21.1 C
Assam
Thursday, March 23, 2023

Featured News

কুকুৰ খোৱা প্ৰসংগ: মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ পত্ৰ

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্ৰ।...

কেফেৰ বাহিৰত এনেদৰে হনুমান চালিচা পাঠ কৰিলে যুৱক-যুৱতীয়ে……

আধ্যাত্মিক পৰিৱেশ নৱপ্ৰজন্মৰ মাজত। কেফেৰ বাহিৰত এনেদৰে...

বল-বম যাত্ৰাৰ লগত জড়িত প্ৰচলিত বিশ্বাস

Assamese Newsবল-বম যাত্ৰাৰ লগত জড়িত প্ৰচলিত বিশ্বাস

এতিয়া শাওণ মাহ।শাওণ মাহটো হিন্দু ধৰ্মীৰ আৰাধ্য দেৱতা শিৱৰ আৰাধনাৰ মাহ হিচাপে গণ্য কৰা হয়।শাওণৰ প্ৰতিটো সোমবাৰে শিৱ পূজাৰ বাবে পবিত্ৰ দিন বুলি গণ্য কৰি-ভগৱান শিৱৰ ভক্তসকলে ব্ৰত পালন কৰে। ( Religious Studies )

*শাওণ মাহতে আৰু এভাগি বস্তু দেখিবলৈ পোৱা যায়।শিৱ ভক্তসকলে পবিত্ৰ বুলি গণ্য কৰা-নৈৰ পানী কঢ়িয়াই আনি স্থানীয়-শিৱ মন্দিৰৰ শিৱ লিংগত সোমবাৰে ধালে।গেৰুৱা বস্ত্ৰ পৰিধান কৰি দলে-বলে গৈ নৈৰ পানী আনি-শিৱ লিংগত ঢলা এই যাত্ৰাক কাৱৰ যাত্ৰা বুলি কোৱা হয়।যাত্ৰী সকলক কাৱাৰিয়া বুলি কয়।যাত্ৰাত শিৱৰ নাম লৈ-বল বম(বল মানে-কোৱা বা-লোৱা।বম-মানে- শিৱৰ নাম)বুলি যাত্ৰী সকলে কয় যোৱা বাবে-বল বম যাত্ৰা বুলি কোৱা হয়।

*এই যাত্ৰাৰ লগত জড়িত প্ৰচলিত বিশ্বাস-

*দেৱতা আৰু দানৱ সকলে মিলি কৰা সমুদ্ৰ মন্থনৰ কথা সকলোৱে জানে।এই মন্থনৰ ফলত গৰল(বিষ)আৰু অমৃতৰ উৎপন্ন হৈছিল।এই বিষকে-কোৱা হৈছিল-হলাহল বিষ।আৰু ইয়াৰ আছিল-সমস্ত জীৱকুলক ধ্বংস কৰাৰ শক্তি।তাকে অনুভৱ কৰি সকলোকে ৰক্ষা কৰিবলৈ মহাদেৱে এই হলাহল বিষ পান কৰে।কোৱা হয় এই বিষ শিৱৰ ডিঙিত ৰৈ গৈছিল-আৰু তেতিয়াৰেপৰা মহাদেৱক নীলকন্ঠ বুলি জনা যায়।এই সকলোবোৰক লক্ষ্য কৰি থকা দেৱতাসকলে মহাদেৱক এই বৰবিষৰ প্ৰভাৱৰ পৰা সকাহ দিবলৈ-তেওঁৰ গাত জল ঢালিছিল।

*ভগৱান শিৱৰ পৰম ভক্ত আছিল ৰাৱণ। গংগাৰ পবিত্ৰ পানী আনি ৰাৱণে(আজিকালি কাৱাৰ সকলে যিদৰে আনি)শিৱক বিষৰ ক্ষতিৰ পৰা-সকাহ দিবলৈ-শিৱ মন্দিৰৰ শিৱ লিংগত ঢালিছিল বুলি ভক্তসকলে বিশ্বাস কৰে আৰু  অতীজৰেপৰা সেয়ে তেনেদৰে পবিত্ৰ পানী আনি শিৱ লিংগত ঢালে।তেওঁলোকে বিশ্বাস কৰে যে-এনে কৰিলে মহাদেৱ প্ৰসন্ন হয় আৰু ভক্তসকলৰ মনোবাঞ্ছা পূৰ্ণ হয়।

*বল-বমৰ বিষয়ে-কিছু তথ্য-

*সকলোৱে দেখিছে-ভক্তসকলে এডাল বাঁহৰ মাৰিত দুফালে দুটা ঘটিৰ দৰে পাত্ৰ ওলোমাই কান্ধত লৈ গৈ থকা।এই সঁজুলিটোক কাৱাৰ বুলি কোৱা হয়।আৰু কাৱাৰ যাত্ৰা নামটো আৰু ভক্তগণক কাৱাৰিয়া বোলা কথাটো ইয়াৰপৰাই উৎপত্তি। ( Religious Studies )

*যদিও অতিজৰেপৰা এই পৰম্পৰা চলি আহিছিল।১৯৮০চন মানলৈকে ই মাত্ৰ উত্তৰ ভাৰতৰ কিছু সংখ্যক লোকৰ মাজতে সীমাবদ্ধ আছিল।

*লাহে লাহে ইয়াৰ জনপ্ৰিয়তা বাঢ়ি যায় আৰু আজিকালি হৰিদ্বাৰ গংগা তীৰত লাখ লাখ লোকে এই মাহত ভিৰ কৰে।

*আগতে-হৰিদ্বাৰ,গৌমুখ,

গংগোত্ৰী আদি উত্তৰাখণ্ডৰ অঞ্চলত আৰু বিহাৰৰ চুলতানগনজ আৰু নেপালৰ কিছু অঞ্চলত ই সীমাবদ্ধ আছিল।

*কাৱাৰিয়া সকলে খালী ভৰিৰে শ কিলোমিটাৰতকৈ অধিক বাট পানী কঢ়িয়াই খোজ কাঢ়ি আহি আহি নিজৰ অঞ্চলৰ শিৱ মন্দিৰৰ শিৱ লিংগত এই পানী ঢালেহি।আহি থাকোঁতে তেওঁলোকে বল বম বা বম ভোলে বুলি কয় আৰু ভজন আদি গায়।এনদৰে আহোঁতে বহুলোকৰ-সপ্তাহ/দহদিন পয্যন্ত লাগি গৈছিল।আজিকালি অৱশ্যে-পশ্চিমবংগ,বিহাৰ, উৰিষ্যা,অসম আদিটো এই বলবম জনপ্ৰিয়।আজিকালি কাৱাৰিয়া সকলে-গাড়ী,স্কুটাৰ, মটৰ-চাইকেল বা মিনি ট্ৰাক আদিটো উঠি পানী আনিবলৈ যায়।(সংগ্ৰহিত)।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!