17.9 C
Assam
Thursday, March 23, 2023

Featured News

কুকুৰ খোৱা প্ৰসংগ: মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ পত্ৰ

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্ৰ।...

কেফেৰ বাহিৰত এনেদৰে হনুমান চালিচা পাঠ কৰিলে যুৱক-যুৱতীয়ে……

আধ্যাত্মিক পৰিৱেশ নৱপ্ৰজন্মৰ মাজত। কেফেৰ বাহিৰত এনেদৰে...

গীতাৰ মতে মানুহৰ পতন আৰম্ভ হয় এই সময় খিনিৰ পৰা !

Assamese Newsগীতাৰ মতে মানুহৰ পতন আৰম্ভ হয় এই সময় খিনিৰ পৰা !

শ্ৰীমদ্ভভাগৱত গীতা হৈছে এজন বন্ধুৰ লগত আন এজন বন্ধুয়ে কৰা সংলাপ। ইয়াত মহাভাৰত যুদ্ধৰ সময়ত অৰ্জুনক দিয়া শ্ৰীকৃষ্ণৰ শিক্ষাৰ সম্পূৰ্ণ বৰ্ণনা কৰা হৈছে।

শ্ৰীমদ ভাগৱত একমাত্ৰ শাস্ত্ৰ যিয়ে মানুহক জীৱন যাপনৰ সঠিক পথ দেখুৱাই। গীতাই জীৱনত ধৰ্ম, কৰ্ম আৰু প্ৰেম আদিৰ সকলো পাঠ শিকায়। শ্ৰীমদ্ভাগৱত গীতাৰ জ্ঞান মানৱ জীৱন বাবে অতি উপযোগী বুলি বিবেচিত কৰা হয়। গীতা হৈছে গোটেই জীৱনৰ দৰ্শন আৰু ইয়াক অনুসৰণ কৰা ব্যক্তিজনেই শ্ৰেষ্ঠ হয় বুলি মানি লোৱা হয়।

গীতাত শ্ৰীকৃষ্ণই কৈছে যে কেতিয়া মানুহৰ পতন আৰম্ভ হয়

১) গীতাত শ্ৰীকৃষ্ণই কৈছে যে যিকোনো এজন ব্যক্তিৰ যেতিয়া পতন আৰম্ভ হয় তেতিয়া তেওঁ আনৰ পৰা নিজৰ সকলো পৰামৰ্শ ল’বলৈ আৰম্ভ কৰে।

২) গীতাত লিখা আছে যে, আপুনি যিমানেই মহান প্ৰভাৱশালী ব্যক্তি নহওক কিয় আপুনি সাধাৰণ মানুহক কৰা প্ৰতাৰণাই আপোনাৰ ধ্বংসৰ সকলো দুৱাৰ মুকলি কৰি দিয়ে।

৩) শ্ৰীকৃষ্ণৰ মতে কাৰো সমৰ্থন নোপোৱাৰ কাৰণে কেতিয়াও হতাশ হোৱা উচিত নহয়, কাৰণ কোনোবাই সহায় কৰক বা নকৰক প্ৰতিটো কঠিন সময়ত ঈশ্বৰে সকলোকে সমৰ্থন কৰে।

৪) যেতিয়া অত্যাচাৰসকৰা জনক বা দুখ দিয়া জনক হাঁহি হাঁহি সহ্য কৰা হয় তেতিয়া সেই ব্যক্তিজনৰ প্ৰতিশোধ ভগৱানে নিজেই লয়।

৫) গীতাত শ্ৰীকৃষ্ণই কৈছে যে মানুহ কেতিয়াও অহংকাৰী হ’ব নালাগে। ই মানুহক অনুচিত সকলো কাম কৰিবলৈ বাধ্য কৰে। শেষত এই অহংকাৰ ধ্বংসৰ কাৰণ হৈ পৰে। গতিকে জীৱনত যিমান পাৰি অহংকাৰ এৰি চলিব লাগে।

 

 

 

বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!