গৱেষণাঃ যিসকল পুৰুষ তপামূৰীয়া, তেওঁলোকৰ প্ৰতি বেছি আকৰ্ষিত হয় মহিলা

গৱেষণাঃ যিসকল পুৰুষ তপামূৰীয়া, তেওঁলোকৰ প্ৰতি বেছি আকৰ্ষিত হয় মহিলা

এজন ব্যক্তিৰ চেহেৰাত সুন্দৰতা যোগ কৰাত চুলিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। চুলি হৈছে শৰীৰৰ সেই অংশ যিয়ে আপোনাৰ প্ৰতি যিকোনো ব্যক্তিৰ দৃষ্টি আটাইতকৈ বেছি আকৰ্ষণ কৰে। কিন্তু, পৃথিৱীৰ বহু লোকৰ চুলিৰ লগত জড়িত সমস্যা আছে। চুলি ভাল কৰি ৰাখিবলৈ আৰু গজাবলৈ মানুহেও বিভিন্ন ধৰণৰ টিপছ গ্ৰহণ কৰে।

চুলিৰ লগত জড়িত সমস্যাবোৰ নতুন নহয়, অতীজৰে পৰাই মানুহে নিজৰ চুলি ভাল কৰি ৰাখিবলৈ বিভিন্ন কৌশল প্ৰয়োগ কৰি আহিছে। আপুনি জানি আচৰিত হ’ব যে ৰোমৰ ৰজা জুলিয়াছ ছিজাৰেও নিজৰ তপা হোৱাৰ পৰা মুক্তি পাবলৈ বহুতো প্ৰতিকাৰৰ চেষ্টা কৰিছিল। কোৱা হয় যে জুলিয়াছ চিজাৰে যেতিয়া মিচৰৰ ৰাজকুমাৰী ক্লিওপেট্ৰাক লগ পাইছিল তেতিয়া তেওঁ সম্পূৰ্ণ তপামূৰীয়া আছিল। তাৰ পিছত ক্লিওপেট্ৰাইও তেওঁক তপা আঁতৰাবলৈ কিছুমান কৌশল গ্ৰহণ কৰিছিল।

বছৰ বছৰ পাৰ হৈ গ’ল, কিন্তু আজিও তপা হোৱাৰ সমস্যাটো বহুতৰে বাবে চিন্তাৰ বিষয় হৈয়েই আছে। পাৰ্থক্য মাথোঁ এতিয়া মানুহে ঘৰুৱা ঔষধৰ বাহিৰলৈ গৈ দামী চেম্পু, ক্ৰীম, টনিক, ঔষধ আৰু অস্ত্ৰোপচাৰ চেষ্টা কৰিছে। এক তথ্য অনুসৰি প্ৰতি বছৰে সমগ্ৰ বিশ্বৰ মানুহে তপা হোৱাৰ চিকিৎসাৰ বাবে প্ৰায় চাৰে তিনি বিলিয়ন ডলাৰ খৰচ কৰে। এই ধনৰাশি মেচিডোনিয়াৰ দৰে দেশৰ বাৰ্ষিক বাজেটৰ সমান।

অৱশ্যে যিসকল লোকৰ চুলি সৰিবলৈ আৰম্ভ কৰিছে তেওঁলোকৰ বাবে এটা ভাল খবৰ। এটা গৱেষণাৰ পৰা জানিব পৰা গৈছে যে তপা মানুহ অধিক বুদ্ধিমান, প্ৰভাৱশালী আৰু তেওঁলোকে বেছি দিন জীয়াই থাকে। আনকি গৱেষণাত কোৱা হৈছে যে তপা মানুহৰ নাৰীক আকৰ্ষণ কৰাৰ ক্ষমতা আনতকৈ বেছি।

বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত।

GTM Desk

Related