বাক্সাত শতাধিক মহিলাৰ বিপিএফ ত্যাগ কৰি ইউপিপিএলত যোগদান

0 min read

দেওবাৰে বাক্সা জিলাৰ ২৪ নং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ভালুকদঙা গাঁৱত ইউপিপিএল এখন বিশেষ সভা অনুষ্ঠিত হৈ যায় ৷ উক্তসভাত মুছলপুৰ পৰিষদীয় সমষ্টিৰ বহু আত্মসহায়ক গোটে অংশ গ্ৰহণ কৰে ৷ এই সভাত উপস্থিত থাকি বিটিআৰৰ পশুপালন বিভাগৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই আত্মসহায়ক গোট সমূহক গাহৰিৰ, ছাগলী, হাঁহ, পাৰৰ ফাৰ্ম খুলি কেনেধৰণে স্বাৱলম্বিতাৰ পথ পাব পাৰি সেই সম্পৰ্কে উল্লেখ কৰে ৷

তাৰ সমান্তৰালভাৱে বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীক সমালোচনা কৰি ৰাকেশ ব্ৰহ্ম এজন নিলাজ ব্যক্তিৰ লগত তুলনা কৰে ৷ লগতে এতিয়া নিজৰ স্বৰূপ ঢাকিবৰ কাৰণে হাগ্ৰামা মহিলাৰীয়ে প্ৰমোদ বড়ো, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ভৰিত পৰি আছে বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে ৰাকেশ ব্ৰহ্মই ৷

তাৰ সমান্তৰালভাৱে ব্ৰহ্মই বিটিআৰৰ পৰিৱৰ্তনৰ চৰকাৰ ইউপিপিএল দলত যোগদান কৰি এখন সুন্দৰ বিটিআৰ গঢ়াৰ বাবে সকলোকে আহ্বান জনায় ৷ উল্লেখযোগ্য যে, উক্ত সভাতেই প্ৰায় শতাধিক মহিলাই বিপিএফ দল ত্যাগ কৰি ইউপিপিএল দলত যোগদান কৰে ৷

You May Also Like

More From Author