৫০০ ছাত্ৰীৰ মাজত পৰীক্ষা কেন্দ্ৰত ছাত্ৰ হিচাপে কেৱল নিজক পাই বেহুচ ছাত্ৰ; হাস্পতালত ভৰ্তি…
বিহাৰত ১ ফেব্ৰুৱাৰী বুধবাৰৰ পৰা আৰম্ভ হৈছে বৰ্ড পৰীক্ষা। পৰীক্ষাৰ প্ৰথম দিনাই হুলস্থুলৰ সাক্ষী হৈছিল। ইয়াত নালন্দাৰ পৰীক্ষা কেন্দ্ৰৰ পৰা পোহৰলৈ আহিছে এক অদ্ভুত ঘটনা। পৰীক্ষাৰ সময়ত এজন ছাত্ৰ পৰীক্ষাৰ্থী পৰীক্ষা কেন্দ্ৰলৈ যোৱাৰ সময়ত হঠাৎ অজ্ঞান হৈ পৰে। কাৰণ আছিল কেন্দ্ৰটোত বৃহৎ সংখ্যক ছোৱালীৰ উপস্থিতি, বৃহৎ সংখ্যক ছোৱালী দেখি পৰীক্ষাৰ্থী মণি শংকৰ অজ্ঞান হৈ পৰিল। তাৰপাছতে খৰখেদাকৈ তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়।
আচলতে এই সকলোবোৰ ভুলৰ বাবেই ঘটিছিল। ছাত্ৰগৰাকীৰ এডমিট কাৰ্ডত লিংগ শিতানত আছিল মহিলা বুলি। যাৰবাবে তেওঁক পৰীক্ষাত হাজিৰ হ’বলৈ ছাত্ৰী তকা কেন্দ্ৰলৈ পঠিওৱা হৈছিল।
এই ঘটনাটো বিহাৰৰ ব্রিলিয়েণ্ট কনভেণ্ট স্কুলৰ৷ পৰীক্ষাৰ প্ৰথম দিনটোতে ছাত্ৰজনে চেণ্টাৰ পোৱাৰ লগে লগে তেওঁ থতমত খালে। কেন্দ্ৰটোত তেওঁ একমাত্ৰ ছাত্ৰ আছিল আৰু তাত কেৱল ছাত্ৰীহে আছিল।
আচলতে মনীষ কুমাৰে পৰীক্ষাৰ প্ৰ-পত্ৰত পুৰুষৰ সলনি মহিলাক লিংগ শাখাত ৰাখিছিল। যাৰ বাবে তেওঁৰ কেন্দ্ৰটো ছোৱালীৰ পৰীক্ষা কেন্দ্ৰ ব্রিলিয়েণ্ট কনভেণ্ট স্কুললৈ গৈছিল।