ৰঙাজিঞা সদৰ শাখা কবি সন্মিলনৰ মাহেকীয়া অনুষ্ঠান “কাব্য চৰ্চা” সম্পন্ন

ৰঙাজিঞা সদৰ শাখা কবি সন্মিলনৰ মাহেকীয়া অনুষ্ঠান “কাব্য চৰ্চা” সম্পন্ন

নিউজ ব্যুৰ’,নগাঁও,৫ফেব্ৰুৱাৰী:–সদৌ অসম কবি সন্মিলনৰ অন্তভুৰ্ক্ত নগাঁও জিলা কবি সন্মিলনৰ অন্তৰ্গত ৰঙাজিঞা সদৰ শাখা কবি সন্মিলনৰ মাহেকীয়া অনুষ্ঠান “কাব্য চৰ্চা” অনুষ্ঠানটি ৰবিবাৰে অনুষ্ঠিত হৈ যায়। কলংপাৰ বিদ্যাপীঠত ৰঙাজিঞা সদৰ শাখা কবি সন্মিলনৰ সভাপতি অশোকৰাম ভট্টাচাৰ্যৰ সভাপতিত্বত অনুষ্ঠিত “কাব্য -চৰ্চা” অনুষ্ঠানটি সঞ্চালনা কৰে বিশিষ্ট কবি মদাৰজ্যোতিয়ে। কাব্য-চৰ্চা অনুষ্ঠানত নগাঁও জিলা কবি সন্মিলনৰ সভাপতি দ্বিজেন্দ্ৰ নাথ হাজৰিকা,উপ-সভাপতি শশী কেওট,নগাঁও জিলা কবি সন্মিলনৰ সম্পাদক ৰাজু সমীৰণ, সাপ্তাহিক “কলংপাৰ” কাকতৰ সম্পাদক ভৱেন বৰা,শিল্পী আতিকুৰ ৰহমান,দিগন্ত ভাগৱতী, মধুৰ চৌধুৰী,কবি চন্দ্ৰ শইকীয়াকে ধৰি কেইবাগৰাকী বিশিষ্ট উপস্থিত থাকে ।ৰঙাজিঞা সদৰ শাখা কবি সন্মিলনৰ সম্পাদক কবিতা বৰাই আঁত ধৰা “কাব্য-চৰ্চা” অনুষ্ঠানত কবিতা পাঠ কৰে ক্ৰমে কবি লখিমী মহন্ত,ইন্দিৰা গোস্বামী ভট্টাচাৰ্য,মালা মেধি কাকতি, কাবেৰী মহন্ত,তুলিকা দেৱী,হাছিনা মমতাজ,আশা বৰা মন,মোন্তাকীন শ্বেখ,ছেলিমা বেগম,আসাদ মদনী, হাইছউদ্দিন আহমেদ,নিজৰা শইকীয়া,মধু চৌধুৰী,আহচানাল মৰিফ,স্বপ্না দেৱী,মেৰিনা বেগম, নিৰ্মালী কলিতা,মেহবুবা চুলতানা, ৰাতুল শৰ্মা,শিখা ৰাণী পাঠক শইকীয়া,দেৱযানী পাঠক শৰ্মা, দীপা পণ্ডিতকে ধৰি ত্ৰিশ গৰাকী কবিয়ে।”কাব্য -চৰ্চা” অনুষ্ঠানৰ পাছত সদৌ অসম কবি সন্মিলনৰ কাব্য মন্ত্ৰৰে মাহেকীয়া কাব্য-চৰ্চা অনুষ্ঠানৰ সফল সামৰণি পৰে।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

GTM Desk

Related