আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ ঘোষণা ভাৰতীয় ফুটবল দলৰ অধিনায়ক সুনীল চেত্ৰীৰ…

আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ ঘোষণা ভাৰতীয় ফুটবল দলৰ অধিনায়ক সুনীল চেত্ৰীৰ…

দেশৰ হৈ সৰ্বাধিক মেচ আৰু গ’ল কৰাৰ ৰাষ্ট্ৰীয় ৰেকৰ্ড গঢ়া ভাৰতীয় ফুটবল দলৰ অধিনায়ক সুনীল চেত্ৰীয়ে কেৰিয়াৰত ১৯ বছৰ সম্পূৰ্ণ কৰি অৱসৰ ঘোষণা কৰিলে।

উল্লেখ্য যে ভাৰতীয় ফুটবলৰ অন্যতম মহান খেলুৱৈৰ শাৰীত অন্তৰ্ভুক্ত হৈছে চেত্ৰী। ২০০৫ চনত পাকিস্তানৰ বিৰুদ্ধে এখন বন্ধুত্বমূলক মেচত অভিষেক ঘটিছিল চেত্ৰীৰ।

সক্ৰিয় ফুটবলাৰৰ ভিতৰত পৰ্তুগালৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৰ পিছতে আন্তঃৰাষ্ট্ৰীয় গ’লদাতাৰ তালিকাৰ দ্বিতীয় স্থানত আছে চেত্ৰী। তেওঁ মেছীতকৈও আগত আছে।

GTM Desk