22.6 C
Assam
Saturday, April 1, 2023

Featured News

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল গীতাঞ্জলি দাসে

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল...

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ!

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ। নাৱত উঠি...

“দুঘণ্টাৰ যৌন সম্পৰ্কই সফলতা আনে!”- এই চাঞ্চল্যকৰ দাবী এগৰাকী খেলুৱৈৰ

বিভিন্ন খেলুৱৈয়ে প্ৰদৰ্শন বৃদ্ধিৰ বাবে বিভিন্ন পন্থা...

যৌন সম্পৰ্কক লৈ সুখী নহয় নেকি? কি পৰামৰ্শ দিলে বিশেষজ্ঞই?

Assamese Newsযৌন সম্পৰ্কক লৈ সুখী নহয় নেকি? কি পৰামৰ্শ দিলে বিশেষজ্ঞই?

যৌন সম্পৰ্ককলৈ সুখী নহয় নেকি? এনে সমস্যাৰ সন্মুখীন বহু দম্পত্তি হৈ আহিছে। কিন্তু লাজ বা সন্মানৰ বাবে এনেধৰণৰ কথাবোৰ আলোচনা কৰা নহয়। ফলত দিনকদিনে বাঢ়ি যায় এনেবোৰ সমস্যা। এইবাৰ বিশেষজ্ঞা পল্লৱী বৰ্নৱাললৈ এই সন্দৰ্ভত চিঠি লিখিছে এগৰাকী মহিলাই।

চিঠিত মহিলাগৰাকীয়ে লিখে যে, ‘মই মোৰ স্বামীক কেনেকৈ কও- প্ৰতিদিনেই যে, তেওঁ বিচনাত কেৱল ভাগৰুৱা  আৰু স্বাৰ্থপৰৰ দৰে ব্যৱহাৰ দেখুৱাই আহিছে।বিয়াৰ পিছত বিগত তিনি বছৰত মই এবাৰহে মাথো মৌখিক যৌন সম্ভোগ কৰাৰ সুযোগ পাইছো কিন্তু তেওঁ প্ৰতিদিনে এয়া সুখ পাই আহিছে । তেওঁৰ পুৰুষত্বক আঘাত নকৰাকৈ মই তেওঁক কেনেদৰে কও এই কথা ?

মহিলাগৰাকীৰ প্ৰশ্নৰ উত্তৰত পল্লৱী বৰ্নৱালে কয় যে, ‘স্বামীক এই কথা ক’বলৈ সংকোচবোধ কৰিছে। কিন্তু  আপোনাৰো অধিকাৰ আছে, নিজৰ স্বামীৰ পৰা যৌন সন্তুষ্টি লাভ কৰাৰ। আনকি যৌন সম্পৰ্কক লৈ স্বাস্থ্যকৰ বাৰ্তাই নিৰ্ধাৰণ কৰিব আগন্তুক দিনবোৰত আপোনাৰ বিবাহ কিমান সফল হৈ থাকিব। আপুনি আপোনাৰ স্বামীক এই কথাটো ক’বলৈ চেষ্টা কৰা উচিত ।

পল্লৱীয়ে লগতে উপদেশ দিয়ে যে, ‘যদিহে আপুনি অনুভৱ কৰে যে, তেওঁক পোনপটীয়াকৈ এই কথা ক’লে তেওঁৰ ব্যক্তিত্বক আঘাত সানিব পাৰে, তেন্তে এই কথা ক’বলৈ পৰোক্ষ বহু উপায়ো আছে।

যিহেতু আপুনি জীৱনত এবাৰহে মৌখিক যৌন সম্ভোগ লাভ কৰিছে, পৰৱৰ্তী বাৰ আপুনি বিচনাত থকাৰ সময়ত সেই কথা ক’ব পাৰে।  তেওঁক কওক যে, সেই অনুভৱ আপোনাৰ বাবে কিমান আনন্দদায়ক আছিল। যিয়ে তেওঁক কিছু হ’লেও ইংগিত দিব পাৰে।
যদিহে আপুনি বিচাৰে তেন্তে আপুনি তেওঁক ইয়াৰ বিষয়ে কিছু ভাল প্ৰবন্ধ অথবা ভিডিঅ’ দেখুৱাব পাৰে | লগতে শুৱা কোঠাটো অধিক ৰোমাণ্টিক কৰি তুলিবলৈ বিচাৰে যদি, আপুনি ফেৰোমোন পাৰফিউম বা লিংগেৰিৰ সহায় ল’ব পাৰে | লগতে আপোনাৰ শুৱনি কোঠাটো কিছু সৰু সৰু লাইটৰ পোহৰ আৰু সুগন্ধই অধিক ৰোমাণ্টিক কৰি তুলিব।
যৌন সম্পৰ্কৰ বিষয়ে বাৰ্তালাপ পৰিহাৰ কৰাৰ সিদ্ধান্তই আপোনালোক দুয়োগৰাকীৰ এগৰাকীৰ বাবে সুফলদায়ক নহ’ব। যদি এই বিষয়ক লৈ আপুনি দুখী, তেন্তে কেৱল আপুনিয়েই নহয়, দুয়োগৰাকীয়েই এই আনন্দ উপভোগ কৰিব নোৱাৰিব। যদি এগৰাকীয়ে কেৱল যৌন সম্পৰ্কৰ আনন্দ উপভোগ কৰি আছে তেন্তে এয়া যৌনসম্ভোগ নহয়, ই হস্তমৈথুন কৰা বুলিহে ক’ব লাগিব। গতিকে এনেক্ষেত্ৰত যদি আপুনি এই বিষয়ত পোনপটীয়াকৈ কথা পাতিবলৈ সংকোচবোধ কৰিছে, তেন্তে আপুনি কিছু দ্বিধা এৰিব লাগিব কিয়নো এই সমস্যাই ভৱিষ্যতে আপোনালোকৰ সম্পৰ্কত বেয়া প্ৰভাৱ পেলাব।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!