গণেশ ভগৱানৰ সোণৰ মূৰ্তি আৰু এগৰাকী বৃদ্ধাৰ কথা

1 min read

এগৰাকী বৃদ্ধাই সদায়ে-মাটিৰ গণেশক পূজা কৰিছিল।কিন্তু বৃদ্ধা গৰাকীয়ে বনোৱা মাটিৰ গণেশৰ মূৰ্তি সদায়ে গলি গৈছিল।বৃদ্ধা গৰাকীৰ ঘৰৰ ওচৰতে এজন ধনী ব্যক্তিয়ে ঘৰ বনাই আছিল। ( Religious Studies )

বৃদ্ধা গৰাকীয়ে সেই ধনী ব্যক্তিজনৰ ঘৰলৈ গৈ-ঘৰ বনাই থকা বনুৱাসকলক কলে-লৰাসকল-মই মাটিৰে বনোৱা গণেশল মূৰ্তি সদায়ে গলি যায়।সেইবাবে-মোৰ পূজাৰ বাবে-তোমালোকে পাথৰৰ এটা গণেশৰ মূৰ্তি বনাই দিবা।তোমালোকৰ বহু কৃপা হব।

বৃদ্ধাৰ কথা শুনি ঘৰ বনাই থকা বনুৱাসকলে কলে-মাই-যিমান সময় লৈ-তোমাৰ বাবে মূৰ্তি বনাম-সেই সময়কনত আমি মালিকৰ বেৰখন ঠিয় কৰি দিম।

বৃদ্ধা গৰাকীয়ে-বনুৱাসকলৰ তেনে কোৱাত দুখী মনেৰে নিজৰ ঘৰলৈ উভতি আহিল।বনুৱাসকলৰ বেৰখন সম্পূৰ্ণ কৰোঁতে কৰোঁতে আবেলি হলগৈ।কিন্তু বেৰখন বনোৱাৰ আগে বেঁকা হয় যায়। ( Religious Studies )

আবেলি সময়ত সেই ঘৰটোৰ মালিক আহি-বনুৱাসকলক সুধিলে যে-আজি একো কাম নহলে নি!তেতিয়া বনুৱাসকলে-মালিকক বৃদ্ধা গৰাকীৰ কথা কলে।তেতিয়া ঘৰৰ মালিকে-বৃদ্ধা গৰাকীৰ ওচৰলৈ গৈ কলেগৈ-মা,তুমি আমাৰ বেৰখন চিধা কৰি দিয়া,তেতিয়া মই তোমাক সোণৰ গণেশৰ মূৰ্তি গঢ়ি দিম।

ভগৱান গণেশে এই কথা শুনিয়েই মালিকৰ বেৰখন চিধা কৰি দিলে।ঘৰৰ মালিকে-বৃদ্ধা গৰাকীক পূজাৰ বাবে সোণৰ গণেশৰ মূৰ্তি গঢ়ি দিলে।ভগৱান গণেশক পায়-বৃদ্ধা গৰাকী বহুত সুখী হল।

You May Also Like

More From Author