শ্ৰীকৃষ্ণৰ এই উপদেশে সকলো মনুষ্যকে সফল হোৱাত সহায় কৰিব

1 min read

ভগৱান শ্ৰীকৃষ্ণৰ দ্বাৰা গীতাত যিসমূহ উপদেশ দিয়া হৈছে। সেইসমূহ যদি মানুহে নিজৰ জীৱনত পালন কৰে। তেতিয়া তেওঁলোকে জীৱনত নিশ্চিত ৰূপে সফল হ’ব।( Religious Studies )

গীতাৰ এইসমূহ উপদেশে সঁচায়েই সফল জীৱন নিৰ্মাণ কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।গতিকে আজি জানো আহক গীতাত উল্লেখ থকা এই বিশেষ উপদেশ সমূহৰ বিষয়ে-

১.সকলোতকৈ প্ৰথমে এইটো যে আত্মা অমৰ। কিন্তু মানৱ শৰীৰ নশ্বৰ। শ্ৰীকৃষ্ণৰ অনুসৰি মানুহৰ শৰীৰটো এটা কাপোৰৰ দৰে। অৰ্থাৎ যেনেদৰে আমি পুৰণি হ’লে কাপোৰ সলনি কৰোঁ।ঠিক সেইদৰে আত্মায়েও প্ৰত্যেক জন্মতে শৰীৰৰ সলনি কৰে। অৰ্থাৎ মানৱ শৰীৰ।

আত্মা অস্থায়ী বস্ত্ৰ । যি প্ৰত্যেক জন্মতে সলনি কৰা হয়। ইয়াৰ অৰ্থ এইটো যে আমি মানু্হৰ শৰীৰ চাই নহয় আত্মা চাই মানু্হৰ চিনাকি কৰিব লাগে। যিসকল মানুহ, মানুহৰ শৰীৰত আকৰ্ষিত হৈ থাকে আৰু মানুহৰ জীৱনটোৱেই সত্য বুলি ভাৱে। তেনেকুৱাত মানুহৰ বাবে গীতাৰ এই উপদেশ বহুত ডাঙৰ শিক্ষা। ই আমাক শিকাই আমাৰ উদ্দেশ্য অস্থায়ী শৰীৰৰ তৃপ্তি নহয়। স্থায়ী আত্মাৰ মুক্ষ প্ৰাপ্তি।  

২.মৃত্যুৱে হ’ল একমাত্ৰ সত্য। কুৰুক্ষেত্ৰৰ যুদ্ধত ভগৱানে অৰ্জুনক কৈছিল যে জন্ম আৰু মৃত্যু জীৱনৰ এটা সত্য।যিটো জানি লোৱাতো আৱশ্যক। কাৰণ মানুহৰ জীৱনৰ এটায়েই সত্য।সেইটো হ’ল মৃত্যু। অৰ্থাৎ যিয়ে এই পৃথিৱীত জন্ম লৈছে সি এদিন নহয় এদিন এই পৃথিৱী এৰি যাব লাগিবয়েই।এইটোৱেই এই পৃথিৱীৰ অটল সত্য। তাৰ পিছত এই কথাটো নহয় বুলি ক’ব নোৱাৰি যে সকলো মানুহে মৃত্যুলৈ ভয় কৰি থাকে। অৰ্থাৎ মানুহে জীৱনৰ আটাইতকৈ অটল সত্যৰ পৰায়েই ভয় কৰি থাকে।এইটোৱে মানুহৰ বৰ্তমানৰ সুখো নাইকীয়া কৰি দিয়ে।সেয়েহে, কোনো ধৰণৰ ভয় কৰিব নালাগে।মৃত্যুটো সেইটো পৰম সত্য যিটো এদিন আহিবয়েই। সেইবাবে মৃত্যুলৈ ভয় কৰাতো মূৰ্খতা।

৩. ক্ৰোধত ব্যক্তিৰ নাশ হয়। ভগৱান শ্ৰীকৃষ্ণয়ে গীতাৰ এক উপদেশত কৈছে- ক্ৰোধৰ ফলত ভ্ৰম হয় আৰু ভ্ৰমৰ ফলত বুদ্ধি নাশ হয়। বুদ্ধিয়ে কাম নকৰিলে তৰ্ক নষ্ট হৈ যায় আৰু ব্যক্তিৰ নাশ হৈ যায়। সেইবাবে মানুহে খঙত নিয়ন্ত্ৰণ ৰাখিব লাগে। কাৰণ ক্ৰোধে ভ্ৰম উৎপন্ন কৰে। মানুহে খঙত কেতিয়াবা কিছুমান এনেকুৱা কাম কৰে যাৰ ফলত তেওঁলোকৰ বহুত ক্ষতি হয়। কেতিয়াবা মানুহে বেয়া পথো বাচি লয়। মানুহৰ যেতিয়া খঙ উঠে তেতিয়া মগজুৱে ভাল ,বেয়া মাজত পাৰ্থক্য কৰিব নোৱাৰা হয়। সেই কাৰণে মানুহে খঙ উঠাৰ পৰিস্থিতিৰ পৰা বাচি শান্ত হৈ থাকিব লাগে।খঙত একো সিদ্ধান্ত ল’ব নালাগে। খঙত লোৱা সিদ্ধান্তয়ে মানুহক বহুত ক্ষতি কৰিব পাৰে।

৪.মানুহে নিজৰ কৰ্ম এৰিব নোৱাৰে।ভগৱান শ্ৰীকৃষ্ণয়ে গীতাৰ এক উপদেশত কৈছে-  কোনো মানুহে নিজৰ কৰ্ম এৰিব নোৱাৰে। অৰ্থাৎ যিসকলে কৰ্ম কৰি থাকে তেওঁলোকক সেই মাৰ্গৰ পৰা আতঁৰোৱা ঠিক নহয়। কাৰণ জ্ঞানবাদী লোকত তেওঁলোকৰ কৰ্ম যদি হেৰাই যায় তেতিয়া তেওঁলোক দুয়োফালৰ পৰা ভ্ৰমিত হৈ পৰিব।নাইটো মানুহে কৰ্ম নকৰাকৈ নিষ্টকৰ্মতা বা যোগনিস্থা প্ৰাপ্ত কৰিব পাৰে। নাইটো কৰ্মৰ ত্যাগ কৰি সিদ্ধি লাভ কৰে।

৫. প্ৰকৃতিয়ে মানুহক কৰ্ম কৰিবলৈ বাধ্য কৰে। যিসকল মানুহে কৰ্মৰ পৰা বাচিব বিচাৰে, সিটো কৰ্ম এৰি দিয়ে। কিন্তু ভিতৰি সি কৰ্মতেই ডুবি থাকে। ব্যক্তিৰ স্বভাৱ যেনেকুৱা হয় ব্যক্তিয়ে তেনেকুৱায়েই কৰ্ম কৰে।

৬. মনক নিয়ন্ত্ৰণত ৰাখক।গীতাত সেইসকলৰ বাবে উপদেশ দিয়া হৈছে যিসকলে নিজৰ মনক নিয়ন্ত্ৰণত নাৰাখে। কাৰণ এনেকুৱা মানুহৰ মন ইফালে সিফালে গৈ থাকে। তেওঁলোকৰ বাবে মনটোৱে শত্ৰুৰ সমানেই কাম কৰে।যেতিয়া মানুহৰ মন ভাল হৈ থাকে তেতিয়া মানুহ মগজু ও ভালকৈ চলি থাকে। সেই কাৰণে নিজৰ মনক সদায় নিয়ন্ত্ৰণত ৰাখক। যি মূৰ্খ বুদ্ধিৰ ব্যক্তিয়ে সমস্ত ইন্দ্ৰিয়ক আতঁৰাই ওপৰৰ পৰা ৰখাই মনৰ ভিতৰত সেই ইন্দ্ৰিয়সমূহৰ কথা চিন্তা কৰি থাকে, তেওঁলোকক মিথ্যাচাৰী বুলি কোৱা হয়।

৭. চোৱাৰ প্ৰক্ৰিয়া।গীতাত মানুহক চোৱাৰ প্ৰক্ৰিয়াৰ ওপৰতো উপদেশ দিয়া হৈছে। ইয়াত কোৱা হৈছে যিসকল জ্ঞানী ব্যক্তিয়ে জ্ঞান আৰু কৰ্মক সমান ৰূপে চাই।তাৰ চাৱণিয়েই ভাল।যিসকল অজ্ঞানী ব্যক্তি তেওঁলোকৰ জ্ঞান নোহোৱাৰ বাবে তেওঁলোকে সকলো বস্তু বেয়া চকুৰে চাই।

৮.নিজৰ চিনাকি কৰক।গীতাত এইটোও কোৱা হৈছে যে মানুহে নিজৰ চিনাকি কৰিব লাগে। নিজৰ ক্ষমতাক চিনি পাব লাগে। মানুহে নিজৰ আত্ম জ্ঞানৰ তলুৱাৰে দি হৃদয়ৰ অজ্ঞানৰ সন্দেহ কাটি পেলাব লাগে। যেতিয়ালৈকে মানুহে নিজৰ বিষয়ে নাজানে তেতিয়ালৈকে মানুহৰ উদ্বাৰ নহয়।

৯.কৰ্ম কৰক আৰু ফলৰ ইচ্ছা নকৰিব। যিসকলে কৰ্ম নকৰে আৰু আগতেই পৰিণামৰ কথা ভাৱে তেওঁলোকৰ বাবে গীতাৰ এই উপদেশে বহুত‌ শিক্ষা প্ৰদান কৰিব। শ্ৰীকৃষ্ণয়ে কৈছে মানুহে নিজৰ ভাল কৰ্ম কৰি থাকিব লাগে আৰু এইটো ভাবিব নালাগে যে ইয়াৰ পৰিণাম কি হ’ব। কাৰণ কৰ্ম ফল সকলো মানুহে পাই। সেই কাৰণে মানুহে এনেকুৱা চিন্তা মনত ৰাখিব নালাগে। অৰ্থাৎ কিবা কাম কৰা সময়ত মানুহে তাৰ পৰিণামৰ বিষয়ে ভাবিব নালাগে। সকলো কাম চিন্তা মুক্ত হৈ কৰিব লাগে।

১০. ইন্দ্ৰিয় ওপৰত নিজেই জ্ঞান আৰু কৰ্মৰ প্ৰভাৱ বা চাপ আছে।সুখ আৰু দুখত মানুহৰ মনৰ অৱস্থা সদায় একে নাথাকে।সুখত মানুহ অতি উৎসাহিত হৈ পৰে আৰু দুখত নিয়ন্ত্ৰণহীন হৈ পৰে।সেয়েহে, সুখ আৰু দুখত মানুহৰ স্থিতি সমান হোৱাকে যোগ বা ধ্যান বুলি কোৱা হয়। মানুহে যেতিয়া সাংসাৰিক মোহ ত্যাগ কৰি কোনো ফল প্ৰাপ্তি চিন্তা নকৰাকে কাম কৰে। তেতিয়া সেইসময়ত সেই মানুহজনক ধ্যানৰ স্থিতিত থকা বুলি কোৱা হয়।যিজন মানুহে নিজৰ মনক বশ কৰে, তেওঁলোকৰ বাবে মন হৈছে আটাইতকৈ ডাঙৰ বন্ধু।কিন্তু যিজন মানুহে নিজৰ মন নিয়ন্ত্ৰণ কৰিব নোৱাৰে।তেওঁৰ বাবে, মনটোৱেই আটাইতকৈ ডাঙৰ শত্ৰু হৈ পৰে। যিজন মানুহৰ জ্ঞান প্ৰাপ্তি হয় তেওঁৰ বাবে সুখ,দুখ, গৰম, ঠাণ্ডা, মান, অপমান সকলো এক সমান হৈ পৰে। এনেকুৱা মানুহে ইন্দ্ৰিয়ক বশ কৰি, জ্ঞানৰ দ্বাৰা ভগৱানক প্ৰাপ্ত কৰি সদায় সন্তোষীত হৈ থাকে।( Religious Studies )

১১.আনতকৈ আগত নিজৰ ওপৰত বিশ্বাস ৰাখক। গীতাত শ্ৰীকৃষ্ণয়ে উপদেশ দিছে যে প্ৰতিজন মানুহৰ নিজৰ ওপৰত সম্পূৰ্ণ বিশ্বাস থাকিব লাগে।কাৰণ যিসকলে নিজৰ ওপৰত বিশ্বাস কৰে তেওঁলোকে সফলতা অৰ্জন কৰে। মানুহে যেনেকৈ বিশ্বাস কৰে তেনেকুৱায়েই হৈ পৰে।

১২.নিজৰ লক্ষ্য প্ৰাপ্ত কৰিবলৈ কঠোৰ চেষ্টা কৰক।  গীতাৰ এই উপদেশ যদি কোনো মানুহে নিজৰ জীৱন পালন কৰে, তেতিয়া তেওঁলোকক সফল হ’বয়েই।যিসকল লোকে সম্পূৰ্ণ আত্মবিশ্বাসেৰে তেওঁলোকৰ লক্ষ্য প্ৰাপ্তি কৰিবলৈ চেষ্টা কৰে। তেওঁলোকে নিশ্চিত ভাৱে লক্ষ্য অৰ্জন কৰে। কিন্তু মানুহে নিজৰ লক্ষ্য প্ৰাপ্তি কৰিবলৈ কঠোৰ চেষ্টা কৰি থাকিব লাগে।

১৩.প্ৰথমতে নিজৰ কাম কৰক। মানুহে প্ৰথমতে নিজৰ কামক গুৰুত্ব দিব লাগে আৰু প্ৰথমতে নিজৰ কাম কৰি লাগে। তাৰ পিছতহে আনৰ কাম কৰক।কাৰণ যিসকলে প্ৰথমে নিজৰ কাম নকৰে। আনৰ কাম কৰে তেওঁলোক সদায় দুখত থাকে।

১৪.নিজৰ কামত সুখ বিচাৰক।যিসকলে নিজৰ  কাম মন দি কৰে আৰু নিজৰ কামত সুখ বিচাৰি লয়। তেওঁলোকে নিশ্চিত ভাৱে সফলতা অৰ্জন কৰে।কিন্তু বহুতো মানুহ আছে যিয়ে তেওঁলোকৰ কামক বোজা বুলি ভাবে আৰু তাক সোনকালে শেষ কৰিবলৈ চেষ্টা কৰে। এনেকুৱা মানুহে কোনো কাম সঠিকভাৱে কৰিব নোৱাৰে। নিজৰ জীৱনত পিছ পৰি যায়।

১৫. ঈশ্বৰ এজনেই। গীতাত শ্ৰীকৃষ্ণয়ে কৈছে সকলোবোৰ এজন ভগৱানৰেই অংশ।যিসকলে ঈশ্বৰক বিভিন্ন ৰূপত উপাসনা কৰে আৰু তেওঁলোকৰ বেলেগ বেলেগ শক্তিত বিশ্বাস ৰাখে এনে লোকসকলৰ বাবে এইটো জনাটো গুৰুত্বপূৰ্ণ যে সকলোবোৰ এজন ভগৱানৰেই অংশ। মানুহৰ ভাল আৰু বেয়া গুণ ভগৱানৰ শক্তিৰেই এটা ৰূপ।যিসকলে ঈশ্বৰক প্ৰকৃত হৃদয়েৰে উপাসনা কৰে আৰু নিজৰ সকলো মনোযোগ ঈশ্বৰৰ ভক্তিৰ ওপৰত কেন্দ্ৰিত কৰে।  তেওঁলোকক সম্পূৰ্ণ সিদ্ধি যোগী বুলি গণ্য কৰা হয়। 

আনহাতে মানুহে পৰমাত্মাৰ সৰ্বব্যাপী, অকল্পনীয়, নিৰাকাৰ, অবিনাশী, অচল স্থিতিৰ উপাসনা কৰে। নিজৰ সকলো ইন্দ্ৰিয়ক বশ কৰি সকলো পৰিস্থিতিত সমান ৰূপে থাকি সকলো প্ৰাণীৰ হিত কৰে। তেওঁলোকৰ ওপৰত ভগৱানৰ কৃপা দৃষ্টি থাকে। গীতাত ভগৱানে মহাভাৰতৰ যুদ্ধৰ সময়ত অৰ্জুনক কৈছিল হেই , অৰ্জুন নিজৰ মনক মোৰ ওপৰত স্থিৰ কৰি বুদ্ধিকো মোৰ ওপৰতে লগোৱা। এনেদৰে তুমি নিশ্চিত ৰূপে মোৰ তাতে নিবাৰ্হ কৰিবা। এনেকুৱা কৰিব নোৱাৰা যদি ভক্তিৰ বলেৰে মোক পাবলৈ চেষ্টা কৰা। এনেদৰে তুমি মোৰ কাৰণে কৰ্ম কৰি মোৰ প্ৰাপ্তি ৰূপি পৰম সিদ্ধি প্ৰাপ্তি কৰিবা।

১৬. অতি সৰ্বত্ৰ ব্ৰজয়তে।মানুহৰ বাবে অধিক প্ৰয়োজনীয়তা ঘাটক স্বৰূপ। যেনেদৰে সম্পৰ্কত তিক্ততা বা মধুৰতা থাকে ,সুখ বা দুখ থাকে তেনেকে আমি কেতিয়াও বেচি কৰিব নালাগে।জীৱনত ভাৰসাম্যতা বজাই ৰখাটো অতি গুৰুত্বপূৰ্ণ।যেতিয়ালৈকে মানুহৰ জীৱনত কোনো ভাৰসাম্যতা নাথাকে। তেতিয়ালৈকে তেওঁলোকে  জীৱনত সুখেৰে জীয়াই থাকিব নোৱাৰে।অৰ্থাৎ, মানুহে প্ৰয়োজনতকৈ অধিক বেছি কৰা উচিত নহয়। নিজৰ জীৱনত ভাৰসাম্যতা বজায় ৰাখিব লাগে।

১৭. স্বাৰ্থপৰ নহ’ব।যিসকলে আনৰ কল্যাণৰ প্ৰতি মনোযোগ নিদিয়ে আৰু অকল নিজৰ কথা চিন্তা কৰি থাকে। সেই লোকসকলৰ কেতিয়াও ভাল নহয়।মানুহৰ স্বাৰ্থয়ে তেওঁক আন মানুহৰ পৰা আঁতৰাই লৈ গৈ তেওঁলোকক নেতিবাচক পৰিস্থিতিৰ ফালে ঠেলি দিয়ে।যাৰ বাবে ব্যক্তিজন অকলশৰীয়া হৈ পৰে।আপুনি যদি আপোনাৰ জীৱনটোত সুখেৰে জীয়াই থাকিব বিচাৰে।তাৰ কাৰণে আপুনি আপোনাৰ ওচৰলৈ কোনো স্বাৰ্থপৰ মানুহক আহিবলৈ দিব নালাগিব।কাৰণ স্বাৰ্থপৰ মানুহে নিজৰ স্বাৰ্থপৰতা বাবেই বন্ধুত্ব গঢ়ি তোলে।

১৮. ঈশ্বৰে সদায় মানুহৰ লগ দিয়ে।আপুনি এইটো শুনিছে চাগে যাৰ কাৰো নাই তেওঁৰ লগত ঈশ্বৰ থাকে। গীতাতো এইটো কোৱা হৈছে ঈশ্বৰে সদায় মানুহৰ লগ দিয়ে।যেতিয়া মানুহে এই প্ৰভাৱশালী বাক্যটো মানি লয়, তেতিয়া তেওঁৰ জীৱনটো সম্পূৰ্ণৰূপে সলনি হৈ যায়। সৃষ্টিৰ নিৰ্মাতা হৈছে ঈশ্বৰ যিয়ে গোটেই পৃথিৱীখন চলাই আছে। মানুহটো ভগৱানৰ হাতৰ পুতলাহে।সেয়েহে, ব্যক্তিয়ে কেতিয়াও তেওঁৰ ভৱিষ্যত আৰু অতীতৰ বিষয়ে চিন্তা কৰা উচিত নহয়।কিয়নো প্ৰতিটো কঠিন পৰিস্থিতিতেই ঈশ্বৰে মানুহৰ লগ দিয়ে আৰু তেওঁলোকক তাৰ পৰা বাহিৰলৈ উলিয়াই আনে। সেই কাৰণে আমি ঈশ্বৰৰ ওপৰত ভৰসা কৰিব লাগে।

১৯. সন্দেহৰ অভ্যাসে মানুহৰ দুখৰ কাৰণ হৈ পৰে। যিসকলৰ সন্দেহ কৰা অভ্যাস থাকে বা বেছি সন্দেহ কৰে। তেওঁলোকৰ বাবে গীতাত কোৱা হৈছে পৰম সত্যৰ অনুসৰণ বা সন্দেহৰ অভ্যাসে এজন ব্যক্তিৰ জীৱনত দুখৰ সৃষ্টি কৰে

You May Also Like

More From Author