আমাৰ দেহৰ ১০ টা শুভ-অশুভ লক্ষণ এনেদৰে জানিব পাৰি ?

1 min read

আমাৰ ভাৰতীয় সংস্কৃতিত শুভ-অশুভ এনেধৰণৰ কথাবোৰক বহুত মহত্ব দিয়া হয় । আমাৰ জ্যোতিষ শাস্ত্ৰ ইমানেই সমৃদ্ধ যে প্ৰতিটো কথাৰ পাছত লুকাই থকা ৰহস্য বিস্তাৰ ৰূপত ক’ব পাৰে । আমাৰ ওচৰে পাজৰে যিবোৰ ঘটনা ঘটি থাকে সেইবোৰৰ সম্বন্ধ আমাৰ নিকটৱৰ্তী ভবিষ্যতৰ লগত আছে । আমাৰ শৰীৰৰ গঠন, তিল আদিৰ পিছতো কিবা নহয় কিবা অৰ্থ লুকাই আছে । ঈশ্বৰে প্ৰতিজন মানুহক বেলেগ বেলেগ ধৰণে সৃষ্টি কৰিছে । ৰং-ৰূপ, স্বভাৱ, বিচাৰ বিবেচনা আদি সকলোৰে পৰা ভিন্ন হয় । সমুদ্ৰ শাস্ত্ৰ আমাৰ বৈদিক সংস্কৃতিৰ এটা অংগ হয় ।

সমুদ্ৰ শাস্ত্ৰত আমাৰ শৰীৰত নিহিত থকা এই চিহ্ন বোৰৰ তথা গঠন শৈলীৰ ওপৰত অধ্যয়ন কৰি মানুহৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ বিষয়ে কোৱা হয় । আমাৰ শৰীৰত থকা বিভিন্ন চিহ্নৰ দ্বাৰা আমি বহুত কথা জানিব পাৰো । তাৰেই কিছুমান চিহ্ন আমাৰ বাবে ভাল অৰ্থাৎ শুভাগ্যশালী হোৱাৰ কাৰণ বুলিও কোৱা যায় । আৰু কিছুমান চিহ্ন দুৰ্ভাগ্যৰ কাৰণ বুলিও জনা যায় ।

এইকেইটা চিহ্ন আমাৰ শৰীৰত থকাটো বহুত ভাগ্যৰ কথা
১/ প্ৰথমে আমি আমাৰ শৰীৰৰ গঠন শৈলীৰ ভিত্তিত ক’ব পাৰো, যিবোৰ লোকৰ মুখ গোলাকাৰ হয় তেওঁলোক বহুত ভাগ্যশালী হয় । তেওঁলোকে ভাল চাকৰি, জীৱনত সফলতা আৰু ভাল জীৱন সংগী পোৱাটো তেওঁলোকৰে ভাগ্যত নিশ্চয় লিখা থাকে ।

২/ দীঘল নাক আৰু তাত তিল থকা ব্যক্তিকো ভাল বুলি কোৱা হয় । যিসকল লোকৰ কান সামান্য ডাঙৰ হয় তেওঁলোক অত্যন্ত ভাগ্যশালী হয় ।

৩/ দীঘল আৰু ওখ মূৰৰ ব্যক্তি যাৰ কপালত অলপ কোচ খাই যোৱাৰ দৰে চিন বহে তেওঁলোকৰ বহুত সুভাগ্য হয় ।

৪/ মূৰত চুলি নথকা অৰ্থাৎ তপা সুন্দৰতাৰ দৃষ্টিৰ পৰা চালে বেয়া দেখা যায় কিন্তু জ্যোতিষ শাস্ত্ৰৰ মতে যিসকল লোকৰ মূৰত চুলি নাথাকে তেওঁলোক বেছি ভাগ্যশালী হয় ।

৫/ যিসকল মহিলাৰ শিৰ পোন হয় তেওঁলোকক ভাল বুলি জনা যায় ।

৬/ আমাৰ শৰীৰত যিবোৰ অংশত জন্মৰ পৰাই তিল থাকে সেইবোৰৰ শৰীৰৰ স্থিতি অনুসাৰে বেলেগ বেলেগ অৰ্থ থাকে । দুয়োজুৰ চেলাউৰীৰ মাজত যদি তিল থাকে তাক শুভাগ্যৰ প্ৰতীক বুলি কোৱা হয় । ঠিক এনেদৰেই সোঁহাত, সোঁগাল আৰু সোঁচকুত থকা তিলো ভাল বুলি কোৱা হয় ।

৭/ বগা আৰু চাফা দাঁত সকলোৱে পছন্দ কৰে তাৰোপৰিও যদি দাঁতৰ মাজত কোনোধৰণৰ ফাঁক নাথাকে তেন্তে দেখিবলৈ আৰু ভাল লাগে । কিন্তু সমুদ্ৰ শাস্ত্ৰ অনুসাৰে যিসকল ব্যক্তিৰ দাঁতৰ মাজত ফাঁক থাকে তেওঁলোক বেছি শুভাগ্যশালী হয় । তেওঁলোক আর্থিকভাৱেও সবল হয় আৰু চাকৰিক্ষেত্ৰত উচ্চপদস্থ হয় । ঠিক সেইদৰে যিসকল ব্যক্তিৰ দাঁত সামান্য বাহিৰলৈ ওলোৱা হয় তেওঁলোক অলপ জিদ কৰা আৰু বেছি কথা কোৱা স্বভাৱৰ হয় । কিন্তু এওঁলোক ভাগ্যশালিও হয় ।

৮/ হাত আৰু তাৰ তলুৱা যদি সদায় কোমল আৰু অলপ গুলপীয়া ৰঙৰ হয় আৰু সমতলীয় হয় আৰু যদি হাতৰ ৰেখাবোৰ স্পষ্ট হয় তেন্তে সেইসকল ব্যক্তি ভাগ্যশালী হয় । হাতত ত্ৰিভুজৰ চিহ্ন থকা ভাগ্যশালি হোৱাৰ প্ৰতীক । দীঘল আৰু পাতল আঙুলিও ভাগ্যৰ দৃষ্টিৰ পৰা ভাল বুলি মনা হয় । ভৰিৰ তলুৱাত সূৰ্য্য, চন্দ্ৰ , নক্ষত্ৰ, শংখ, চক্ৰ, কমল আদিৰ দৰে যদি চিহ্ন থাকে তেন্তে তেওঁলোক অত্যন্ত ভাগ্যশালী হয় ।

সঁচা প্রেম নে টাইম পাছ | জানক এই ৫ টা কথাৰে।
দৰিদ্ৰ হ’ব নিবিছাৰে যদি আজিয়েই দূৰ কৰক এই কেইবিধ বস্তু।
৯/ যিসকল স্ত্ৰী আৰু পুৰুষৰ নাভি ভিতৰলৈ সোমোৱা তেওঁলোক বহুত ভাগ্যশালী হয় ।

১০/ সমুদ্ৰ শাস্ত্ৰ মতে আমাৰ চকুৰ দ্বাৰাও ব্যক্তিত্বৰ বিষয়ে জানিব পাৰি । ক’লা আৰু ডাঙৰ চকু যাৰ থাকে সেইসকল লোক বুদ্ধিমান আৰু ধনবান হয় । সেইদৰেই যিসকল ব্যক্তিৰ চেলাউৰী ঘন আৰু জোৰা লগোৱা হয় তেওঁলোকো সুভাগ্যৰ গৰাকী হয় ।

বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত।

 

You May Also Like

More From Author