়া বা অনিয়মিত খাদ্য প্ৰণালীৰ পৰা হব পাৰে।
নিজকে হাইড্ৰেদ ৰাখক, বিশেষকৈ মধ্য বয়সস্থ লোক সকলে অপৰ্যাপ্ত তৰল পদাৰ্থ গ্ৰহণ নকৰিব, এখন নিয়মীয়া কাৰ্য্য নিৰ্ধাৰণ প্ৰণালী বনাই লৈ আপুনি দিনটোত প্ৰয়োজন অনুসৰি তৰল পদাৰ্থ লব।

শাৰীৰিক ব্যায়াম: ক’ৰণা ভাইৰাছৰ পৰা বাচিবলৈ ঘৰতে বেছি সময় কটাওক, ঘৰত থকাৰ ফলত শাৰীৰিক গতিবিধি বা ব্যায়াম হয়তো আমাৰ কমি যাব পাৰে, ইয়াৰ এটা উপায় আছে, ঘৰৰ পৰা বাহিৰত ব্যাম কৰিবলৈ সামাজিক দূৰত্ব বজাই ৰাখক, কঠিন সময়ত স্বাস্থ্য আৰু মনোবল বঢ়োৱা উচিত, বিশেষকৈ উচ্চ ৰক্তচাপ ৰোগী সকল।

উচ্চ ৰক্তচাপ ৰোগী সকলৰ উচ্চ ৰক্তচাপৰ জটিলতাৰ লগতে কোভিড-১৯ৰ দৰে ফ্লুৰ পৰাও বহুত জটিলতা আহিব পাৰে। তলত দিয়া নিয়ম সমূহত গুৰুত্ব আৰোপ কৰা উচিত।

বয়োজ্যেষ্ঠ লোক বিশেষকৈ ৬০ বছৰৰ উৰ্ধৰ লোক সকলৰ কোভিড-১৯ৰ লগতে তেওঁলোকৰ উচ্চ ৰক্তচাপৰ বেয়া প্ৰভাৱৰ আশংকা থাকে। যদি আপোনাৰ কোভিড-১৯ ৰ লক্ষণ দেখা দিয়ে তেন্তে চিকিৎসাৰ বাবে সংকোচ নকৰিব।

হৃদৰোগী, স্ত্ৰক আৰু বৃক্ক ৰোগী সকলৰ বাবে:
নিজৰ সকলো ঔষধ নিয়মীয়া ভাবে লৈ থাকক পূৰ্বৰে পৰা দিয়া নিয়ম সমূহ পালন কৰক আৰু সাৱধানে থাকক।

মধুমেহ আৰু কলেষ্টৰল :
উচ্চ ৰক্তচাপ ৰোগী সকলৰ সাধাৰণতে মধুমেহ আৰু কলেষ্টৰল থকা দেখা যায়। কোভিড-১৯ ফ্লু আৰু হৃদয়ৰ জটিলতাৰ লগত যুঁজিবলৈ সকলো নিয়মীয়া ঔষধ লৈ থাকক আৰু উচিত খাদ্য প্ৰণালী আৰু আমি দিয়া নীতি নিয়ম সমূহ অতি গুৰুত্ব সহকাৰে মানি চলক। যদি আপোনাৰ মধুমেহ আছে মধুমেহ ৰোগী সকলৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাৰ দিয়া নিয়ম সমূহ পঢ়ি চাওক ভালদৰে পালন কৰক।

পূৰ্বৰ হাওঁফাওঁৰ ৰোগী, এষ্ঠমা বৰ্তমান আৰু পূৰ্বতে ধূমপান কৰা সকলৰ বাবে: এনে স্থিতিৰ লোক সকলে কোভিড-১৯ ৰ জটিলতা আৰু উচ্চ ৰক্তচাপ হোৱাৰ আশংকা থাকে। আপুনি যি অনুভৱ কৰে, তাৰ পৰিৱৰ্তনৰ কাৰণে বহুত সংবেদনশীল হওক, হাওঁফাওঁ ৰোগৰ লক্ষণ, উশাহ লোৱাত কষ্ট আৰু কাহৰ বাবে চিকিৎসা সহায় লওক।

অসংক্ৰমিত ৰোগৰ ভয়াবহতা আৰু তাৰ পৰা নিজকে সুৰক্ষিত কৰাৰ ওপৰত গুৰুত্ব দি লাল পেথ লেব ফাউণ্ডেচনৰ সহযোগত ভলোন্টেৰি হেলথ এচোছিয়েছন অব ইণ্ডিয়াৰ দ্বাৰা চলোৱা এটা প্ৰকল্প আৰোগ্য প্ৰকল্প। এই পৰিযোজনাৰ দ্বাৰা কামৰূপ মেট্ৰোৰ লগতে কামৰূপ গ্ৰাম্যৰ কিছু অংশত অসংক্ৰামক ৰোগ(উচ্চ ৰক্তচাপ, মধুমেহ)ৰ প্ৰতিৰোধৰ লগত জড়িত বিভিন্ন কাৰক আৰু সজাগতামূলক কাৰ্য্যৰ লগতে ইয়াৰ যথোপযুক্ত উপায়ৰ বিষয়ে মানুহক অৱগত কৰোৱাৰ দৰে কাৰ্য্য কৰি আছে।
কোভিদ-১৯ মহামাৰীৰ বাবে অসংক্ৰামক ৰোগীৰ বাবে কৰিবলগীয়া সকলোধৰণৰ কার্যতেই বিভিন্ন বাধাই দেখা দিছে। এই সমস্যাৰ বাবে এই সময়ত এই ৰোগীসকলৰ মনত বিভিন্ন চিন্তাৰ উদ্দেগ হোৱা দেখা গৈছে কিয়নো কোভিদ আৰু অসংক্ৰামক ৰোগ দুয়োটাই মানৱ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ লগত বাৰুকৈয়ে জড়িত। লগতে ৬০ উৰ্ধৰ যিসকল লোকৰ অসংক্ৰামক ৰোগ যেনেঃ উচ্চ ৰক্তচাপ, মধুমেহ, হৃদৰোগ, মেদবহুলতা আদিত আক্ৰান্ত তেওলোকৰ সংক্ৰমিত হোৱাৰ আশংকা বেছি।
বহুতো এনে ৰোগী যিয়ে এই সময়ত উপযুক্ত স্বাস্থ্যজনিত উপদেশ আৰু চিকিৎসাৰ পৰা বঞ্ছিত হৈছে যাৰ ফলত তেঁ‌ওলোকৰ বিভিন্ন সমস্যায়ে দেখা দিছে। তেনে ক্ষেত্ৰত নতুন নতুন দিশৰ উদ্ভাৱনৰে এনে ধৰণৰ ৰোগী সকলে যাতে সুবিধা লাভ কৰিব পাৰে তাৰে লক্ষ্য ৰাখি এনে অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

উক্ত প্ৰৱন্ধটিৰ কাৰিকৰী দিশত ভলোন্টেৰি হেলথ এচোছিয়েছন অব ইণ্ডিয়াক সহায় কৰিছে ডাঃ গৌতম বৰগোঁহাইয়ে।

You May Also Like

More From Author