এনেকুৱা বহু বিবাহিত দম্পতী (Married Couple) আছে যি নিজৰ বৈবাহিক জীৱন (Relationship)ক আৰম্ভণিৰ দৰে দুৰন্ত কৰি ৰাখিব বিচাৰে। তোওঁলোকৰ মাজত প্ৰেম (Love) আৰু ৰোমান্স Romance) সময়ৰ সৈতে বৃদ্ধি হোৱাটো বিচাৰে। এই ৰোমান্স বঢ়াবলৈ বিভিন্ন ধৰণৰ কৌশল অৱলম্বনো কৰে। এনে ধাৰণা লৈয়েই এজন ব্যক্তিয়ে নিজৰ যৌন জীৱন (Sex Life) উন্নত কৰিবলৈ পত্নী (Wife)ৰ সৈতে পৰীক্ষা-নীৰিক্ষা(Experiment) কৰিবলৈ ধৰে। কিন্তু তেওঁৰ পৰীক্ষা বুমেৰাংহে হ’লগৈ। যাৰ ফলত যোৱা ৩ বছৰে যৌনসুখৰ পৰা বঞ্চিত হৈ ভূগিবলগীয়া হৈছে লোকজন।
ছচিয়েল মিডিয়া টুইটাৰত ‘ফিছহোল’ (Fishhole)নামৰ এটা একাউণ্ট আছে, য’ত নিজৰ নাম প্ৰকাশ নকৰাকৈয়ে নিজৰ জীৱনৰ সৈতে জড়িত গোপন কথা ব্যক্ত কৰিব পাৰি। ই এটা কনফেছন (Confession)পেইজ। অলপতে এই পেজত এজন ব্যক্তিৰ এনে কিছুমান স্বীকাৰোক্তি ছেয়াৰ কৰা হৈছিল, তেওঁৰ নাম গোপনে ৰখা হৈছিল। তেওঁৰ স্বীকাৰোক্তি পঢ়ি আন পুৰুষ কিছুমানেও নিজৰ নিজৰ জীৱনৰ সৈতে জড়িত অভিজ্ঞতা ছেয়াৰ কৰিছে। আচলতে ব্যক্তিজনে নিজৰ স্বীকাৰোক্তিত লিখিছে যে তেওঁ যেতিয়া পত্নীৰ সৈতে যৌন (Sex) সম্পৰ্কত লিপ্ত হয়, প্ৰথমে তেওঁৱেই সদায় পত্নীক ৰোমাঞ্চিত (Initiating Sex with Wife) কৰি আহিছিল আৰু তাৰ পাছত দুয়ো দৈহিক সম্পৰ্কত লীন গৈছিল। তেওঁ ভাবিছিল আজিৰ পৰা তেওঁ আগৰ দৰে প্ৰথমে ইনিচিয়েটিভ নলয়, বৰঞ্চ এতিয়াৰ পৰা পত্নীয়ে আৰম্ভ (Wife initiating Sex with Husband) কৰাৰ সুবিধা প্ৰদান কৰিব। তেওঁ ইয়াক এটা পৰীক্ষা হিচাপে লয় আৰু তেওঁ জানিব বিচাৰে যে তেওঁৰ দৰে তেওঁৰ পত্নীয়ে সিমানেই ৰোমাঞ্চ বিচাৰেনে নাই । কিন্তু ব্যক্তিজনৰ লগত এই সকলোবোৰ পৰীক্ষা বুমেৰাং হৈ পৰে আৰু যোৱা ৩ বছৰ (Man hasn’t had sex with partner in three years) ধৰি ইয়াৰ পৰিণাম বৰ বেয়া ধৰণে ভূগিবলগীয়া হৈছে।
ব্যক্তিজনৰ ক্ষেত্ৰত আচলতে কি হ’ল শুনক, তেওঁৰ পত্নীয়ে নিজৰফালৰ পৰা কোনো দিনেই মিলনৰ বাবে আৰম্ভণিতো নকৰিলেই, নিজেও নিবিচাৰিলে। ব্যক্তিজনে সদায়ে পত্নীক সুবিধা প্ৰদান কৰি গ’ল, কন্তু কোনো দিন এই সম্পৰ্কে পত্নীৰ সৈতে কথাও নুলিয়ালে। তেওঁ দেখিলে পত্নীৰ এই ক্ষেত্ৰত কাণসাৰেই নাই আৰু কোনোদিন ছেক্স সম্পৰ্কত কোনো কথাও ব্যক্ত নকৰিলে। এনেদৰে পতি-পত্নীহালে ৩ বছৰ পাৰ কৰিলে আৰু এই ৩ বছৰত এদিনো তেওঁলোকৰ মাজত দৈহিক মিলন অথবা কোনো ৰোমাঞ্চো নহ’ল। ব্যক্তিজনে আৰু লিখিছে যে, এই ৩ বছৰত তেওঁ পত্নীৰ সৈতে ৰোমাঞ্চ বহুত মিছ (Miss) কৰিছে কিন্তু তেওঁ এতিয়া আৰু আগৰ দৰে পত্নীক জোৰ কৰি অথবা পত্নীৰ বিনা অনুমতি (Sex without consent)ত একো কৰিব নিবিচাৰে। তেওঁ লগতে কয়, তেওঁ কেৱল পত্নীৰ ওপৰত নিজৰ শান্তিৰ বাবে কোনো কাম কৰিবলৈ জবৰদস্তি নকৰে আৰু এই ঘটনা সম্পৰ্কে পত্নীক কেতিয়াও অৱগত নকৰে।
এই ব্যক্তিজনৰ কথাবোৰ পঢ়ি অন্য পুৰুষসকলেও নিজৰ নিজৰ অভিজ্ঞতা ক’বলৈ ধৰিলে। তাৰে ভিতৰত এজন ব্যক্তিয়ে জনালে যে, তেওঁ পত্নীৰ সৈতে ছেক্স নকৰা ১৫ বছৰৰ বেছি হ’ল, য’ত নেকি তেওঁৰ বয়স এতিয়া ৫০ বছৰো নাই হোৱা আৰু এনেদৰে তেওঁলোকৰ ছেক্স লাইফ শেষ হৈ গ’ল। ইয়াৰ বিপৰীতে অন্য এজন ব্যক্তিয়ে তেওঁক পৰামৰ্শ দিলে এইবুলি, “এই সম্পৰ্কে ব্যক্তিজনে পত্নীৰ লগত আলোচনা কৰিব লাগে আৰু তেওঁৰ মনৰ ভাৱ বুজাৰ চেষ্টা কৰিব লাগে আৰু নিজৰ মনোভাব বুজোৱাৰ চেষ্টা কৰিব লাগে।” অন্য এজন ইউজাৰে কয় যে তেওঁপত্নীক বিবাহ বিচ্ছেদ দিব লাগে কাৰণ ইয়াৰ পৰা এটা কথাই প্ৰমাণ হয় যে গিৰিয়েকৰ প্ৰতি তেওঁৰ কোনো আকৰ্ষণ নাই। আন এজন ইউজাৰে ইমানলৈকে কৈ পেলালে যে ঘৈণীয়েকে কিবা কাৰণত গিৰিয়েকজন নপুংসক হৈ পৰা বুলি ভাবি ছাগে তেওঁৰ সৈতে শাৰীৰিক সম্পৰ্ক কৰা নাই।