20.6 C
Assam
Tuesday, March 21, 2023

Featured News

এইখন চহৰত সাধু-সন্তসকলৰ বাবে আছে বিনামূলীয়া বিউটি পাৰ্লাৰ

জটা হৈছে সাধু-সন্তসকলৰ আটাইতকৈ ডাঙৰ পৰিচয়। স্পষ্টকৈ...

বিদ্যুৎস্পৃষ্ট হ’লে কি কৰিব?

মানৱ দেহটো এশ শতাংশই বিদ্যুৎ পৰিবাহী৷ ফলত...

বহিঃৰাজ্যত অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু, ১ এপ্ৰিলত ঘৰলৈ আহিম বুলি কোৱা ধৃতাশ্ৰীৰ মৃত্যু

বহিঃৰাজ্যত অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু। যুৱতীগৰাকী সীমান্ত...

শনিদেৱৰ লগতে হনুমানৰো কৃপা দৃষ্টি লাভ কৰাৰ বিশেষ উপায়

Assamese Newsশনিদেৱৰ লগতে হনুমানৰো কৃপা দৃষ্টি লাভ কৰাৰ বিশেষ উপায়

শনিবাৰৰ দিনা শনিদেৱৰ লগতে হনুমানৰো কৃপা দৃষ্টি পাবলৈ আপোনালোকে কিছুমান উপায় কৰিব পাৰে।যাৰ ফলত আপোনালোকে জীৱন সলনি হৈ পৰিব।

দুখ কষ্ট নাইকীয়া হ’ব।ধন লাভ হ’ব। ইয়াৰ বাবে আমি কোৱা এই সহজ উপায় সমূহ এবাৰ কৰি চাওঁক।

১.যিসকল ব্যক্তিয়ে সচাঁ মনেৰে ভগৱান শনিক মনত পেলাই, তেওঁ সেইসকলক আশীৰ্বাদ প্ৰদান কৰে। আপোনালোকৰ যদি শনিৰ যিকোনো দোষ আছে, তেতিয়া শনিবাৰৰ দিনা আহঁত গছৰ তলত হাতে চুই সাত পাক ঘূৰিব লাগে ।মনত ৰাখিব এইটো কৰোঁতে ওম শনি ,শনিস্বৰায়েই নমঃ এই মন্ত্ৰটো জাপ কৰিব লাগিব।

২.শনিবাৰে শনি দেৱৰ লগতে ভগৱান হনুমানৰো পূজা কৰিব লাগে।শনিবাৰে আবেলি মাছক দানা বা পৰুৱাক আটা খোৱাব লাগে। ইয়াৰ ফলত ভাগ্য উদয় হয়।যদি আপোনালোকে কিবা ধাৰ আছে বা চাকৰিত উন্নতি হোৱা নাই তেতিয়া প্ৰত্যেক শনিবাৰে এই উপায়টো কৰক

ইয়াৰ প্ৰভাৱ আপোনালোকে বহুত সোনকালেই পাব। আৰ্থিক অৱস্থাৰ পৰা বা আৰ্থিক কষ্টৰ পৰা  মুক্তি পাবলৈ এই উপায়টো কৰা জৰুৰী।

এই দিনটো শনিদেৱ আৰু হনুমান দুয়োজনৰে নামত থাকে। শনিবাৰৰ দিনা দুয়োজনৰে নামত উপবাস ৰাখিব পাৰে। উপবাস ভঙাৰ আগত এটা ৰুটি মুখৰ আগত লৈ নিজৰ মনোকামনা ক’ব লাগে। এইটো কৰোঁতে ৰুটি চফা বাচনত থাকিব লাগে। কৈ হোৱাৰ পিছত সেই ৰুটিটো ক’লা গৰু বা  ক’লা ৰঙৰ কুকুৰক খাবলৈ দিব লাগে।এই উপায়টো কৰা ফলত আপোনালোকৰ সকলো পৰি থকা কাম হ’বলৈ ধৰিব।

৩. যদি আপোনালোকৰ শত্ৰুৱে আপোনালোকক অশান্তি কৰি আছে তেতিয়া শনিদেৱক তেল অৰ্পণ কৰক আৰু  ভগৱান হনুমানৰ ওচৰত তেল চাকি জ্বলাওঁক। এই দিনা পাৰিলে ক’লা বস্তু দান কৰক।যেনে- মাটিদাইল,তিল, ক’লা কাপোৰ বা ক’লা ৰঙৰ বস্তু যিকোনো দুখীয়া মানুহক দিয়ক।এই উপায়টো কৰা ফলত আপোনালোকৰ ওপৰত দুয়োজনৰে কৃপা দৃষ্টি থাকিব। আপোনালোকৰ যিমান বেয়া শত্ৰু থাকিলেও সি নিজেই নিজেই শত্ৰুতা নাইকীয়া কৰি দিব।

শনিবাৰৰ দিনা কিছুমান বস্তু কিনিব নালাগে।জানো আহঁক কি কি কিনিব নালাগে। আগতেও আমি আপোনালোকক কৈছোঁ এইদিনা তেল কিনিব নালাগে। এইদিনা তেল কিনিলে ঘৰলৈ শাৰীৰিক কষ্ট আৰু বেমাৰ আহে।

কয়লা এইদিনা কিনিব নালাগে আৰু লগতে কোনো ধৰণৰ ইন্ধন ঘৰলৈ আনিব নালাগে । ইয়াৰ ফলত ঘৰলৈ দৰিদ্ৰতা আহে বেয়া সময়ৰ আৰম্ভণি হয় ।

তৃতীয়টো হ’ল চামৰা ।যেনে- জোতা ,বেল আৰু পাৰ্চ এইসমূহ চামৰাৰ বস্তু কিনিব নালাগে। এইসমূহ কিনিলে আপোনালোকৰ সফলতাত বাধা আহিব পাৰে।

চতুৰ্থ বস্তুটো হ’ল- ঝাৰু। শনিবাৰৰ দিনা ঝাৰু কিনিলে ঘৰখনৰ আৰ্থিক স্থিতি বেয়া হয় বা অৰ্থ হানি হয়। শুক্ৰবাৰ বা বেলেগ দিনত কিনি শনিবাৰে তাৰ ব্যৱহাৰ কৰিলে বহুত শুভ বুলি ধৰা হয়।

ক’লা তিল। ক’লা তিল শনিবাৰৰ দিনা কিনাটো বৰ্জিত কৰিব লাগে। ক’লা তিল শনিবাৰৰ দিনা ঘৰলৈ অনা মানে শনিদেৱৰ আগমন হোৱা।

শনিবাৰৰ দিনা ঘৰলৈ নিমখো কিনি আনিব নালাগে।শনিবাৰৰ দিনা কিনা নিমখে ঘৰলৈ বেমাৰ কঢ়িয়াই আনিব পাৰে। ইয়াৰ ফলত ধাৰো বা ঋণ বাঢ়ে।

শনিবাৰৰ দিনা চিয়াঁহী কিনিব নালাগে।পেইন, পেঞ্চিল আদি একো কিনিব নালাগে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!