ৰাৱণৰ এই ভাল কৰ্মবোৰ সকলোৰে পৰা লুকুৱাই ৰখা হল

1 min read

ৰামায়ণত নাকাৰাত্মক ৰূপে চিত্ৰিত ৰাৱণ বা দশাননৰ বিষয়ে আপোনালোকৰ ধাৰণা মহিলাৰ প্ৰতি বেয়া মনোভাৱৰ আৰু এজন মহাশক্তি ৰাক্ষসক হিচাপে গঢ়ি উঠিল।

কিন্তু আপোনালোকে জানেনে যে হিন্দু ধৰ্মৰ শাস্ত্ৰত ৰাৱণৰ বিষয়ে কিছুমান এনেকুৱা অদ্ভূত কথা আছে যিবোৰ আপোনালোকে শুনি আচৰিত হ’ব।যাক কেতিয়াও কোনেও উজাগৰণ কৰা নাই।

আজি আমি আপোনালোকক ক’বলৈ উলাইছোঁ ৰাৱণৰ  ১০ টা ভাল কৰ্মৰ বিষয়ে। যিবোৰ শুনি আপোনালোকৰ ৰাৱণৰ বিষয়ে থকা নাকাৰাত্মকতা নাইকীয়া হৈ পৰিব। হয়তো কিছুমান ঠাইৰ দৰে আপুনি ও ৰাৱণক পুঁজিবলৈ ধৰিব।

আপোনালোকে জানেনে যে ৰাৱণতকৈ বেছি বা ৰাৱণৰ সমান শিৱভক্ত আৰু কোনো নাছিল। তেওঁৰ জ্ঞানৰ তুলনা কাৰো লগত কৰিব নোৱাৰি।

ৰাৱণ ইমান বিদ্যমান আছিল যে তেওঁ বহুকেইখন ধৰ্ম শাস্ত্ৰ আৰু পুৰণি গ্ৰন্থৰ ৰচনা কৰিছিল।ৰাৱণৰ এই কথাটো শুনি আপোনালোকৰ আচৰিত যেন লাগিছে চাগে।

১.এবাৰৰ ঘটনা আছিল শিৱৰ ভক্তিত ৰাৱণে বিলিন হৈ কৈলাস পৰ্বতক দাঙি লংকালৈ  লৈ যাবলৈ ধৰিলে। ৰাৱণৰ এই কাৰ্য দেখি ভগৱান শিৱ ক্ৰোধিত হৈ পৰিল আৰু খঙতে নিজৰ আঙুলিৰে কৈলাস পৰ্বতক তললৈ হেঁচা দি দিলে।যাৰ ফলত ৰাৱণৰ এটা আঙুলি কৈলাস পৰ্বতৰ তলত সোমাই গ’ল। যাৰ ফলত ৰাৱণে বহুত দুখ পালে।

কিন্তু তাৰ পাছতো তেওঁ শিৱৰ তাণ্ডব নৃত্য কৰিবলৈ ধৰিলে। তেওঁৰ  এই ভক্তিভাৱক দেখি ভগৱান শিৱ বহুত প্ৰসন্ন হৈ পৰিল আৰু তেওঁক ৰাৱণ নাম দিলে। বাস্তৱত তেতিয়াৰে পৰাই তেওঁৰ ৰাৱণ নাম হ’ল।

২.এইকথাটো জনাৰ পাছত আপোনালোকৰ এনেকুৱা লাগিব যে হয় ৰাৱণেই সেই কালৰ সকলোতকৈ বিদ্যমান ব্যক্তি আছিল। কাৰণ যেতিয়া ৰাৱণ যুদ্ধত হাৰিলে আৰু তেওঁ মৃত্যু সমীপলৈ গৈ পাইছিল তেতিয়া ভগৱান ৰামে জানিছিল যে ৰাৱণ এজন বিদ্যমান ব্যক্তি আছিল।

সেই কাৰণে ৰামে লক্ষ্মণক তেওঁৰ শেষৰ কথাবোৰ শুনিবলৈ ওচৰলৈ পঠিয়াই দিলে। তাৰ পিছত ৰাৱণে লক্ষ্মণক এনেকুৱা তিনিটা জীৱনৰ কথা ক’লে যিবোৰ মানুহে ধ্যান ৰখাটো বহুত জৰুৰী।

প্ৰথমটো কেতিয়াও শুভ কামত দেৰি কৰিব নালাগে আৰু বেয়া কাম বা অশুভ কামক যিমান পাৰি নিজৰ পৰা আতঁৰাই ৰাখিবলৈ চেষ্টা কৰিব লাগে।

দ্বিতীয়টো কেতিয়াও নিজৰ ৰোগ আৰু শত্ৰুক সৰু বুলি ভাবিব নালাগে। কাৰণ ৰাৱণে ও সেইটোৱেই ভুল কৰিছিল। বান্দৰ সেনাক তুচ্য বুলি ভাবিলে তাৰ ফলত তেওঁ মৃত্যুবৰণ কৰিব লগা হ’ল।

তৃতীয়টো মানুহে নিজৰ ৰহস্য আনক ক’ব নালাগে। লাগিলে সেইজন আপোনাৰ যিমানেই আপোন কিয় নহওঁক লাগিলে। কাৰণ ৰাৱণৰ লগতটো সেইটোৱেই হৈছিল। ৰাৱণৰ নাভিত থকা অমৃতকুণ্ডৰ কথা তেওঁ বিভীষণক কৈ দিছিল। যিটো তেওঁৰ মৃত্যুৰ কাৰণ হৈ পৰিল।

৩. ৰাৱণ এজন বহুত ডাঙৰ তপস্যা কৰা ব্যক্তি আছিল। তেওঁ নিজৰ তপস্যা ফলত বহুত এনেকুৱা বিদ্যা আৰু শক্তি আহৰণ কৰিছিল যে যিবোৰে ৰাৱণক সৰ্বশক্তিশালী আৰু আন ৰাক্ষসকতকৈ অদ্ভূত বনাই তুলিছিল।

ৰাৱণে ত্ৰিদেৱৰ  তপস্যা কৰি সকলোৰে পৰা বেলেগ বেলেগ  ধৰণৰ বৰদান আৰু শক্তি প্ৰাপ্ত কৰিছিল। তাৰ ভিতৰতে তেওঁ ব্ৰহ্মাৰ পৰাও এটা বৰদান পাইছিল সেইটো হ’ল তেওঁ অমৰ হ’ব বিচাৰিছিল সেইকাৰণে ব্ৰহ্মায়ে বৰদান দিলে যে আজিৰ পৰা তোমাৰ প্ৰাণ অকল নাভিতহে থাকিব। ( Religious Studies )

সেই কাৰণে ৰাৱণ কোনো যুদ্ধতে পৰাজিত হোৱা নাছিল। ৰামৰ সেনাৰ ওপৰতো ৰাৱণ ভাৰি হৈ পৰিছিল। কিন্তু বিভীষণে কথাটো গম পাইছিল আৰু সেই কথাটো ৰামক কৈ দিছিল । সেই কাৰণে ৰাম সফল হ’ব পাৰিল। তেতিয়াৰে পৰা বিভীষণক ঘৰ শত্ৰু বুলি কোৱা হয়। বিভীষণে ৰামক কথাটো নোকোৱা হ’লে যুদ্ধৰ পৰিণাম বেলেগ হ’ল হেঁতেন।

৪.ৰাৱণৰ দেউতাক এজন ব্ৰাহ্মণ আৰু মাক এজনী ৰাক্ষসী আছিল। তাৰ পৰিণাম ৰূপে ৰাৱণৰ গাত বহুত জ্ঞান আৰু ৰাক্ষসক সমান শক্তি আছিল। বাল্মিকীৰ ৰামায়ণৰ মতে ৰাৱণ কুলেস্তে ঋষিৰ নাতিনীয়েক  আছিল। অৰ্থাৎ বিশ্বৰবা মুণিৰ পুতেক। তেওঁৰ দুজনী পত্নী আছিল। এজনী নাম আছিল কাইকাশী আৰু আনজনীৰ নাম বৰবৰ্ণীয়া । কোৱা হয় কাইকাশীয়ে অশুভ সময়ত গৰ্ভধাৰণ কৰিলে। সেই কাৰণে তেওঁৰ ৰাৱণ আৰু কুম্ভকৰ্ণৰ দৰে দুটা ৰাক্ষসকৰ দৰে পুতেক জন্ম হ’ল।

৫.বাস্তৱত ৰাৱণ এনেকুৱা এজন বুদ্ধিমান আৰু মায়াবী ৰাক্ষসক আছিল যে তেওঁ যাক বিচাৰে তাকে নিজৰ কথাত ফঁচাই ল’ব পাৰিছিল। এইবোৰ বুদ্ধিমত্তা আৰু মায়াবী গুণৰ ফলতেই তেওঁ ইন্দ্ৰ লগতে বহুত দেৱতাক বন্দী কৰি ৰাখিছিল।

৬.আপোনালোকে এইটো জানি আচৰিত হ’ব যে শ্ৰীলংকা ৰাৱণে বনোৱা নাছিল। ইয়াৰ সংস্থাপক কুবেৰ আছিল। কিন্তু ৰাৱণে বুদ্ধিমত্তা আৰু মায়াবী গুণৰ ফলত কুবেৰৰ পৰা সকলো লৈ ল’লে। ৰাৱণৰ বুদ্ধিমত্তা ইমানতে সীমিত নহয়। ৰাৱণৰ ওচৰত ৰাক্ষসী আৰু ব্ৰাহ্মণ দুয়োজনৰেই গুণ আছিল।

৭.ৰাৱণৰ দ্বাৰা ৰচিত ৰঙা কিতাপ বা পুস্তক খনৰ উপয়োগ আজিও তান্ত্ৰিকসকলে ক’লা যাদু আৰু বশ কৰিবলৈ কৰে। কিছুমান পণ্ডিতে এই কিতাপখনৰ ব্যৱহাৰ কুণ্ডলী বা‌ শুৱনী মিলাবলৈ কৰে। তাৰ ফলত জনা যায় যে ৰাৱণৰ জ্ঞান দেৱ আৰু অসুৰৰ গুণেৰে মিলিত অদ্ভূত জ্ঞান আছিল।যাৰ তুলনা দেৱতা বা অসুৰে কেতিয়াও কৰিব নোৱাৰে বা কৰাটো অসম্ভৱ।

৮.ৰাৱণ এজন বহুত ভাল শাসকো আছিল। তেওঁ প্ৰজাসকলক সকলো প্ৰকাৰৰ সা-সুবিধা প্ৰদান কৰিছিল। সেইসকল প্ৰজাৰ কাৰণে তেওঁতকে ভাল শাসক আৰু কোনো নাছিল। তেওঁ  প্ৰজাসকলৰ বাবে যিখিনি কৰিছিল কোনেও কৰিব নোৱাৰে বা নোৱাৰিলে । সেই কাৰণে আজিও শ্ৰীলংকাত ৰাৱণৰ পূজা কৰা হয়। লংকাৰ উপৰিও মধ্য প্ৰদেশ, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, ৰাজস্থান, হিমাচল প্ৰদেশ আৰু কৰ্ণাটকৰ দৰে আন ৰাজ্যতো দশ্বেৰা সময়ত তেওঁৰ পূজা কৰা হয়। তেওঁক জ্বলোৱা নহয়। ইয়াৰ পৰা ৰাৱণ এজন ভাল শাসক আছিল বুলি আমি জানিব পাৰোঁ।

৯.ৰাৱণে ৰুদ্ৰবীণা বজাব জানিছিল সেইকাৰণে তেওঁ বহুবাৰ ৰুদ্ৰবীণা বজাই শিৱ আৰু ব্ৰহ্মাক সন্তোষ ও কৰিছিল। তাৰ ফলত বহুত এনেকুৱা বৰ পাইছিল যে তেওঁ এজন সাধাৰণ ৰাক্ষসক পৰা এজন শক্তিশালী ৰাক্ষসক হৈ পৰিছিল। ৰাৱণৰ ছবি মহিলাৰ সকলৰ প্ৰতি বেয়া হ’লেও, কিন্তু এইটো সম্পূৰ্ণ সঁচা নহয়। বাস্তৱত ৰাৱণ নিজৰ আপোন আৰু পৰিয়ালৰ মানুহক লৈ বহুত ভাবুক আছিল। তেওঁ নিজৰ ভাই -ভনী সকলোকে লয় সত্য, অসত্য , শুদ্ধ, অশুদ্ধ একোৰেই চিন্তা নকৰিছিল। লাগিলে তাৰ কাৰণে তেওঁ যিয়ে কৰিব নালাগে।এই পৰিয়ালৰ প্ৰেমৰ ফলতেই ৰাৱণে নিজৰ প্ৰাণ ত্যাগ কৰিব লগা হ’ল। কাৰণ ৰাৱণে শূৰ্পনসাক লক্ষ্মণে কৰা অপমান সহ্য কৰিব নোৱাৰিলে আৰু ৰাৱণে একো নভবা নিচিন্তাকে সীতা হৰণৰ দৰে কাৰ্য কৰিলে।যি আগলৈ গৈ তেওঁৰ মৃত্যু কাৰণ হৈ পৰিল।

১০.ৰাৱণক মহিলাৰ অপমান কৰা ব্যক্তি বুলি ক’লেও, কিন্তু তেওঁ কেতিয়াও সীতাক তেওঁৰ ইচ্ছা বিৰুদ্ধে গাটো চুৱা নাছিল।ৰাৱণে নিজৰ পত্নীক বচাবলৈ সেই যগ্যাৰ পৰা উঠি দিলে যি যগ্যা কৰা ফলত তেওঁৰ ৰামৰ লগত যুদ্ধত হাৰ নহ’ল হেঁতেন।

ৰাৱণৰ মৃত্যুৰ পিছত তেওঁৰ শৰীৰটোৰ লগত কি হ’ল এইটো কোনেও নাজানে। কোৱা হয় ৰাৱণৰ মৃত্যুৰ পিছত তেওঁৰ শৰীৰটো নাগসকলে লৈ গৈছিল পুণৰ জীৱিত কৰিবলৈ। কাৰণ তেওঁলোকে কৈছিল যে লক্ষ্মণক যদি সঞ্জীৱনী খোৱাই পুণৰ জীৱিত কৰিব পাৰে তেতিয়া ৰাৱণক কিয় নোৱাৰিব।

কিন্তু  তেওঁলোকে বহু কষ্ট কৰিও ৰাৱণক জীৱিত কৰিব নোৱাৰিলে । তেওঁলোক অসফল হ’ল। তাৰ পাছত  নাগসকলে ৰাৱণৰ শৰীৰটো ১৫৮ কিলোমিটাৰ দূৰত ৰংগালাৰ এটা বাকত থৈ দিলে। ইয়াৰ লগত জড়িত সত্যতাৰ বিষয়ে জানিবলৈ বহুবাৰ ইয়াত ৰিচাৰ্ছ ও কৰা হ’ল।

ৰিচাৰ্ছ কৰোঁতে তাত ১৮ ফুট দীঘল আৰু ৫ ফুট ওখ বাকচো পোৱা গ’ল।যাৰ লগত জৰিত কিছুমান কাল্পনীক কথাও শুনিবলৈ পোৱা হয়। এনেকৈ ও কোৱা হয় যে তালৈ যোৱা মানুহ ভ্ৰমিত ও হৈ পৰে বা তেওঁলোক ঘূৰি নাহে।

ইয়াৰ উপৰিও ৰাৱণৰ ওচৰত চাৰিখন এনেকুৱা বিমান আছিল যি দিব্যবিমান আছিল।যিবোৰ সাধাৰণ নাছিল। বায়ু বেগত চলিছিল ।এইবোৰ  ৰাৱণে নিজৰ ইচ্ছা অনুসৰি সৰু ডাঙৰ কৰি লৈছিল।এই বিমান আচলতে কুবেৰে ব্ৰহ্মাৰ পৰা বৰদানত পাইছিল। যিবোৰ ৰাৱণে যুদ্ধ কৰি লৈ লৈছিল।

শ্ৰীলংকাৰ পুৰাতত্ত্বৰ বিভাগৰ মতে ৰাৱণৰ পুষ্প বিমান থোৱা চাৰিখন ঠাইয়ো আছিল। তাৰ নামসমূহ হ’ল- উসানগৌডা,গুৰুলৌপৌথা,তৌতুপৌলাকণ্ডা আৰু বৰিয়াপৌলা।

প্ৰিয় পাঠকসকল আমি এইটো নকওঁ যে ৰাৱণ শুদ্ধ আছিল। কিন্তু আপোনালোকে অকল ৰাৱণৰ নাকাৰাত্মকতাহে গম পাইছিল। কিন্তু এইসমূহ জনাৰ পাছত আপোনালোকৰ ৰাৱণৰ প্ৰতি অলপ মনোভাৱ সলনি হ’ব।

You May Also Like

More From Author