ভাৰতৰ প্রথমটো নিজস্ব ৯ এমএম মেচিন পিষ্টল নির্মাণ

0 min read

ভাৰতে নিজস্ব প্রযুক্তিৰে প্রথমবাৰলৈ নির্মাণ কৰি উলিয়াইছে ৯ এমএম মেচিন পিষ্টল এটা৷ প্রতিৰক্ষা মন্ত্রালয়ে আজি সদৰী কৰিছে এই তথ্য৷ প্রতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডিআৰডি’) আৰু স্থলসেনাই যৌথভাৱে এই মেচিন পিষ্টলটো নির্মাণ কৰি উলিয়াইছে৷ স্থলসেনাৰ মহুস্থিত শিক্ষা কেন্দ্র আৰু ডিআৰডি’ৰ পুনেস্থিত গৱেষণা প্রতিষ্ঠানে এই পিষ্টলটোৰ ডিজাইন প্রস্তুত কৰাৰ উপৰি ইয়াক নির্মাণো কৰিছে৷ ডিআৰডি’ৰ এক বিবৃতিত প্রকাশ পোৱা অনুসৰি ৯ এমএম মেচিন পিষ্টল প্রস্তুত কৰাৰ বাবে পূর্বৰে পৰা বিভিন্ন গৱেষণা চলোৱা হৈছিল৷ তিনিধৰণৰ বিভিন্ন ৰঙৰ জৰিয়তে ইয়াৰ নক্সা প্রস্তুত কৰা হৈছিল৷ এই নক্সাৰ সলনি নকৰাকৈ পিষ্টলটো নির্মাণ কৰি উলিওৱা হৈছে৷ প্রতিটো পিষ্টলৰ নির্মাণৰ ব্যয় ৫০ হাজাৰ টকাৰ ভিতৰত হ’ব বুলি ডিআৰডি’ৰ বিবৃতিটোত উল্লেখ কৰা হৈছে৷ পৰৱর্তী সময়ত ইয়াক বিভিন্ন দেশলৈ ৰপ্তানি কৰাৰো সুযোগ সৃষ্টি হ’ব৷

You May Also Like

More From Author