তামৰ পাত্রত পানী খালে হ্রাস হয় ওজন…

তামৰ পাত্রত পানী খালে হ্রাস হয় ওজন…

আজিকালি মানুহে পানী খাবলৈ বহু ধৰণৰ পাত্র ব্যৱহাৰ কৰে। কাঁচৰে তৈয়াৰী সুন্দৰ সুন্দৰ পাত্র বজাৰতো উপলব্ধ। কিন্তু দেখাতেই কেৱল সুন্দৰ হ’লেই নহ’ব, উপকাৰো থাকিব লাগিব। তামৰ পাত্রত পানী গ্ৰহণ স্বাস্থ্যৰ বাবে ভীষণ উপকাৰী। এই প্রথা প্রাচীন যুগৰ পৰা চলি আহিছে। বহুতৰে ঘৰত তামৰ মগ, গ্লাছ, তামৰ বটল ব্যৱহাৰ কৰা হয়।

তামৰ পাত্রত পানী খালে কি কি উপকাৰ পোৱা যায়ঃ
১) এনিমিয়া দূৰ কৰে– ৰক্তত হিমোগ্লোবিনৰ মাত্রা কমি থাকিলে এনিমিয়াৰ সমস্যা হয়। তেনেক্ষেত্রত তামৰ পাত্রত ৰখা পানী খাব লাগে। অভ্যাস নাথাকিলে অভ্যাস কৰিব লাগিব।
২) হজম শক্তি বঢ়ায়– পেটত জমা থকা ক্ষতিকৰ টক্সিন বাহিৰ কৰাৰ সমান্তৰালকৈ লিভাৰ আৰু কিডনীৰ কার্যক্ষমতা বঢ়োৱাত সহায় কৰে তামে।
৩) ওজন হ্রাসত সহায় কৰে– তামৰ গ্লাছত জল খোৱাৰ অভ্যাস কৰিলে হজম শক্তি বাঢ়ে। আনপিনে শৰীৰত জমা থকা অতিৰিক্ত চর্বি কমিব।
৪) ক্ষত বা আঘাত নিৰাময়– এন্টিবেক্টেৰিয়েল প্রপাৰ্টিজ পৰিপূর্ণ হৈ থকাৰ বাবে ক্ষত বা ঘাঁ সোনকালে শুকায়। ৰোগ প্রতিৰোধ ক্ষমতাও সাংঘাতিক বাঢ়ি উঠে।
৫) উচ্চ ৰক্তচাপ কমায়– যিসকলৰ উচ্চ ৰক্তচাপৰ সমস্যা আছে, তেওঁলোকৰ তামৰ পাত্রত পানী খাব লাগে। উচ্চ ৰক্তচাপ একেবাৰে নিয়ন্ত্রণত থাকিব।

Shahnawaz Hamza

Related