Advertisement

আপুনি আপোনাৰ সংগীৰ প্ৰথম পছন্দ হয় নে নহয়! কেনেকৈ গম পাব?

আপুনি আপোনাৰ সংগীৰ প্ৰথম পছন্দ হয় নে নহয়! কেনেকৈ গম পাব?

চিনেমা এখন চাবলৈ বা ৰেষ্টুৰেণ্টলৈ খাবলৈ যাওতে, আপোনাৰ সংগীয়ে আগতীয়াকৈ পৰিকল্পনা কৰিবলৈ অনিচ্ছুক নেকি? অন্ততঃ এবাৰ লগ পাবলৈও তেওঁ ইচ্ছা নকৰে নেকি? যদি হয়, তেন্তে ধৰি ল’ব পাৰি যে তেওঁৰ আন পৰিকল্পনা আছে। যিটো আপোনাতকৈ অধিক গুৰুত্বপূৰ্ণ।

প্ৰয়োজন নোহোৱাকৈ কথা নোকোৱা

প্ৰেমৰ সম্পৰ্কত থকা মানে দিনটোৰ প্ৰতিটো মুহূৰ্তত ওচৰত থকা বা কথা পাতি থকাৰ কোনো অৰ্থ নাই, ঠিক তেনেদৰে প্ৰয়োজন নহলে এনেই কথা পাতি থকাৰো কোনো যুক্তি নাই। ই এক সুস্থ সম্পৰ্কৰ লক্ষণ নহয়। আপোনাৰ সঙ্গীয়ে ব্যস্ততাৰ দোহাই দি আতৰি আছে, কিন্তু তেওঁ সদায় নেটত সক্ৰিয় থাকে। তেনে ক্ষেত্ৰত, এইটো ধৰি ল’ব পাৰি যে তেওঁৰ বাবে আপোনাতকৈ অধিক গুৰুত্বপূৰ্ণ কিবা আছে।

যদি সঘনাই আপোনাৰ সৈতে পূৰ্ব পৰিকল্পনা বাতিল কৰে

দুয়োজনে একেলগে দীঘলীয়া সময়ৰ পিছত কৰবালৈ ওলাই যোৱাৰ আশা কৰিছে। হঠাতে, শেষ মুহূৰ্তত আপোনাৰ সঙ্গীয়ে কামৰ দোহাই দি সেই পৰিকল্পনাটো ভংগ কৰিলে। এইটোৱে সূচায় যে যি কাম আছে সেয়া আপোনাতকৈ অধিক গুৰুত্বপূৰ্ণ।

অন্তৰংগ মুহূৰ্তবোৰ মনত নৰখা

দুয়োজনে একেলগে গঢ়ি তোলা সুন্দৰ মুহূৰ্তবোৰ আপোনাৰ সুস্থতাৰ উৎস কিন্তু আপোনাৰ সঙ্গীয়ে সেই অন্তৰংগ মুহূৰ্তবোৰ একো মনত নাৰাখে। হয়তো সেই মুহূৰ্তবোৰ আপোনাৰ বাবে যিমান মূল্যৱান, বিপৰীত মানুহজনৰ বাবে সেই সুন্দৰ মুহূৰ্তবোৰৰ কোনো অৰ্থ নাই।

Shahnawaz Hamza

Related