19.8 C
Assam
Saturday, April 1, 2023

Featured News

Navjot Singh Sidhu released from Patiala Jail, was sentenced in road rage case

Cricketer-turned-politician Navjot Singh Sidhu was released from...

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল গীতাঞ্জলি দাসে

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল...

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ!

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ। নাৱত উঠি...

ফিটনেছক লৈ অতি সচেতন দীপিকা; ৰুটিনত সদায় থাকে কিক বক্সিঙৰ লগতে যোগাসন

Assamese Newsফিটনেছক লৈ অতি সচেতন দীপিকা; ৰুটিনত সদায় থাকে কিক বক্সিঙৰ লগতে যোগাসন

বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুকোনৰ শৰীৰচর্চাৰ ৰুটিন জানেনে? শুনিলে উৎসাহ পাব আপুনিও। নিজৰ ফিটনেছক লৈ অত্যন্ত সচেতন দীপিকা। কিক বক্সিং, যোগাসন, ৰোপ ট্রেইনিং — সকলো থাকে অভিনেত্রীগৰাকীৰ ফিটনেছ ৰুটিনত। সদায় শৰীৰচর্চা কৰাৰ আগেয়ে স্ট্রেচিং কৰিবলৈ নাপাহৰে। শৰীৰচর্চাৰ সমান্তৰালকৈ চলে কঢ়া ডায়েট। তাৰ মাজতে কেতিয়াবা নিজৰ প্রিয় চকলেট কেক আৰু আইচক্রীমো খাই নিদিয়া নহয়। ডায়েট আৰু শৰীৰচর্চাৰ সঠিক ভাৰসাম্যই মোহময়ীগৰাকীৰ ফিট হৈ থকাৰ মন্ত্র।

কেনেধৰণৰ শৰীৰচর্চা কৰে দীপিকাই?

ৰোপ ট্রেইনিং: দীপিকাৰ ফিটনেছ বিশেষজ্ঞ য়াছমিন কৰাচিৱালাই তেওঁৰ ইনষ্টাগ্রামত এটি ভিডিঅ’ শ্বেয়াৰ কৰিছে। সেই ভিডিঅ’ত দেখা গৈছে পুৱা ছবজাতে দীপিকাই বৰ উৎসাহেৰে ৰোপ ট্রেইনিং কৰিছে। আগতে মূলতঃ ফুটবল খেলুৱৈ আৰু মাৰ্ছিয়েল আর্ট যিসকলে কৰে তেওঁলোকেই ৰোপ ট্রেইনিং কৰিছিল। এতিয়া বহুতেই শৰীৰচর্চা কৰিবলৈ ৰোপ ট্রেইনিঙৰ ওপৰতে ভৰসা কৰে। এই শৰীৰচর্চা কৰিলে যেনেকৈ কেলৰী হ্ৰাস পায়, তেনেকৈ পেশীৰ জোৰ আৰু শৰীৰৰ কমনিয়তা বঢ়োৱাত এই ব্যায়ামৰ সমান আন একো নাই।

যোগাসন: পুৱা ৪টাৰ পৰা ৬টালৈ দীপিকাই যোগাসন কৰে। শীর্ষাসন, চক্রাসন আৰু মলাসন হ’ল অভিনেত্ৰীগৰাকীৰ পছন্দৰ কিছু যোগ ভংগী। শৰীৰৰ নমনীয়তা বঢ়াবলৈ, মানসিক ক্লান্তি দূৰ কৰিবলৈ, পেশীৰ জোৰ বঢ়াবলৈ দীপিকাই ভৰসা কৰে যোগাসনৰ ওপৰতেই।

ভৰিৰ ব্যায়াম: সাপ্তাহিক শৰীৰচর্চাৰ ৰুটিনখনত দীপিকাই এটা দিন সুকীয়াকৈ ৰাখে কেৱল ভৰিৰ বাবে। ভৰিৰ পেশীৰ জোৰ বঢ়াবলৈ, মেদ কমাবলৈ, পিঠিৰ বিষ কমাবলৈ বিশেষ ধৰণৰ ভৰিৰ ব্যায়াম কৰে।

পার্টনাৰ ৱর্কআউট: ৱেইট ট্রেইনিং, স্পটিং ইত্যাদি গধুৰ শৰীৰচর্চা কৰাৰ সময়ত আন এজনৰ সহায়ৰ প্রয়োজন হয়। দীপিকাকো দেখা গৈছে অনন্যা পাণ্ডেৰ সৈতে যৌথভাৱে শৰীৰচর্চা কৰা। এজন সংগী থাকিলে অৱশ্যই শৰীৰচর্চা কৰাত উৎসাহ আহে। এইক্ষেত্রত আপুনিও ফিটনেছ বিশেষজ্ঞৰ সহায় ল’ব পাৰে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!