অসমেৰে কাশ্মীৰলৈ জাকে জাকে ৰহিংগ্যাঃ গুৱাহাটী–বদৰপুৰত ২৫গৰাকীক আটক

0 min read

 গুৱাহাটী ৰে’ল ষ্টেচনত আজি পুৱা ৰে’ল আৰক্ষীয়ে অভিযান চলাই এটি শিশুসহ ১০জন ৰহিংগ্যা মুছলমানক আটক কৰে৷ চাপৰমুুখৰ পৰা গুৱাহাটী অভিমুখে আহি থকা আগৰতলা দেউধৰ এক্সপ্রেছৰ পৰা জিআৰপিৰ সহযোগত আৰ পি এফৰ এটা দলে ৰে’লগাড়ীখনৰ ডি ২নং দবাৰ পৰা ৰহিংগ্যাকেইজনক আটক কৰে৷

আৰক্ষী সূত্রে জানিব পৰা মতে, ম্যানমাৰৰ পৰা বাংলাদেশলৈ যোৱা ৰহিংগ্যাক জম্মুৰ আমানুল্লাহ (২৯) নামৰ এজন লোকে আগৰতলা হৈ বহিঃৰাজ্যলৈ সৰবৰাহ কৰি আহিছে৷ আগৰতলাত দীর্ঘদিন ধৰি ৰিক্সাচালকৰূপে কর্মৰত আমানুল্লাহে বিপদগ্রস্ত ৰহিংগ্যাসকলক প্রলোভনেৰে ভাৰতৰ বিভিন্ন ৰাজ্যলৈ সৰবৰাহ কৰি আহিছে৷

ৰে’ল আৰক্ষীয়ে গোপন সূত্রৰ পম খেদি দেওবাৰে পুৱা প্রায় ৭.৫০ বজাত গুৱাহাটী ষ্টেচনৰ পৰা মানৱ সৰবৰাহকাৰী আমানুল্লাহসহ ১০জন ৰহিংগ্যাক আটক কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে আটক কৰা ৰহিংগ্যাকেইটাৰ মাজত ৩জন যুৱক, ৬গৰাকী মহিলা আৰু এটি শিশু থকা বুলি ৰে’ল আৰক্ষীয়ে সদৰী কৰে৷

সম্প্রতি আটকাধীন ৰহিংগ্যাকেইজনক জিআৰপি থানাত আৰক্ষীয়ে সোধা–পোছা অব্যাহত ৰাখিছে৷ ইপিনে বদৰপুৰতো কালি আৰক্ষীয়ে ১৫জন ৰহিংগ্যা মুছলমানক আটক কৰে৷ ইতিমধ্যে ঘটনা সন্দর্ভত জিআৰপি থানাত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি মানৱ সৰবৰাহকাৰী আমানুল্লাহক গ্রেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে৷

আৰক্ষীৰ জেৰাত তেওঁ ৰহিংগ্যাসকলক জম্মু কাশ্মীৰলৈ সৰবৰাহ কৰাৰ পৰিকল্পনা কৰা বুলি স্বীকাৰোক্তি দিছে৷ অৱশ্যে তদন্তৰ পাছত অধিক তথ্য পোহৰলৈ আহিব বুলি আৰক্ষী সূত্রই জানিবলৈ দিছে৷

You May Also Like

More From Author