ভগৱান শ্ৰী কৃষ্ণৰ প্ৰতিমূৰ্তিৰ পাচফাল কিয় দৰ্শন কৰিব নেপায়

ভগৱান শ্ৰী কৃষ্ণৰ প্ৰতিমূৰ্তিৰ পাচফাল কিয় দৰ্শন কৰিব নেপায়

সনাতন ধৰ্ম অনুসৰি পূজা পাঠৰ লগত জড়িত অনেক উপদেশ দিয়া হৈছে। নিত্য কৰ্ম সন্দৰ্ভত শাস্ত্রত দৈনিক কৰ্মৰপৰা লৈ

পূজন প্ৰণালী আৰু দেৱ দৰ্শনো নিৰ্দেশ দিয়া হৈছে।

শাস্ত্রত কিছু নিৰ্দেশ দেৱ স্থানলৈ যাবলৈও বনোৱা হৈছে।

কিছু নিৰ্দেশ সামান্য, যেনে,

স্নান কৰিয়েই পূজা স্থানলৈ যোৱ,

চাফ চিকুন হৈয়ে, মন্দিৰলৈ যোৱ, তথা সদায়ে শুদ্ধ হৈ দেৱ স্থানলৈ যোৱা, ইত্যাদি।

মান্যতা অনুসাৰি ভগৱান শ্রী কৃষ্ণৰ পাছফাল অৰ্থাৎ পিঠি দৰ্শন কৰাটো শাস্ত্র অনুসাৰে বৰ্জিত মনা হয়।

কিয় ভগৱান শ্রী কৃষ্ণৰ পিঠি দৰ্শন কৰা নহয় ?

ভগৱান শ্রী কৃষ্ণৰ পিঠি দৰ্শন নকৰাৰ নিয়ম শাস্ত্রত কোৱা হৈছে।

সেইবাবে যেতিয়া শ্রী কৃষ্ণৰ মন্দিৰ যোৱা হয়,

তেতিয়া এই কথা সদায়ে মনত ৰাখিব।

ভগৱান শ্রী কৃষ্ণৰ পিঠি কেতিয়াও দৰ্শন নকৰিব।

দৰাচলতে শাস্ত্রত সুখ সাগৰত ভগৱান শ্রী কৃষ্ণৰ পিঠি দৰ্শন নকৰাৰ, ভগৱান শ্রী কৃষ্ণৰে লীলা জড়িত হৈ আছে৷

ভগৱান শ্রী কৃষ্ণৰ লীলা অনুসাৰি

ভগৱান শ্রী কৃষ্ণই যেতিয়া জৰাসন্ধৰ লগত যুদ্ধ কৰিছিল, তেতিয়া জৰাসন্ধৰ লগতে কালযৌৱনে ভগৱান শ্রী কৃষ্ণৰ লগত যুদ্ধ কৰিছিল।

তেতিয়া কালযৌৱনক বধ কৰিবলৈ শ্রী কৃষ্ণই যুদ্ধ ভূমিৰ পৰা পলাই দিলে।

তেনেদৰে ৰণ ভূমিৰ পৰা পলাই দিয়া বাবে,ভগৱান শ্রী কৃষ্ণৰ নাম ৰণচোৰ হৈছিল।

যেতিয়া ৰণ এৰি ভগৱান শ্রী কৃষ্ণ পলাইছিল

তেতিয়া কালযৌৱনে ভগৱান শ্রী কৃষ্ণৰ পাচে পাচে খেদি গল।

এনেদৰে ভগৱান শ্রী কৃষ্ণ ৰণভূমিৰপৰা পলাল।

কাৰণ কালযৌৱন পূৰ্ৱ জনমৰ পূণ্য অধিক আছিল।

এনেদৰে কালযৌৱনে ভগৱান শ্রী কৃষ্ণৰ পিঠি দেখা পায় খেদি গল।

আৰু তেনেদৰে কালযৌৱনৰ অধৰ্মও বাঢ়ি গল।

ভগৱানৰ পিঠিত অৰ্ধমই বাস কৰে।

আৰু ভগৱানৰ পিঠি দৰ্শন কৰিলে অৰ্ধম বাঢ়ে।

যেতিয়া কালযৌৱনৰ পূণ্য প্ৰভাৱ শেষ হল, তেতিয়া শ্রী কৃষ্ণ এটা গুহাত সোমাই পৰিল।

যত মোচুকুণ্ড ৰজা গভীৰ নিদ্ৰাত আছিল।

মোচুকুণ্ডৰ দেৱৰাজ ইন্দ্ৰৰ বৰদান আছিল যিয়ে

ৰজা মোচুকুণ্ডক নিদ্ৰাৰ পৰা জগাব

আৰু ৰজাৰ দৃষ্টি তেওঁৰ ওপৰত পৰিলেই

সেইজন ভষ্ম হব।

কালযৌৱনে মোচুকুণ্ডক শ্রী কৃষ্ণ বুলি জগালে আৰু ৰজাৰ দৃষ্টি কালযৌৱনে ওপৰত পৰাত কালযৌৱন ভষ্ম হল।

ভাগৱতৰ দ্বিতীয় স্কন্ধত

দ্বিতীয় অধ্যায় সুল্কত সুখদেৱে ৰজা পৰিক্ষিতক ভগৱানৰ বিৰাট স্বৰূপৰ বৰ্ণনা কৰি কৈছে যে,

ধৰ্ম ভগৱানৰ আগত, আৰু অৰ্ধম ভগৱানৰ পাছত।

অৰ্থাৎ ভগৱান শ্রী কৃষ্ণৰ পিঠি দৰ্শন কৰিব নালাগে।

কাৰণ এনে কৰিলে, পূণ্য প্ৰভাৱ কমি যায়।

আৰু অৰ্ধম বাঢ়ে।

ভগৱান শ্রী কৃষ্ণ সদায়ে সন্মুখৰপৰা দৰ্শন কৰিব।

ভুলটো যদি তেওঁৰ পিঠি দৰ্শন কৰা হয়,

তেতিয়া তেওঁৰ প্ৰাৰ্থনা কৰিব।।

GTM Desk