20.6 C
Assam
Tuesday, March 21, 2023

Featured News

Congress Confident to Win all 14 Lok Sabha seats in Assam

Guwahati: The Congress party in Assam is...

এইখন চহৰত সাধু-সন্তসকলৰ বাবে আছে বিনামূলীয়া বিউটি পাৰ্লাৰ

জটা হৈছে সাধু-সন্তসকলৰ আটাইতকৈ ডাঙৰ পৰিচয়। স্পষ্টকৈ...

বিদ্যুৎস্পৃষ্ট হ’লে কি কৰিব?

মানৱ দেহটো এশ শতাংশই বিদ্যুৎ পৰিবাহী৷ ফলত...

সেন্দুৰ লোৱা কিছুমান নিয়ম যিবোৰ মহিলাসকলে জনাটো প্ৰয়োজনীয়

Assamese Newsসেন্দুৰ লোৱা কিছুমান নিয়ম যিবোৰ মহিলাসকলে জনাটো প্ৰয়োজনীয়

সেন্দুৰ পৰিলে কি সংকেত পোৱা যায় আৰু এনেকুৱা এটা ভুল যিটো প্ৰায় সকলো মহিলাই সেন্দুৰ লওঁতে কৰে। যিটো কৰিব নালাগে।

এনেকুৱা কৰা ফলত আপোনালোকৰ স্বামীৰ আয়ু কমি আহিব পাৰে । নহ’লেবা আপোনালোকৰ স্বামী আপোনালোকৰ পৰা দূৰ হৈ যাব পাৰে। হিন্দু ধৰ্মৰ অনুসৰি বিবাহিত মহিলাৰ জীৱনত সেন্দুৰৰ বহুত মহত্ব আছে।

বিবাহিত সকলো মহিলাই সেন্দুৰ লৈয়ে। হিন্দু ধৰ্মৰ মতে সেন্দুৰক বিবাহিত হোৱা চিন বুলি কোৱা হয়।বিয়া সময়ত সেন্দুৰ দান বিধিৰ এটা বিশেষ মহত্ব আছে। ইয়াৰ পিছতহে বিয়া সম্পূৰ্ণ হোৱা বুলি কোৱা হয়। বিয়া হোৱাৰ পিছত সকলো বিবাহিত মহিলাই সেন্দুৰ লোৱাতো জৰুৰী।

ইয়াৰ অকল ধৰ্মীক মহত্বয়ে নাই । ইয়াৰ কিছুমান বৈজ্ঞানিক কাৰণো আছে। ধাৰ্মিক মান্যতা অনুসৰি সেন্দুৰ লোৱাৰো বহুত নিয়ম আছে।যিবোৰ পালন কৰাতোঁ অনিবাৰ্য।

সেন্দুৰ লোৱা যিবোৰ নিয়ম আছে সেইবোৰ বিবাহিত মহিলাই মানি চলিব লাগে।যিসকল মহিলাই সেন্দুৰ লোৱা নিয়ম পালন নকৰে । তেওঁলোকৰ স্বামীৰ স্বাস্থ্য লগতে ধন হানি হয়। এতিয়া সেন্দুৰ লোৱা নিয়ম সমূহৰ বিষয়ে জানো আহঁক-

১.বিবাহিত মহিলাই সদায় সেন্দুৰ নিজৰ পইচাৰে কিনি লগাব লাগে বা ল’ব লাগে।আনৰ পইচাৰে কিনা সেন্দুৰ ল’ব নালাগে।

২.যিমান সমস্যা আহিলেও আন মহিলাৰ সেন্দুৰ ল’ব নালাগে।আনৰ সেন্দুৰ লোৱা মহিলাৰ স্বামীয়ে ধনৰ সমস্যাত ভুগে।

৩. উপহাৰত পোৱা সেন্দুৰো ল’ব নালাগে। এইসমূহ অশুভ বুলি ধৰা হয়।  

৪.গা নুধোৱাকে কেতিয়াও সেন্দুৰ ল’ব নালাগে। সেন্দুৰ লওঁতে সদায় স্বামীৰ দীঘলীয়া আয়ু আৰু উন্নতি বিষয়ে ভাবিব লাগে। সেন্দুৰ লওঁতে সদায় মা পাৰ্বতীকো মনত পেলাব লাগে।

৫.মাহেকীয়া সময়ত কেতিয়াও সেন্দুৰ ল’ব নালাগে। এনেকুৱা কৰিলে সেন্দুৰক অপমান কৰা হয়।

৬. সেন্দুৰ পৰাটো বহুত অশুভ বুলি ধৰা হয়। সেই কাৰণে সদায় সেন্দুৰ ভালকৈ ল’ব বা থ’ব লাগে।

৭.আনৰ সন্মুখত সেন্দুৰ ল’ব নালাগে। এনেকুৱা কৰিলে স্বামী আৰু পত্নীৰ মাজত কাজিয়া হয়।

৮. শিৰত সদায় গুৰি সেন্দুৰহে ল’ব লাগে। কিছুমান মহিলাই নলয় ।ভাবে নাকত আৰু কপালত পৰি যায়।নাকত আৰু কপালত সেন্দুৰ পৰিলে ভাল আৰু ইয়াৰ অৰ্থ হ’ল আপোনাৰ স্বামীয়ে আপোনাক বহুত মৰম কৰে।

৯. ভুলতে  সেন্দুৰ পৰি গ’লে প্ৰথমতে মা পাৰ্বতীক ক্ষমা খুজিব লাগে আৰু তাৰ পাছত একগোট কৰি মূৰত লগাই গছৰ তলত থৈ দিব লাগে।

১০.গুৰি সেন্দুৰ লওঁতে আঙুলিত বা জুইশলা কাঠিত  অলপ পানী লগাই ল’ব পাৰে তেতিয়া নাকত বা কপালত পৰি নাযায়।

১১.মান্যতা অনুসৰি যিসকল মহিলাই সেন্দুৰ চুলিৰে লোকোৱাই বা ধাকি থয়। তেওঁলোকৰ স্বামীও সমাজত লোকাই পৰে আৰু সন্মান নাপায়।

সেই কাৰণে কোৱা হয় যে সেন্দুৰ সদায় দীঘলীয়া আৰু ভালকৈ ল’ব লাগে যাতে সকলোৱে স্পষ্টকৈ দেখা পায়। সেন্দুৰে মহিলাসকলৰ সুভাগ্যক দৰ্শাই আৰু এনেকুৱা মহিলাৰ সৌন্দৰ্যতা বাঢ়ে বুলিও কোৱা হয়।

১২.শিৰত সেন্দুৰ লওঁতে সাৱধান হৈ ল’ব লাগে।শিৰৰ একদম সোঁ মাজতহে সেন্দুৰ ল’ব লাগে। কাষত অৰ্থাৎ মাজৰ শিৰত নলৈ যদি কাষত শিৰ ফালি লয়, তেতিয়া তেওঁলোকৰ স্বামীৰ লগত কাজিয়া হয় আৰু স্বামী অন্য মহিলাৰ প্ৰতি আকৰ্ষিত হৈ পৰে। সেই কাৰণে শিৰত সেন্দুৰ সদায় দীঘলীয়াকৈ ল’ব লাগে।

১৩.যিসকল মহিলাই শিৰৰ মাজত সেন্দুৰ লয়, তেওঁলোকৰ স্বামীৰ আয়ু দীঘলীয়া হৈ গৈ থাকে।মা পাৰ্বতীৰ আৰ্শীবাদ এনেকুৱা সম্পৰ্কত সদায় থাকে।

১৪.যিসকল মহিলাই সেন্দুৰ লোৱা আগত মূৰত সেন্দুৰ টেমাটো লগাই তাৰ পাছত সেন্দুৰ লয়। সেইসকল মহিলাৰ ঘৰ -পৰিয়ালৰ সুখ -সমৃদ্ধি বৃদ্ধি হয়।লগতে স্বামী আয়ু দীঘলীয়া হৈ পৰে।মা পাৰ্বতীয়ে এওঁলোকক আৰ্শীবাদ দিয়ে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!