20.6 C
Assam
Friday, February 3, 2023

Featured News

ভগৱান ৰামচন্দ্ৰৰ মৃত্যু কেনেকৈ হৈছিল ? পৌৰাণিক ৰহস্যময় কথা।

Assamese Newsভগৱান ৰামচন্দ্ৰৰ মৃত্যু কেনেকৈ হৈছিল ? পৌৰাণিক ৰহস্যময় কথা।

ভগৱান ৰামচন্দ্ৰ হৈছে ভগৱান বিষ্ণুৰ সপ্তম অৱতাৰ। ভগৱান ৰামচন্দ্ৰ হৈছে পুৰুষোত্তম, তেওঁ অৱতীৰ্ণ হৈছিল ট্ৰেতা যুগত, অযোধ্যাৰ যুৱৰাজ হিচাপে। অপশক্তিৰ বিনাশ আৰু ধৰ্মৰক্ষাৰ বাবে তেওঁৰ আবিৰ্ভাৱ হৈছিল ; অৰ্থাৎ ভগৱান বিষ্ণুই মানৱ ৰূপী দেহ ধাৰণ কৰিছিল সেই কথা সকলোৰে অৱগত। আৰু জাগতিক নিয়ম অনুসৰি এক নিৰ্দিষ্ট সময়ৰ অন্তত তেওঁ দেহ ত্যাগ কৰিবলৈ বাধ্য আছিল। কিন্তু এই কথা সকলোৱে নাজানে যে পুৰুষোত্তম ৰামচন্দ্ৰৰ মৃত্যু কেনেদৰে হৈছিল অৰ্থাৎ ভগৱান ৰামচন্দ্ৰই কেনেদৰে আৰু কত মানৱ ৰূপী দেহ ত্যাগ কৰিছিল।

কথিত আছে যে ৰামচন্দ্ৰৰ শাসন কাল এঘৰ হাজাৰ বছৰ ব্যাপী আছিল। স্ত্ৰী সীতা দেৱীৰ পাতাল প্ৰৱেশৰ পিছত ভগৱান ৰামচন্দ্ৰই বুজি পাইছিল যে তেওঁৰ মৰ্ত্যত কৰিবলগীয়া কাম ইতিমধ্যে শেষ হৈছিল আৰু তেওঁ দেৱলোকলৈ অৰ্থাৎ বৈকুণ্ঠলৈ উভতি যোৱাৰ সময় সমাগত হৈছিল।

পদড পুৰাণত উল্লেখিত অনুযায়ী এদিন এজন ঋষিয়ে ভগৱান ৰামচন্দ্ৰক সাক্ষাৎ কৰিবলৈ আহিছিল, আৰু ঋষিয়ে কৈছিল যে ৰামচন্দ্ৰৰ সৈতে তেওঁৰ একান্ত ব্যক্তিগত দৰকাৰ আছিল, আৰু তেওঁ অকলশৰীয়া ভাৱে যাতে ৰামচন্দ্ৰৰ সৈতে কথা পাতিব পাৰে – কথা বতৰাৰ সময়ত যাতে কোনো অইন লোক গৃহৰ ভিতৰত নাথাকে তাৰ বাবেও অনুৰোধ কৰিছিল। বৃদ্ধ ঋষিৰ কথাত সন্মতি প্ৰকাশ কৰিছিল ৰামচন্দ্ৰই আৰু গৃহৰ দুৱাৰ মুখত নিজৰ ভাতৃ লক্ষ্মণক পহৰা দিবলৈ নিৰ্দেশ দিছিল, লগতে ৰামচন্দ্ৰই নিৰ্দেশ দিছিল যে কথা বতৰাৰ সময়ত কোনোবা সেই গৃহ প্ৰৱেশ কৰিলে মৃত্যুদণ্ড বিহা হ’ব বুলি । গৃহৰ দৰ্জা বন্ধ কৰি ৰামচন্দ্ৰই ঋষিৰ সৈতে কথা বতৰাত মগ্ন হৈছিল। ঋষিৰ সৈতে কথা আৰম্ভণি কৰিয়ে ভগৱান ৰামচন্দ্ৰই বুজি পাইছিল যে সেই ঋষি অইন কোনো নহয় , সময়ৰ দেৱতা কালদেৱ ।

সেই ঘটনা চক্ৰৰ সময়তে ভগবান ৰামচন্দ্ৰক দেখা কৰিবলৈ আহিছিল দুৰ্বাশা মুনি, যি মুনি ক্ৰোধ আৰু অভিশাপ দিয়াৰ বাবে বিখ্যাত আছিল, কিন্তু লক্ষ্মণে কোনো কাৰণতে দুৰ্বাশা মুনিক ৰামচন্দ্ৰৰ গৃহত প্ৰৱেশ কৰিবলৈ দিয়া নাছিল আৰু ক্ৰোধত খৰ্গহস্ত হৈ দুৰ্বাশা মুনিয়ে সমগ্ৰ ৰঘু বংশ আৰু অযোধ্যাক অভিশাপ দি থৈ গৈছিল ; অথন্তৰ হৈ সেই সময়ত লক্ষ্মণে সকলোকে বচাবলৈ দুৰ্বাশা মুনিৰ সকলো অভিশাপ নিজৰ গাত লৈছিল কাৰণ লক্ষ্মণে জানিছিল আৰু অনুভৱ কৰিব পাৰিছিল যে সেয়া সকলো কালৰ খেল বুলি ; আৰু লক্ষ্মণেও বুজি পাইছিল যে তেওঁৰো নিজৰ সময় সীমা পাৰ হৈছে বুলি । নিজৰ বুকুত সকলো অভিশাপৰ বোজা লৈ লক্ষ্মণ সৰজু নদীৰ তীৰলৈ গমন কৰে আৰু তাতে বিলীন হৈ যায়। ভগৱান ৰামে যেতিয়া লক্ষ্মণৰ কথা শুনিবলৈ পাইছিল তেতিয়া তেওঁ মনত বহুত কষ্ট পাইছিল আৰু লক্ষ্মণে সৰজু নদীৰ তীৰলৈ গৈ বিলীন হৈ গৈছিল।

ভগৱান ৰামচন্দ্ৰৰ মৃত্যুৰ বিষয়ে আৰু এটি কাহিনী প্ৰচলিত আছে আৰু সেই কাহিনীত কোৱা হৈছে যে ৰামচন্দ্ৰই যেতিয়া অনুভৱ কৰিছিল যে তেওঁৰ মৰ্ত্যৰ কাম শেষ হৈ গৈছিল আৰু দেৱলোকলৈ উভতি যোৱাৰ সময় সমাগত হৈছিল তেতিয়া তেওঁ যমৰাজৰ অপেক্ষা কৰি আছিল ; কিন্তু যমৰাজ ভগৱান ৰামচন্দ্ৰৰ ওচৰলৈ আহিব পৰা নাছিল কিয়নো ৰামচন্দ্ৰৰ সৈতে সকলো সময়তে পহৰাদ্বাৰ হিচাপে হনুমান আছিল, হনুমানক যমৰাজে ভয় কৰিছিল। ভগৱান ৰামচন্দ্ৰই ৰহস্য বুজি নিজৰ হাতৰ আঙুলিৰ এটা আঙুঠি পেলাই দিছিল প্ৰসাদৰ এটি পাথৰৰ ফাঁকত আৰু পৰাক্ৰমী বীৰ হনুমানক নিৰ্দেশ দিছিল সেই আঙুঠি বিচাৰি আনিবৰ বাবে ; হনুমানে সেই আঙুঠি বিচাৰি বিচাৰি একেবাৰে পাতালপুৰী পাইছিল।

পাতালপুৰী গৈ হনুমানৰ নাগৰাজ বাসুকীৰ সৈতে সাক্ষাৎ হয় আৰু হনুমানে বাসুকীক কৈছিল সেই আঙুঠিৰ কথা । আঙুঠিৰ কথা শুনি বাসুকীয়ে হনুমানক লৈ গৈছিল এখন আঙুঠিৰ পাহাৰৰ ওচৰলৈ , যত আছিল লক্ষ্য লক্ষ্য আঙুঠি আৰু সকলো ৰামচন্দ্ৰৰ আঙুঠিৰ দৰে। তাকে দেখি হনুমান বিভ্ৰান্ত হৈছিল , বাসুকীয়ে হনুমানৰ সেই অৱস্থা দেখি বুজাইছিল আৰু হনুমানক জন্ম মৃত্যুৰ ৰহস্য শুনাইছিল ; শেষত কৈছিল , ” হেৰৌ পৰাক্ৰমী বীৰ হনুমান, তোমাক ইচ্ছাকৃত ভাৱে ভগৱান ৰামচন্দ্ৰই পাতাললৈ পঠাইছে , তোমাক পাতাললৈ পঠোৱাৰ গোপন ৰহস্য আছে আৰু আছে উদ্দেশ্য”। তেতিয়া হনুমানে বুজি উঠিছিল যে প্ৰভু ৰামচন্দ্ৰৰ বৈকুণ্ঠলৈ উভতি যোৱাৰ সময় হৈছে বুলি।

 

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!