22.1 C
Assam
Wednesday, March 29, 2023

Featured News

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা ৰাইজৰ ওপৰত স্প্ৰে!

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা...

চাপৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ, গ্ৰেপ্তাৰ এজন

চাপৰৰ হাতীপোতাত আৰক্ষীৰ অভিযান। অভিযানত জব্দ বৃহৎ পৰিমাণৰ...

ঘোচ লৈ হাত দাঙিলে চৰকাৰী বিষয়া মিচবাহ উদ্দিন লস্কৰে।

▶️ পুনৰ হাত দাঙিলে লাট মণ্ডলে। শিলচৰত...

ম’বাইল-টেবলেটৰ অত্যাধিক ব্যৱহাৰে নষ্ট কৰিব পাৰে শিশুৰ দৃষ্টিশক্তি

Assamese Newsম'বাইল-টেবলেটৰ অত্যাধিক ব্যৱহাৰে নষ্ট কৰিব পাৰে শিশুৰ দৃষ্টিশক্তি

ক’ৰনা ভাইৰাছ মহামাৰীৰ পিছত, শিশুসকলৰ বিদ্যালয়সমূহ বন্ধ হৈ পৰিছিল আৰু তাৰ পিছত অনলাইন শ্ৰেণীৰ প্ৰৱণতা আৰম্ভ হৈছিল। এই সময়ছোৱাত, শিক্ষাৰ বাবে মোবাইল, টেবলেট আৰু লেপটপ একমাত্ৰ উপায় আছিল। যদিও বিদ্যালয়বোৰ বৰ্তমান সম্পূৰ্ণৰূপে মুকলি হৈছে, কিন্তু শিশুসকলে এই গেজেটবোৰ ব্যৱহাৰ কৰি অভ্যস্ত হৈ পৰিছে। এনে নহয় যে সেইবোৰ কেৱল অধ্যয়নৰ বাবে ব্যৱহাৰ কৰা হয়, বৰঞ্চ বহুতো শিশুৱে ইয়াক ভিডিঅ’ চোৱা আৰু গেম খেলাৰ বাবে ব্যৱহাৰ কৰি আছে। কিন্তু এই গেজেটবোৰ একেৰাহে ব্যৱহাৰ কৰাটো বিপদজনক হ’ব পাৰে।

~ ম’বাইলে শিশুৰ দৃষ্টিশক্তি নষ্ট কৰিব পাৰে

ম’বাইল বা আন যিকোনো গেজেটৰ স্ক্ৰীণত একেৰাহে থকাৰ বাবে, বহুতো শিশুৱে চকুৰ সমস্যাৰ সন্মুখীন হৈছে, সেয়েহে অভিভাৱকসকলে মনত ৰাখিব লাগে যে শিশুৱে এই বস্তুবোৰ দীঘলীয়া সময়ৰ বাবে ব্যৱহাৰ কৰি থাকিব নালাগে।

যদি কাৰোবাৰ সন্তানে চকুৰ চাপ, দুৰ্বল দৃষ্টিশক্তি, চকুৰ বিষ বা চকুৰে পানী ওলাই থকাৰ অভিযোগ কৰে, ইয়াক সহজভাৱে নল’ব, লগে লগে নিকটতম চকু বিশেষজ্ঞ চিকিৎসকৰ ওচৰলৈ যাব।

~ শিশুৰ চকুৰ যত্ন লোৱাৰ উপায়সমূহঃ

• আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল সন্তানৰ স্ক্ৰীণৰ সময় নিৰ্ধাৰণ কৰা, অতি দীঘলীয়া সময়ৰ বাবে ম’বাইল বা টেবলেট ব্যৱহাৰ কৰিলে দৃষ্টিশক্তি হ্ৰাস কৰিব পাৰে।

• শিশুৰ অধ্যয়নৰ বাবে ডাঙৰ পৰ্দা ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰক যাতে তেওঁলোকৰ চকুত চাপ নপৰে, ইয়াৰ বাবে আপুনি ডাঙৰ স্মাৰ্ট টেলিভিছন বা প্ৰজেক্টৰ ব্যৱহাৰ কৰিব পাৰে।

• শিশুসকলক একেৰাহে মোবাইল আৰু টেবলেট চোৱাৰ পৰা বিৰত ৰাখক।

• আন্ধাৰত ম’বাইল আৰু টেবলেট ব্যৱহাৰ কৰিব নিদিব, লগতে কোঠাটোত পোহৰ থকাটো নিশ্চিত কৰক, অন্যথা ম’বাইলৰ পোহৰে চকুৰ ৰেটিনাত বিৰূপ প্ৰভাৱ পেলাব পাৰে।

• শিশুসকলক অনলাইন গেম খেলিবলৈ নিদিব, তাৰ সলনি তেওঁলোকক বাহিৰৰ খেল খেলিবলৈ লৈ যাওক, যেনে বেডমিণ্টন, ফুটবল আৰু ভলীবল ইত্যাদি।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!