Advertisement

বন্দনাৰ বৰ্বৰতা ! বিজ্ঞাপন দিবলৈ নেৰিলে পংকজ পাঠকে

বন্দনাৰ বৰ্বৰতা ! বিজ্ঞাপন দিবলৈ নেৰিলে পংকজ পাঠকে

বন্দনাৰ বৰ্বৰতা ! বিজ্ঞাপন দিবলৈ নেৰিলে পংকজ পাঠকে

গুৱাহাটী মহানগৰীত সংঘটিত হোৱা ভয়ংকৰ হত্যাকাণ্ডই জোকাৰি গৈছে ৰাজ্য। কিছুদিন পূৰ্বে দিল্লীত সংঘটিত হোৱা শ্ৰদ্ধাকাণ্ডৰ অনুৰূপ ঘটনা সংঘটিত হৈছে গুৱাহাটীৰ নুনমাটিত।

বন্দনা কলিতা ওৰফে বন্দনা দে নামৰ মহিলা গৰাকীয়ে নিজ প্ৰেমিকৰ সৈতে মিলি হত্যা কৰে স্বামী আৰু শাহুয়েক। ঘটনাৰ বিৱৰণী অনুসৰি স্বামী অমৰজ্যোতি দে’ আৰু শাহু শংকৰী দে’ক নৃশংসভাৱে হত্যা কৰি মৃতদেহ দুটা খণ্ড বিখণ্ড কৰি ফ্ৰীজত ভৰাই ৰাখিছিল তিনিদিনলৈ । তাৰ পাছত মেঘালয়ৰ ডাউকি অঞ্চলত পেলাই দিছিল নিশাৰ অন্ধকাৰৰ সুযোগ লৈ ।

উল্লেখ্য যে, ২০২২ চনৰ আগষ্ট মাহৰ পৰাই নিৰুদ্দেশ হৈ আছিল স্বামী আৰু শাহু । ওচৰ চুবুৰীয়াৰ ভাষ্য অনুসৰি, ১৭ আগষ্টতেই শেষ বাৰলৈ প্ৰত্যক্ষ কৰিছিল অমৰজ্যোতি দে’ক । অৰ্থাৎ সেই সময়ছোৱাৰ ভিতৰতেই সম্ভৱত হত্যা কৰা হৈছিল দুয়োগৰাকীক । এই হত্যাকাণ্ডৰ সময়ত বন্দনাক লগ দিছিল প্ৰেমিক আৰু প্ৰেমিকৰ বন্ধুয়ে। দুই অভিযুক্তৰ নাম  অৰূপ ডেকা আৰু ধনজিৎ কলিতা। পৰকীয়া প্ৰেমৰ বাবেই এই নৃশংস হত্যাকাণ্ড সংঘটিত কৰিলে বন্দনাই। আনহাতে ওচৰ-চুবুৰীয়াইও মন্তব্য কৰিছে যে বন্দনাৰ ঘৰলৈ বহু যুৱকৰ আহ-যহ আছিল।

এই হত্যাকাণ্ডত বন্দনাৰ পিতৃ-মাতৃৰো হাত থকা বুলি সন্দেহ কৰা হৈছে যদিও এই কথা নসাৎ কৰিছে তেওঁলোকে। বন্দনা কলিতাৰ কু-কৰ্ম সন্দৰ্ভত অজ্ঞতা প্রকাশ পিতৃ-মাতৃৰ। বন্দনা যদি দোষী হয় গুলীয়াই মৰাৰ আহ্বান পিতৃ কামিন কলিতাৰ । জানিব পৰা মতে ১০ বছৰ পূৰ্বে অমৰজ্যোতিৰ লগত বিয়া হৈছিল বন্দনাই । গ্রেপ্তাৰ হোৱাৰ সময়লৈকে পিতৃ গৃহত আছিল বন্দনা।

ইতিমধ্যে মৃতদেহ বিচাৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান। মৃতদেহৰ কিয়দংশ উদ্ধাৰ আৰক্ষীৰ ।ডাউকীৰ দুৰ্গম অঞ্চলৰ পৰা উদ্ধাৰ শংকৰী দে’ৰ শৰীৰৰ কিছু অংশ। বৰ্তমানো উদ্ধাৰ হোৱা নাই এখন হাত, ছিন্ন মুণ্ড।

 

Shahnawaz Hamza

Related