পাইলট আৰু এয়াৰ হোষ্টেছৰ পাৰফিউম ব্যৱহাৰত নিষেধাজ্ঞা !

পাইলট আৰু এয়াৰ হোষ্টেছৰ পাৰফিউম ব্যৱহাৰত নিষেধাজ্ঞা !
Portrait of confident pilot with stewardess walking in airport

পাইলট আৰু এয়াৰ হোষ্টেছৰ পাৰফিউম ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰিবলৈ সাজু হৈছে অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়।

ইতিমধ্যে সঞ্চালকালয়ে প্ৰস্তুত কৰিছে খচৰা ৷উল্লেখ্য যে,পাৰফিউমত এলক’হলৰ উপস্থিতি ধৰা পৰা বাবে এই পদক্ষেপ লৈছে বিমান পৰিবহণ সঞ্চালকালয়ে ।
ভাৰতত পাইলট আৰু এয়াৰ হোষ্টেছৰ বাবে নিষিদ্ধ কৰা হৈছে সুৰা সেৱন।

মনকৰিবলগীয়া যে,পাৰফিউম ব্যৱহাৰকাৰীয়ে সুৰা সেৱন নকৰিলেও পৰীক্ষাত ধৰা পৰে পজিটিভ। এনে প্ৰেক্ষাপটতে অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে শেহতীয়াকৈ কেতবোৰ ব্যৱস্থা গ্ৰহণৰ বাবে আগবাঢ়িছে ৷

GTM Desk

Related