24.8 C
Assam
Saturday, April 1, 2023

Featured News

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল গীতাঞ্জলি দাসে

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল...

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ!

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ। নাৱত উঠি...

“দুঘণ্টাৰ যৌন সম্পৰ্কই সফলতা আনে!”- এই চাঞ্চল্যকৰ দাবী এগৰাকী খেলুৱৈৰ

বিভিন্ন খেলুৱৈয়ে প্ৰদৰ্শন বৃদ্ধিৰ বাবে বিভিন্ন পন্থা...

নিৰ্মাণ হ’ব সৌৰভ গাংগুলীৰ বায়’পিক, দাদাৰ চৰিত্ৰত কোনে কৰিব অভিনয়?

Assamese Newsনিৰ্মাণ হ’ব সৌৰভ গাংগুলীৰ বায়’পিক, দাদাৰ চৰিত্ৰত কোনে কৰিব অভিনয়?

যোৱা কেইমাহমানৰ পৰা ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীৰ ওপৰত এখন ছবি নিৰ্মাণৰ খবৰে ধাৰাবাহিকভাৱে শিৰোনাম দখল কৰি আছিল। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি শীঘ্ৰে গাংগুলীৰ বায়’পিক বনোৱাৰ সিদ্ধান্ত লোৱা হৈছে। মন কৰিবলগীয়া যে সৌৰভ গাংগুলীয়ে তেওঁৰ বায়’পিকৰ চিত্ৰনাট্য অনুমোদন জনাইছে আৰু এতিয়া এই ছবিখনৰ শ্বুটিং অতি সোনকালে আৰম্ভ হ’ব।

ছবিখনত সৌৰভ গাংগুলীৰ চৰিত্ৰত অভিনয় কৰিব অভিনেতা ৰণবীৰ কাপুৰে। তেওঁৰ বাহিৰে আন ক্ৰিকেটাৰৰ চৰিত্ৰ কোনে অভিনয় কৰিব সেই সন্দৰ্ভত কোনো তথ্য পোহৰলৈ অহা নাই। কোৱা হৈছে যে ছবিখনত এম এছ ধোনিৰ চৰিত্ৰটোও দেখা যাব।

ভাৰতীয় দলৰ অন্যতম সফল অধিনায়ক হিচাপে খ্যাতি অৰ্জন কৰিছিল সৌৰভ গাংগুলীয়ে। ভাৰতীয় দলটোক আগ্ৰাসী শৈলী দিয়াৰ কৃতিত্ব তেওঁৰ। দলৰ নৱ ক্ৰিকেটাৰসকলক তেওঁ সদায় এটা সুযোগ দিছিল।

উল্লেখ্য যে সৌৰভ গাংগুলীয়ে অধিনায়ক হিচাপে অতি সফল হোৱাৰ লগতে বেটছমেন হিচাপেও তেওঁ অতি সফল আছিল। সৌৰভ গাংগুলীয়ে নিজৰ কেৰিয়াৰত ১৮ হাজাৰৰো অধিক ৰান সংগ্ৰহ কৰে। তেওঁৰ নামত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৩৮টা শতক আৰু ১০৭টা অৰ্ধশতক অন্তৰ্ভুক্ত আছে। লগতে কেৰিয়াৰত ১৩২টা উইকেটো দখল কৰিছে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!