22.1 C
Assam
Tuesday, March 28, 2023

Featured News

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা ৰাইজৰ ওপৰত স্প্ৰে!

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা...

চাপৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ, গ্ৰেপ্তাৰ এজন

চাপৰৰ হাতীপোতাত আৰক্ষীৰ অভিযান। অভিযানত জব্দ বৃহৎ পৰিমাণৰ...

ঘোচ লৈ হাত দাঙিলে চৰকাৰী বিষয়া মিচবাহ উদ্দিন লস্কৰে।

▶️ পুনৰ হাত দাঙিলে লাট মণ্ডলে। শিলচৰত...

শিৱমন্দিৰত শিৱলিংগত জলাভিষেক কৰাৰ পাছত কৰক এই কাম

Assamese Newsশিৱমন্দিৰত শিৱলিংগত জলাভিষেক কৰাৰ পাছত কৰক এই কাম

ভগৱান শিৱৰ প্ৰমুখ গনৰ মাজত-এজন হয় নন্দী। কৈলাশৰ দোৱাৰপালো হয় নন্দী।নন্দীৰ আন এটা ৰূপ মহিষ। বলধ বুলিও কোৱা হয় মহিষক।শিৱ মন্দিৰৰ শিৱ লিংগৰ কিছু আঁতৰত নন্দী মহাৰাজ বিৰাজমান থাকে। ( Religious Studies )

*মহাদেৱৰ লগতে নন্দী মহাৰাজৰো পূজা অৰ্চনা প্ৰয়োজনীয়-

*বহুলোকে শিৱ মন্দিৰলৈ গৈ-শিৱলিংগৰ পূজা কৰি গুচি যায়।কিন্তু শিৱৰ লগতে-নন্দী মহাৰাজৰো পূজা কৰিব লাগে-অন্যথা শিৱলিংগৰ পূজাৰ পূণ্যৰ ফল প্ৰাপ্ত নহয়। গৰুৰ পূজা বা কথা বিশ্বৰ সকলো ধৰ্মতে পোৱা যায়।

ভগৱান শিৱয়ে নন্দীক বৰদান দিছিল যে-যত ভগৱান শিৱৰ নিবাস হব-তাত নন্দী সদায়ে বিৰাজমান থাকিব।সেইবাবে সকলো শিৱ মন্দিৰতে শংকৰৰ পৰিয়ালৰ লগতে নন্দী মহাৰাজো বিৰাজমান থাকে।

*শিৱমন্দিৰত শিৱলিংগত জলাভিষেক কৰাৰ পাছত-নন্দী মহাৰাজৰ প্ৰতিমাৰ সন্মুখত বন্তি প্ৰজলিত কৰি নন্দী মহাৰাজৰ আৰতি কৰিব লাগে।আৰতি কৰাৰ পাছত আন কাকো একো নকয় মনে মনে নন্দী মহাৰাজৰ কাণত নিজৰ মনোকামনা ব্যক্ত কৰিব লাগে।মনৰকামনা কোৱাৰ পাছত কব লাগে যে-নন্দী মহাৰাজ আমাৰ মনৰ কামনা পূৰ্ণ কৰক। ( Religious Studies )

*কিয় কোৱা হয়-নন্দী মহাৰাজৰ কাণত মনৰকামনা!

*শিৱ মন্দিৰত ভক্তসকলে শিৱলিংগৰ দৰ্শন আৰু পূজা কৰাৰ পাছত-মহাদেৱৰ কাষতে বিৰাজিত-নন্দী মহাৰাজৰ মূৰ্তিৰ দৰ্শন কৰি-তেওঁৰ পূজা কৰে আৰু অন্তত নন্দী মহাৰাজৰ কাণত নিজৰ মনৰকামনা কয়।কোৱা হয় যে-মহাদেৱ প্ৰায় তপস্যাত বিলীন হয় থাকে।মহাদেৱৰ তপস্যাত যাতে-বিঘনি নাহে-সেইবাবে নন্দী মহাৰাজে সদায়ে মহাদেৱৰ সেৱাত বিলীন হৈ থাকে।

যি ভক্তই মহাদেৱৰ কাষলৈ নিজৰ সমস্যা লৈ আহে-নন্দী মহাৰাজে প্ৰথমে সেই ভক্তক বাধা দিয়ে।কোনো বাহিৰৰ সমস্যাৰ দ্বাৰা ভোলানাথৰ তপস্যাত যাতে অশান্তি নহয়-সেইবাবে ভক্তগণে নিজৰ সমস্যাৰ কথা নন্দী মহাৰাজক কয়।

নন্দী মহাৰাজক কোৱা মাত্ৰকে ভক্তৰ কথা-মহাদেৱৰ ওচৰ পায়গৈ।সেইবাবে শিৱ মন্দিৰত ভক্তৰ মনোকামনা নন্দী মহাৰাজৰ কাণত কোৱা কথা প্ৰচলিত আছে।কোৱা হয় যে-স্বয়ং মহাদেৱক এই বৰদান দিছিল যে-যিয়ে আহি মনৰকামনা তোমাৰ কাণত কব-সেই ব্যক্তিৰ মনৰকামনা নিশ্বয় পূৰ্ণ হব।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!